বয়সৰ তুলনাত আপোনাৰ সন্তানটি ওখ হোৱা নাই নেকি ? ইয়াৰ কাৰণ কি? চাওক | Can severe vitamin deficiency affect Childrens height? Read More in Assamese Assam news - Assam Tv9

বয়সৰ তুলনাত আপোনাৰ সন্তানটি ওখ হোৱা নাই নেকি ? কি ভিটামিনৰ অভাৱ হ’লে এই সমস্যা হয় ? চাওক

Published: 

06 Aug 2024 | 07:44 PM

বহু শিশু বয়সৰ তুলনাত চাপৰ হৈ থাকে । সেই লৈ চিন্তিত অভিভাৱকসকল। এই বিষয়টো একেবাৰে অৱহেলা কৰা উচিত নহয় । শিশুৰ উচ্চতা বৃদ্ধিৰ লগত জড়িত হৈ আছে পুষ্টি-ভিটামিন । শৰীৰত কিছুমান ভিটামিনৰ অভাৱে শিশু ওখ হোৱাৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰিব পাৰে ।

1 / 8বহু শিশু বয়সৰ তুলনাত চাপৰ হৈ থাকে । সেই লৈ চিন্তিত অভিভাৱকসকল। এই বিষয়টো একেবাৰে অৱহেলা কৰা উচিত নহয় ।

বহু শিশু বয়সৰ তুলনাত চাপৰ হৈ থাকে । সেই লৈ চিন্তিত অভিভাৱকসকল। এই বিষয়টো একেবাৰে অৱহেলা কৰা উচিত নহয় ।

2 / 8

শিশুৰ উচ্চতা বৃদ্ধিৰ লগত জড়িত হৈ আছে পুষ্টি-ভিটামিন । শৰীৰত কিছুমান ভিটামিনৰ অভাৱে শিশু ওখ হোৱাৰ ক্ষেত্ৰত সমস্যা সৃষ্টি কৰিব পাৰে ।

3 / 8

শিশুৰ স্বাস্থ্য আৰু শৰীৰ গঠনত ভিটামিন-চিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই কেৱল হাড় আৰু পেশী গঠনত সহায় কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, শিশুৰ উচ্চতা বৃদ্ধিতো সহায় কৰে।

4 / 8

শৰীৰৰ হাড় শক্তিশালী কৰিবলৈ ভিটামিন-ডি অতি প্ৰয়োজনীয়। এই ভিটামিনৰ অভাৱত হাড় দুৰ্বল হৈ পৰে। আৰু হাড়বোৰ দুৰ্বল হ’লে ল’ৰা-ছোৱালীৰ বৃদ্ধি স্তব্ধ হৈ পৰে। গতিকে শিশুৰ খাদ্যৰ তালিকাত ভিটামিন-ডি সমৃদ্ধ খাদ্য ৰাখক ।

5 / 8

ভিটামিন ডিৰ মূল উৎস হ’ল সূৰ্যৰ পোহৰ। গতিকে ল’ৰা-ছোৱালীক ৰ’দত উলিয়াই আনি খেলা-ধূলাত কৰিবলৈ দিয়াটো অতি প্ৰয়োজন । তেতিয়া শৰীৰটো ফিট হ’ব আৰু বৃদ্ধি ভাল হ’ব ।

6 / 8

হাড়ৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। গতিকে শিশুৰ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে উচ্চতাত প্ৰভাৱ পৰে। এই অভাৱ পূৰণ কৰিবলৈ কেলচিয়াম সমৃদ্ধ খাদ্য যেনে গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী শিশুৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে।

7 / 8

ভিটামিন বি ১২ য়ে, শৰীৰৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ই হজম শক্তি উন্নত কৰাত আৰু স্নায়ুতন্ত্ৰৰ সঠিক কাৰ্য্যক্ষমতা বজাই ৰখাত সহায় কৰে। গতিকে এই ভিটামিনৰ অভাৱ হ’লে শিশুৰ বৃদ্ধি নহয় ।

8 / 8

শিশুৰ শৰীৰত সকলো ভিটামিনৰ মাত্ৰা অতুত ৰাখিবলৈ সঠিক খাদ্যাভ্যাস জৰুৰী। গতিকে শিশুৰ দৈনন্দিন খাদ্য তালিকাত সেউজীয়া শাক-পাচলি, ফল-মূল, গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী কৰা খাদ্য আৰু মাছ, মাংস, কণীৰ যিকোনো এটা ৰাখিব লাগে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব