কম বয়সতে আপোনাৰো চুলি পকিছে নেকি? চিকিৎসকৰ পৰা জানক ইয়াৰ কাৰণ…

Which Vitamin Deficiency cause white hair: বৰ্তমান সময়ত কম বয়সতে মানুহৰ চুলি পকিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বাবে কিছুমান মানুহে চুলিত ৰং লগায়। কিন্তু কম বয়সতে কিয় চুলি পকে? বিশেষজ্ঞসকলে কি কয় জানক...

কম বয়সতে আপোনাৰো চুলি পকিছে নেকি? চিকিৎসকৰ পৰা জানক ইয়াৰ কাৰণ...

কম বয়সতে চুলি পকাৰ কাৰণ

Updated On: 

29 Nov 2024 | 05:48 PM

বৰ্তমান সময়ত কম বয়সতে চুলি পকাৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। কেৱল ৩০ৰ পৰা ৩৫ বছৰ বয়সতে চুলি পকিবলৈ আৰম্ভ কৰে। যদি আপোনাৰও এই সমস্যা আছে, তেন্তে কম বয়সতে কিহৰ বাবে চুলি পকে আৰু কিহৰ অভাৱত এই সমস্যাই দেখা দিয়ে? ইয়াকে লৈ বিশেষজ্ঞৰ লগত হোৱা কথা-বাৰ্তাত কি ক’লে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক…

দিল্লীৰ আৰএমএল চিকিৎসালয়ৰ ডাৰ্মাটোলজী বিভাগৰ প্ৰাক্তন চিকিৎসক ডাঃ ভাবুক ধীৰে কয় যে, ভিটামিনৰ অভাৱ কম বয়সতে চুলি পকাৰ কাৰণ হ’ব পাৰে। যদি শৰীৰত ভিটামিন বি12, ভিটামিন ডি আৰু ভিটামিন বি9 ৰ অভাৱ হয় তেনেহ’লে ইয়ে চুলি পকাৰ আশংকা বৃদ্ধি কৰে। ২০১৯ চনত, মেডিকেল জাৰ্নেল দ্য লেঞ্চেটৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে,কম বয়সতে চুলি পকাৰ এক মুখ্য কাৰণ হ’ল ভিটামিনৰ অভাৱ । বহুলোকৰ ক্ষেত্ৰত, কেলচিয়ামৰ অভাৱৰ বাবে চুলি পকে।

দিল্লী চৰকাৰৰ আয়ুৰ্বেদৰ ড. আৰ পি পৰাশৰে ব্যাখ্যা কৰিছে যে যিসকল লোকে শৰীৰত অধিক পিত্ত গঠন হয় তেওঁলোকও চুলি কম বয়সতে পকে । ইয়াৰ উপৰিও, কম বয়সতে চুলি পকাৰ ক্ষেত্ৰত  দুৰ্বল আহাৰো এক ডাঙৰ কাৰণ।অত্যাধিক পিত্ত গঠনে চুলিৰ গুৰি ক্ষতিগ্ৰস্ত কৰে। যাৰ ফলত চুলি পকিব পাৰে। অত্যাধিক পিত্ত গঠনৰ ফলত কিছুমান লোকৰ শৰীৰত মেলানিনৰ অভাৱ হ’ব পাৰে। যি চুলিৰ ৰঙক প্ৰভাৱিত কৰে। যদি আপোনাৰ শৰীৰত অধিক পিত্ত থাকে, তেন্তে ত্ৰিভলা খাব আৰু প্ৰতিদিনে শীতলী প্ৰাণায়ামো কৰিব পাৰে।

ভিটামিনৰ অভাৱ কেনেদৰে দূৰ কৰিব পাৰি

ডায়েটিশিয়ান ডাঃ অঞ্জিল বাৰ্মাই ব্যাখ্যা কৰিছে যে, ভিটামিন বি12 আৰু বি9-ৰ অভাৱ পূৰণ কৰিবলৈ, আপুনি আপোনাৰ আহাৰত সেউজীয়া পাচলি আৰু ফল অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজনীয়। ইয়াৰ উপৰিও, কণী, চালমন মাছো খাব পাৰে। ভিটামিন ডি-ৰ অভাৱ পূৰণ কৰিবলৈ আপুনি গাখীৰ, দৈ, কণী খাব পাৰে। অৱশ্যে, আপুনি প্ৰথমে ভিটামিন বি12 আৰু ভিটামিন ডি পৰীক্ষা কৰাটো প্ৰয়োজনীয়। যদি এই ভিটামিনবোৰ কম হয়, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ অনুসৰি পৰিপূৰক গ্ৰহণ কৰিব পাৰে। ই সহজে ভিটামিনৰ অভাৱ পূৰণ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব