ব্ৰেকফাষ্টত ব্ৰেড খোৱাৰ অভ্যাস আছে নেকি ? ই কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে জানক…

প্ৰায়ে প্ৰশ্ন হয় যে, ব্ৰেড খালে কোষ্ঠকাঠিন্য হ’ব পাৰে নেকি? স্বাস্থ্যৰ বাবে কিমান বিপদজনক ব্ৰেড ? এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ জানক।

ব্ৰেকফাষ্টত ব্ৰেড খোৱাৰ অভ্যাস আছে নেকি ?  ই কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে জানক...

স্বাস্থ্যৰ বাবে ব্ৰেড উপকাৰী নে ?

Updated On: 

07 Jun 2025 | 01:04 AM

যদি আপুনি প্ৰতিদিনে ব্ৰেকফাষ্টত ব্ৰেড খায়, তেন্তে এই খবৰটো আপোনাৰ বাবে উপযোগী হ’ব পাৰে। এতিয়া বহু প্ৰকাৰৰ ব্ৰেড পোৱা যায়। বহুতে ব্ৰেড খায় ভাল নাপায়। কিন্তু প্ৰায়ে প্ৰশ্ন হয় যে, ব্ৰেড খালে কোষ্ঠকাঠিন্য হ’ব পাৰে নেকি? স্বাস্থ্যৰ বাবে কিমান বিপদজনক ব্ৰেড ? সাধাৰণতে ব্ৰেড খোৱাটো নিৰাপদ বুলি ধৰা হয়। কোৱা হয় যে, ব্ৰেড সহজে হজম হয়, যাৰ বাবে পেটৰ লগত জড়িত ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস পায় । প্ৰায়ে মানুহে বেমাৰত ৰুটিৰ সলনি ব্ৰেড খাবলৈ আৰম্ভ কৰিছে।

কোষ্ঠকাঠিন্যৰ কাৰণ হ’ব পাৰে

দিল্লীৰ ৰাজীৱ গান্ধী চিকিৎসালয়ৰ অতিৰিক্ত অধ্যাপক ডাঃ অজিত জৈনে কয় যে, ব্ৰেডত প্ৰায় আঁহ নাথাকে। যাৰ বাবে পাচনতন্ত্ৰ প্ৰভাৱিত হয়। আঁহে খাদ্য হজম কৰাত সহায় কৰে। যাৰ ফলত শৌচ কৰিবলৈ সহজ হয়। আঁহৰ অভাৱত শৌচ কৰাত অসুবিধা হ’ব পাৰে। নিয়মিতভাৱে ব্ৰেড খালে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ আঁহ নাপায়, যাৰ বাবে খাদ্য হজম কৰাত অসুবিধা হয় আৰু কোষ্ঠকাঠিন্য হ’ব পাৰে। নিয়মিতভাৱে ব্ৰেড খালে পাচনতন্ত্ৰ দুৰ্বল হৈ পৰিব পাৰে । ইয়াৰ উপৰিও ব্ৰেড খোৱাৰ বাবে পেট ফুলা, গেছ আৰু এচিডিটিৰ সমস্যাও হোৱা দেখা যায়।

ব্ৰেড কেন্সাৰৰ কাৰণ হ’ব পাৰেনে?

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ তথ্য অনুসৰি, ব্ৰেড খোৱা আৰু কৰ্কট ৰোগৰ ওপৰত বহু ধৰণৰ গৱেষণা কৰা হৈছে যদিও পেট বা আন কোনো কৰ্কট ৰোগৰ লগত ব্ৰেডৰ প্ৰত্যক্ষ সম্পৰ্ক থকা দেখা পোৱা নাই। অৱশ্যে ব্ৰেডে নিশ্চিতভাৱে কোষ্ঠকাঠিন্যৰ সমস্যা সৃষ্টি কৰিব পাৰে।

ব্ৰাউন ব্ৰেড খাব পাৰে নে নোৱাৰে?

বিশেষজ্ঞৰ মতে, যদি আপোনাৰ ব্ৰেকৰ ফাষ্টত ব্ৰেড খোৱাৰ অভ্যাস আছে তেন্তে ব্ৰেড বাছনি কৰাত সাৱধান হওক। বগা ব্ৰেডৰ সলনি ব্ৰাউন ব্ৰেড খাব পাৰে। ব্ৰাউন ব্ৰেড আটাৰে তৈয়াৰ কৰা হয় আৰু ইয়াত পৰ্যাপ্ত পৰিমাণৰ আঁহ থাকে। ব্ৰাউন ব্ৰেড খালে শৰীৰত পৰ্যাপ্ত পৰিমাণৰ আঁহ পোৱা যায় আৰু খাদ্য সহজে হজম হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...