ডায়েবেটিছ ৰোগীৰ বাবে আলু অপকাৰী নেকি ? এই ধাৰণা কিমান সঁচা ? জানক

আলু খোৱাৰ ফলত ডায়েবেটিছ ৰোগীৰ সমস্যা বৃদ্ধি পায় নেকি? এগৰাকী ডায়েবেটিছ ৰোগীয়ে কিমান পৰিমাণৰ আলু খাব লাগে আৰু কেনেকৈ খাব লাগে জানোঁ আহক ।

ডায়েবেটিছ ৰোগীৰ বাবে আলু অপকাৰী নেকি ? এই ধাৰণা কিমান সঁচা ? জানক

আলু

Published: 

09 Feb 2025 | 09:57 AM

ডায়েবেটিছ ৰোগীয়ে আলু খাব পাৰেনে ? প্ৰায়ে এই প্ৰশ্ন উত্থাপন হৈ আহিছে । কোৱা হয় যে, ডায়েবেটিছ ৰোগীৰ বাবে আলু একেবাৰে অপকাৰী । আলুয়ে চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে । প্ৰকৃততে এই কথা সঁচানে ? আলু খোৱাৰ ফলত ডায়েবেটিছ ৰোগীৰ সমস্যা বৃদ্ধি পায় নেকি? কিন্তু বিশেষজ্ঞৰ মতে সীমিত পৰিমাণৰ আলু খালে কোনো ধৰণৰ সমস্যা সৃষ্টি নহয় । অৱশ্যে অতিৰিক্ত আলু খালে ডায়েবেটিছ ৰোগীৰ সমস্যা বৃদ্ধি পাব পাৰে। এগৰাকী ডায়েবেটিছ ৰোগীয়ে কিমান পৰিমাণৰ আলু খাব লাগে আৰু কেনেকৈ খাব লাগে জানোঁ আহক ।

আলুয়ে চুগাৰ বৃদ্ধি কৰে নেকি?

দিল্লীৰ খাদ্য বিশেষজ্ঞ পৰমজীত কৌৰে কয় যে, আলুত কাৰ্বহাইড্ৰেটৰ পৰিমাণ বেছি, যাৰ বাবে ই সোনকালে হজম হৈ চুগাৰলৈ ৰূপান্তৰিত হয়। এই কাৰণেই ডায়েবেটিছ ৰোগীয়ে ইয়াক খোৱাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে । যদিও ইয়াৰ অৰ্থ এইটো নহয় যে, তেওঁলোকে ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰিব । যদি ইয়াক সঠিকভাৱে সেৱন কৰা হয় তেন্তে ইয়াৰ পৰা কোনো ক্ষতি নহয় ।

আলু কেতিয়া আৰু কেনেকৈ খাব লাগে ?

  1. এগৰাকী ডায়েবেটিছ ৰোগীয়ে কম পৰিমাণৰ আলু খাব লাগে । বেছিকৈ আলু খালে চুগাৰ বৃদ্ধি পাব পাৰে । গতিকে কেৱল আলুৰ তৰকাৰী খাব নালাগে। আন কোনো শাক-পাচলিৰ লগত আলু মিহলাই খালে কোনো ক্ষতি নহয়। সামান্য পৰিমাণৰ আলু খালে ৰোগীয়ে কোনো সমস্যাৰ সন্মুখীন নহয়।
  2. ভজা আলু বা ফ্ৰেঞ্চ ফ্ৰাই খোৱাৰ পৰা বিৰত থাকিব লাগে। কাৰণ ইয়াত অধিক তেল থাকে যাৰ বাবে চুগাৰ নিয়ন্ত্ৰণ কৰাত অসুবিধা হ’ব পাৰে। গতিকে আপুনি সিজোৱা বা পোৰা আলু খাব পাৰে ।
  3. আলুৰ বাকলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে। আলুৰ বাকলি আঁতৰোৱাৰ পিছত যদি আপুনি আলু খায়, তেন্তে শৰীৰৰ চুগাৰ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে। গতিকে বাকলিৰে সৈতে আলু খাব লাগে।
  4. দাইল, সেউজীয়া শাক-পাচলিৰ সৈতে আলু খালে চুগাৰ দ্ৰুতগতিত বৃদ্ধি নহয়।
  5. ডায়েবেটিছ ৰোগীয়ে সদায় দিনত আলু খাব লাগে। ৰাতি খোৱাৰ পৰা বিৰত থাকিব লাগে। আলু সোনকালে হজম হোৱা শাক, সেয়েহে ৰাতি সোনকালে হজম হয়, যাৰ বাবে চুগাৰৰ মাত্ৰা বৃদ্ধি হোৱাৰ আশংকা থাকে।

সাৱধান হ’ব

যদি আপোনাৰ চুগাৰ খুব বেছি হয় বা ডাক্তৰে আলু খোৱাত বাধা আৰোপ কৰিছে তেন্তে আলু খাব নালাগে। কাৰণ প্ৰতিজন মানুহৰ শৰীৰ বেলেগ বেলেগ। এনে পৰিস্থিতিত যদি আপোনাৰ চুগাৰৰ মাত্ৰা বৃদ্ধি পায় তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব