Breast Cancer symptoms: বিষ, আকাৰৰ পৰিবৰ্তন! স্তনৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

বৰ্তমান মহিলাৰ মাজত স্তনৰ কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হৈছে। বিভিন্ন কাৰণত মহিলাসকলৰ স্তনৰ কৰ্কট ৰোগ হয়। সময়মতে ইয়াৰ চিনাক্ত কৰি চিকিৎসা কৰি আৰোগ্য হ'ব পাৰি। গতিকে ইয়াৰ লক্ষণসমূহ জনা দৰকাৰ।

Breast Cancer symptoms: বিষ, আকাৰৰ পৰিবৰ্তন! স্তনৰ কৰ্কট ৰোগ হলে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

স্তনৰ কৰ্কট ৰোগৰ লক্ষণ কি

Published: 

20 Aug 2025 17:51 PM

আজিকালি প্ৰায়ভাগ মহিলাই স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱা দেখা যায়। ভাৰতত প্ৰতিবছৰে লাখ লাখ মহিলা এই ৰোগত আক্ৰান্ত হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি ৮ম মহিলাই স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে। যেতিয়া স্তনৰ কোষবোৰৰ অস্বাভাৱিক পৰিবৰ্তন হয় তেতিয়া এই ৰোগ হয়। বহুতে ভাবে যে এই ৰোগ হ’লে স্তনত টেমুনা গঠন হয়। কিন্তু কেতিয়াবা ইয়াৰ অন্য লক্ষণো থাকিব পাৰে।

বিভিন্ন কাৰণত মহিলাৰ স্তনৰ কৰ্কট ৰোগ হয়। যেনে, জিনীয় কাৰক, হৰম’নৰ পৰিৱৰ্তন, জীৱনশৈলী বেয়া, মেদবহুলতা, মাতৃত্ব পলমকৈ হোৱা বা স্তনপান নকৰা আদি। এই ৰোগত স্তনৰ কোষবোৰ তীব্ৰগতিত বৃদ্ধি পাবলৈ ধৰে, তেতিয়া লাহে লাহে টিউমাৰ গঠন হয়। এনেকৈ কৰ্কট ৰোগ হয়।

যদি সময়মতে ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে স্তনৰ ওচৰৰ লিম্ফ ন’ডৰ জৰিয়তে শৰীৰৰ আন অংশলৈ কেন্সাৰ বিয়পিব পাৰে। ই যকৃত, হাওঁফাওঁ, হাড় আৰু মগজুতো প্ৰভাৱ পেলায়। এই ৰোগ প্ৰাৰম্ভিত পৰ্যায়ত চিনাক্ত কৰা প্ৰয়োজন।

কি কি লক্ষণে দেখা দিব পাৰে

টেমুনা গঠন হোৱাৰ উপৰিও স্তনৰ কৰ্কট ৰোগত বিভিন্ন লক্ষণে দেখা দিয়ে।  ছফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ছালনী চদ্ধাই কয় যে স্তনৰ কৰ্কট ৰোগ হ’লে সদায় টেমুনা গঠন নহয়। টেমুনা গঠন হোৱা সাধাৰণ লক্ষণ যদিও আন লক্ষণো দেখা দিব পাৰে। কিন্তু মহিলাসকলে প্ৰায়ে লক্ষণবোৰ আওকান কৰিব পাৰে। বহুতে ভাবে টেমুনা নাই যাতে কৰ্কট নহয়। কিন্তু কেতিয়াবা টেমুনা গঠন নহয়। কিছুমান লক্ষণ যেনে-

  • স্তনৰ ছাল সংকুচিত হোৱা বা গাঁত হোৱা,
  • নিপলৰ পৰা অস্বাভাৱিক স্ৰাৱ,
  • স্তনৰ আকাৰৰ পৰিবৰ্তন,
  • স্তনৰ চাৰিওফালে বিষ,
  • স্তন জলা পোৰা,
  •  নিপল ভিতৰলৈ সোমাই যোৱা,
  • কান্ধৰ বিষ আদি।

এই লক্ষণসমূহ টেমুনা নথকা অৱস্থাতো দেখা দিয়ে। যদি এনে লক্ষণ বাৰে বাৰে দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সময়মতে কেন্সাৰ চিনাক্ত হ’লে ইয়াৰ চিকিৎসা সহজ আৰু সফল হোৱাৰ সম্ভাৱনা অতি বেছি। গতিকে সজাগ হোৱা প্ৰয়োজন।

প্ৰতিকাৰৰ উপায়

  • নিয়মীয়াকৈ স্তনৰ আত্মপৰীক্ষা কৰক।
  • ৪০ বছৰ বয়সৰ পিছত মাজে মাজে মেম’গ্ৰাফী কৰাব লাগে।
  • স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰক।
  • ব্যায়াম কৰক।
  • মদ আৰু ধূমপান পৰিহাৰ কৰক।
  • বেছি হৰম’নযুক্ত ঔষধ নাখাব।
  • পৰিয়ালত কেন্সাৰৰ ইতিহাস থাকিলে মাজে মাজে পৰীক্ষা কৰিব।

 

অন্য খবৰ পঢ়কঃ নকৰিব আওকান! চুলি সৰাৰ সমস্যা হ’ব পাৰে এই ৪ টা ৰোগৰ সংকেত…

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...