সাৱধান! কেঞ্চাৰৰ কাৰণ হ’ব পাৰে কে’কঃ খাদ্য সুৰক্ষা বিভাগৰ সতৰ্কবাণী

তথ্য অনুসৰি স্থানীয়ভাৱে তৈয়াৰী কেকত ব্যৱহাৰ কৰা উপাদানসমূহে সৃষ্টি কৰিব পাৰে কেঞ্চাৰৰ আশংকা। সেয়ে কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে। কে’কৰ নমুনা সংগ্ৰহ কৰি ক”কত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰিছে খাদ্য বিভাগে।

সাৱধান! কেঞ্চাৰৰ কাৰণ হ’ব পাৰে কে’কঃ খাদ্য সুৰক্ষা বিভাগৰ সতৰ্কবাণী

কে’কৰ ফলত হ’ব পাৰে কেঞ্চাৰ

Published: 

03 Oct 2024 20:18 PM

জন্মদিন বা কোনো অনুষ্ঠানত কে’ক কটাৰ পূৰ্বে হওক সাৱধান। এই কে’ক আপোনাৰ স্বাস্থ্যৰ বাবে হৈ উঠিব পাৰে ভয়াৱহ। এনে ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সুৰক্ষা বিভাগে জাৰি কৰিছে সতৰ্কবাণী। তথ্য অনুসৰি স্থানীয়ভাৱে তৈয়াৰী কেকত ব্যৱহাৰ কৰা উপাদানসমূহে সৃষ্টি কৰিব পাৰে কেঞ্চাৰৰ আশংকা। সেয়ে কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে এক সতৰ্কবাণী জাৰি কৰিছে। কে’কৰ নমুনা সংগ্ৰহ কৰি ক”কত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পৰীক্ষা কৰাৰ পাছত এই ব্যৱস্থা গ্ৰহণ কৰিছে খাদ্য বিভাগে। পৰীক্ষা কৰা কে’কৰ ১২টা নমুনাত কৰ্কট ৰোগ সৃষ্টিকাৰী পদাৰ্থ পোৱা গৈছে।

বিশেষকৈ ৰেড ভেলভেট আৰু ব্লেক ফৰেষ্ট কে’কত অতিৰিক্ত ৰঙৰ ব্যৱহাৰৰ বাবে ই মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰতিবেদনত কোৱা হৈছে। কেকৰ ১২টা নমুনাত এলুনা ৰেড, ছানচেট য়েল’, প’নুচিয়া ৪আৰ, কৰ্মায়’চিন পোৱা গৈছে। এই কৃত্ৰিম ৰংবোৰে স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এই কাৰণে ৰেড ভেলভেট আৰু ব্লেক ফৰেষ্ট কে’কৰ বাবে ৰঙৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।

কে’ক নিৰ্মাতাসকলক খাদ্য সুৰক্ষা বিভাগৰ নিৰ্দেশনা মানি চলিবলৈ সকীয়াই দিছে বিভাগে। ৰাজ্যখনৰ খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে স্থানীয় বেকাৰীসমূহক অত্যধিক পৰিমাণৰ কৃত্ৰিম ৰং থকা ক”ক বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। স্বাস্থ্য বিষয়াসকলে ২৩৫টা কে’কৰ নমুনাৰ ভিতৰত ২২৩টা খাবলৈ নিৰাপদ বুলি ধৰা পৰাৰ বিপৰীতে ১২টা নমুনাত কেঞ্চাৰ সৃষ্টিকাৰী উপাদান থকা দেখা গৈছে।

ৰাজ্যখনৰ খাদ্য সুৰক্ষা বিভাগে এক বিবৃতিত কয় যে কৃত্ৰিম ৰঙৰ অত্যধিক ব্যৱহাৰে কেৱল কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি কৰাই নহয়, মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰো ক্ষতি কৰিব পাৰে। খাদ্য সুৰক্ষা আয়ুক্ত শ্ৰীনিবাস কেই ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা মানদণ্ডতকৈ কে’কত অধিক ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু কৃত্ৰিম ৰং ব্যৱহাৰ যোগ নকৰিবলৈ বেকাৰীসমূহক সকীয়াই দিয়ে।

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি অধিকাংশ খাদ্যত যোগ কৰা ৰঙৰ পৰিমাণ প্ৰতি কিলোগ্ৰামত ১০০ মিলিগ্ৰাম হ’ব লাগে। এলুনা ৰেড, ছানচেট য়েল’ এফ চি এফ, প’নুচিয়া ৪আৰ, কৰ্মায়’চিন আৰু টাৰ্ট্ৰাজিন খাদ্যত সৰ্বোচ্চ পৰিমাণৰ ১০০ মিলিগ্ৰাম প্ৰতি কিলোগ্ৰামত যোগ কৰিব লাগে।

স্বাস্থ্য কৰ্তৃপক্ষই খাদ্য বিক্ৰেতাসকলক লগতে ‘কটন কেণ্ডি’ আৰু ‘গোভি মাঞ্চুৰিয়ান’ত ৰোডামাইন-বি মিহলি কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে ৭ বছৰলৈকে কাৰাবাস আৰু ১০ লাখ টকালৈকে জৰিমনা হ’ব পাৰে বুলিও খাদ্য সুৰক্ষা বিভাগে লগতে স্পষ্ট কৰি দিছে।

শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বাঢ়িলে কেনেকৈ জানিব ? ইয়াৰ ৬ টা লক্ষণ জানক
স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰতিদিনে কিমান পৰিমাণৰ নিমখ খাব লাগে? জানক...
নিতে গঢ়ি তোলক এনে অভ্যাস, টোপনিৰ অভাৱে আৰু জুৰুলা নকৰে আপোনাক
কল খাই বাকলি পেলাই দিয়ে নেকি? আজিৰ পৰা নকৰিব এনে ভুল!