কোনসকল লোকৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা বেছি? জানক চিকিৎসকৰ পৰা…

ব্ৰেইন ষ্ট্ৰোক এক গুৰুতৰ ৰোগ। এই ৰোগৰ লক্ষণ দেখা দিলেও বহুতে আওকান কৰা দেখা যায়। কিন্তু ইয়াক আওকান কৰা উচিত নহয়। কিছুমান লোকৰ মাজত এই ৰোগৰ আশংকা বেছি থাকে।

কোনসকল লোকৰ ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা বেছি? জানক চিকিৎসকৰ পৰা...

ব্ৰেইন ষ্ট্ৰোকৰ লক্ষণ

Published: 

29 Oct 2025 | 04:41 PM

মগজুলৈ তেজৰ যোগান বন্ধ হ’লে বা ৰক্তবাহী নলী ফাটি গ’লে ব্ৰেইন ষ্ট্ৰোক হয়। ই এক গুৰুতৰ ৰোগ। ইয়াৰ ফলত মগজুৰ কোষবোৰ মৰি যায় আৰু শৰীৰৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ নোহোৱা হৈ যায়। বিশ্ব স্বাস্থ্য্ সংস্থাৰ মতে, সমগ্ৰ বিশ্বত প্ৰতি বছৰে ১.৫ কোটি লোকৰ ষ্ট্ৰোক হয় আৰু ইয়াৰে প্ৰায় ৫০ লাখৰ মৃত্যু হয়।

কাৰণ

তেজ জমা হোৱা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাই কলেষ্টেৰল, বেয়া জীৱনশৈলী আদিৰ ফলত ষ্ট্ৰোক হ’ব পাৰে। ইয়াৰোপৰি ধূমপান, মেদবহুলতা, ডায়েবেটিছ আদিয়ে ষ্ট্ৰোকৰ আশংকা বৃদ্ধি কৰে।

লক্ষণ

ব্ৰেইন ষ্ট্ৰোক হ’লে ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ চিনাক্ত কৰা প্ৰয়োজন। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জি বি পন্ত চিকিৎসালয়ৰ স্নায়ুচাৰ্জাৰী বিভাগৰ প্ৰাক্তন এইচ অ’ ডি ডাঃ দলজিৎ সিঙে। তেওঁ উল্লেখ কৰা কিছুমান লক্ষণ-

  • হঠাতে হাত, ভৰি, মুখত অজ্ঞানতা বা দুৰ্বলতা।
  • কথা ক’বলৈ অসুবিধা।
  • দৃষ্টিশক্তি ম্লান হৈ পৰা।
  • মূৰ ঘূৰোৱা আদি।
  • কেতিয়াবা মূৰৰ বিষ হোৱা দেখা যায়, আদি।

কাৰ আশংকা বেছি

  • ব্লাড প্ৰেচাৰৰ সমস্যা থকা লোক।
  • ডায়েবেটিছৰ সমস্যা থকা।
  • কলেষ্টেৰলৰ সমস্যা থকা লোকসকলৰ মাজত আশংকা বেছি।
  •  ধূমপান, সুৰাপান কৰাসকলৰ আশংকা বেছি।
  • মানসিক চাপ অধিকসকলৰ,
  • পাৰিবাৰিক ইতিহাস থকাসকলৰ।
  • ৪০ বছৰৰ ওপৰৰ লোক আদি।

কেতিয়া বিপদজনক হৈ পৰে

চিকিৎসকে কয় যে, যেতিয়া মগজুৰ কোনো অংশত তেজৰ প্ৰবাহ সম্পূৰ্ণ বন্ধ হৈ যায় বা অত্যধিক ৰক্তক্ষৰণ হলে ই বিপদজনক হৈ পৰে। এনে পৰিস্থিতিত কেইটামান মিনিটৰ ভিতৰতে মগজুৰ কোষবোৰ মৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কোমাত যায়, ইয়াৰোপৰি কথা কোৱাত সমস্যা, স্মৃতিশক্তি হেৰুৱা আনকি মৃত্যু হ’ব পাৰে।

ৰোগীৰ ৩ ৰ পৰা ঘন্টাৰ ভিতৰত চিকিৎসাৰ ব্যৱস্থা নকৰিলে মৃত্যুৰ আশংকা বৃদ্ধি পায়। মগজুত ৰক্তক্ষৰণ হোৱাতো অতি বিপদজনক। কেতিয়াবা বাৰে বাৰে ষ্ট্ৰোক হয়। গতিকে লক্ষণবোৰ আওকান কৰিব নালাগে।

পৰিত্ৰাণৰ উপায়

  • ৰক্তচাপ আৰু চুগাৰৰ মাত্ৰা পৰীক্ষা কৰক।
  • ধূমপান ত্যাগ কৰক।
  • সুৰাপান ত্যাগ কৰক।
  • সুষম খাদ্য গ্ৰহণ কৰক।
  • ব্যায়াম কৰক।
  • মানসিক চাপ কম কৰক।
  • অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ বহুত পিয়াহ লাগি থাকে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...