কম বয়সৰ লোকৰ মাজত ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা কিয় বৃদ্ধি পাইছে ? ৪ টা কাৰণ

দৈনন্দিন জীৱনৰ কিছুমান ভুলৰ বাবে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কি কি কাৰণত যুৱক-যুৱতীসকলৰ মাজত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাইছে জানোঁ আহক।

কম বয়সৰ লোকৰ মাজত ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা কিয় বৃদ্ধি পাইছে ? ৪ টা কাৰণ
Updated On: 

01 Dec 2025 | 05:11 PM

বৰ্তমান সময়ত কম বয়সৰ যুৱক-যুৱতীসকলৰ মাজত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাবলৈ ধৰিছে। এই সম্ভাৱনা বৃদ্ধি পোৱা অনেক কাৰণ আছে। দৈনন্দিন জীৱনৰ কিছুমান ভুলৰ বাবে ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। যদি আপুনিও এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেন্তে এনে সমস্যা সন্মুখীন হ’ব পাৰে। কি কি কাৰণত যুৱক-যুৱতীসকলৰ মাজত ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাইছে জানোঁ আহক।

ষ্ট্ৰোকৰ কাৰণবোৰ কি কি?

ষ্ট্ৰোকৰ অন্যতম প্ৰধান কাৰণ হৈছে উচ্চ ৰক্তচাপ। যুৱক-যুৱতীসকলৰ ফাষ্ট ফুড, প্ৰচেছড ফুড (যিবোৰত অধিক নিমখ থাকে) খোৱাৰ প্ৰৱণতা বেছি। অত্যধিক মানসিক চাপৰ ফলতো উচ্চ ৰক্তচাপ হ’ব পাৰে। উচ্চ ৰক্তচাপৰ ফলত তেজৰ সোঁতত বাধাৰ সৃষ্টি হয়। ফলত তেজ জমা হ’ব পাৰে, যাৰ ফলত ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।

শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আৰু চেনিযুক্ত খাদ্য আৰু জাংক ফুডৰ অত্যধিক সেৱনে মেদবহুলতাৰ সৃষ্টি কৰে। মেদবহুলতাৰ ফলত উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত ষ্ট্ৰোক হ’ব পাৰে।

যুৱক-যুৱতীকসকলৰ মাজত মদ্যপানৰ আসক্তিও বৃদ্ধি পাইছে। দৈনিক মদ্যপান কৰাৰ ফলত কেৱল চৰ্বিযুক্ত যকৃতৰ ৰোগ হ’ব বুলি ভবাটো ভুল। অত্যধিক মদ্যপানৰ ফলত মগজুৰ ৰক্তবাহী নলীবোৰ ফালি যাব পাৰে। ফলত মগজুৰ ভিতৰত ৰক্তক্ষৰণৰ বাবে ব্ৰেইন ষ্ট্ৰোকৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পায়।

হৃদৰোগৰ ফলতো ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। একাংশ যুৱক-যুৱতীৰ জন্মগতভাৱে হৃদযন্ত্ৰৰ সমস্যা থাকে। যদি এনে সমস্যা আছে সময়ে সময়ে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

লগতে পঢ়ক : শীতকালত ফিটনেছ বজাই ৰাখিবলৈ খাদ্যাভ্যাস কেনেকুৱা হ’ব লাগে ?

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...