গৰ্ভাৱস্থাত খালী পেটত ফল খোৱা উচিত নে? বিশেষজ্ঞই কি কয় চাওঁ আহক….

গৰ্ভাৱস্থাত মহিলাসকলে সুষম আহাৰ গ্ৰহণ কৰিব লাগে। ফলমূল স্বাভাৱিকতেই দেহৰ বাবে অত্যন্ত উপকাৰী, গৰ্ভাৱস্থাত মহিলাসকলে সেয়ে ফলমূল খাব লাগে। ইয়াত থকা এন্টি-অক্সিডেন্ট আৰু ভিটামিনসমূহ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়। বহু মহিলাই গৰ্ভাৱস্থাত খালী পেটত ফলমূল খোৱা দেখা যায়। পিছে গৰ্ভাৱস্থাত খালী পেটত ফল খাব লাগে নে নালাগে, সেয়া জনা উচিত।

গৰ্ভাৱস্থাত খালী পেটত ফল খোৱা উচিত নে? বিশেষজ্ঞই কি কয় চাওঁ আহক....

গৰ্ভাৱস্থাত খালী পেটত ফল খোৱা উচিত নে?

Published: 

03 Feb 2025 | 11:57 AM

গৰ্ভাৱস্থাত এগৰাকী মহিলাৰ বিশেষ যত্ন লোৱাটো অত্যন্ত প্ৰয়োজনীয়। অন্যান্য দিশসমূহৰ লগতে গৰ্ভৱতী মহিলাসকলে সঠিক খাদ্যাভ্যাসো গ্ৰহণ কৰিব লাগে। এই সময়ছোৱাত মহিলাগৰাকীয়ে যদি নিজৰ ভালদৰে যত্ন নলয়, ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ মাতৃ আৰু শিশু উভয়ৰে স্বাস্থ্যৰ ওপৰত পৰে। গৰ্ভাৱস্থাত মহিলাসকলে সুষম আহাৰ গ্ৰহণ কৰিব লাগে। ফলমূল স্বাভাৱিকতেই দেহৰ বাবে অত্যন্ত উপকাৰী, গৰ্ভাৱস্থাত মহিলাসকলে সেয়ে ফলমূল খাব লাগে। ইয়াত থকা এন্টি-অক্সিডেন্ট আৰু ভিটামিনসমূহ স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়।

বহু মহিলাই গৰ্ভাৱস্থাত খালী পেটত ফলমূল খোৱা দেখা যায়। পিছে গৰ্ভাৱস্থাত খালী পেটত ফল খাব লাগে নে নালাগে, সেয়া জনা উচিত। চিকিৎসা বিশেষজ্ঞ ডাঃ পংকজ বাৰ্মাই কয় যে মহিলাসকলে নিশ্চিতভাৱে খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু ফল খোৱাৰ সঠিক পদ্ধতি জনাটো জৰুৰী। তেওঁ জানিবলৈ দিয়া মতে গৰ্ভাৱস্থাত খালী পেটত ফলমূল খোৱাৰ বাবে কোনো সমস্যা নহয়।

পুৱা খালী পেটত ফল-মূল খালে আমাৰ দেহে শক্তি লাভ কৰে। ফল-মূল সহজে হজমো হয়। ইয়াৰ উপৰিও ফল-মূলে দেহৰ বাবে প্ৰয়োজনীয় ফাইবাৰো যোগান ধৰে। ইয়াৰ সহায়ত কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ হয়। ফল-মূলে শৰীৰৰ পৰা অপকাৰী পদাৰ্থ নিষ্কাষণতো সহায় কৰে আৰু তেজত চেনিৰ ভাৰসাম্য বজাই ৰাখে। অৱশ্যে পুৱা খালী পেটত টেঙা ফল সেৱন কৰিব নালাগে।

ছাইট্ৰাছ ফ্ৰুটে পেটত থকা এচিড বৃদ্ধি কৰিব পাৰে, যাৰ ফলত মহিলাগৰাকীৰ শৰীৰৰ ক্ষতি হ’ব পাৰে। গৰ্ভাৱস্থাত কল, আপেল আৰু অমিতা দেহৰ বাবে অত্যন্ত উপকাৰী। এই ফলসমূহ সহজে হজম হয় আৰু মহিলাৰ শৰীৰত অত্যাৱশ্যকীয় পুষ্টি যোগান ধৰে। অৱশ্যে বিশেষজ্ঞৰ পৰা ভালদৰে পৰামৰ্শ গ্ৰহণ কৰাৰ পিছতহে খাদ্য তালিকাত ফল-মূল অন্তৰ্ভুক্ত কৰিব লাগে।

গৰ্ভাৱস্থাত ফল-মূল খোৱাটো অতি উপকাৰী যদিও সঠিক সময়ত আৰু সঠিক পদ্ধতি মানি চলাটও অত্যন্ত গুৰুত্বপূৰ্ণ। পুৱা খালী পেটত ফল খোৱাৰ আগতে পানী খাব লাগে। ইয়াৰ কিছু সময় পিছত ফলমূল খা্ব লাগে আৰু তাৰ কিছু সময়ৰ পিছত ব্ৰেকফাষ্ট কৰিব লাগে। ইয়াৰ ফলত শৰীৰে পৰ্যাপ্ত শক্তি লাভ কৰে আৰু লগতে উপযুক্ত পুষ্টিও লাভ কৰিব পাৰি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...