মাল্টিভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ খাওক এই তিনি বিধ চূপ, জানক

ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কিছুমান লোকে মাল্টিভিটামিন পৰিপূৰক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু মাল্টিভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি খাদ্যত কিছু চূপ অন্তৰ্ভুক্ত কৰিব পাৰে।

মাল্টিভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ খাওক এই তিনি বিধ চূপ, জানক

চূপ

Published: 

22 Jan 2025 | 05:03 PM

শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ পুষ্টিকৰ খাদ্য খোৱাটো অতি প্ৰয়োজন । কিয়নো এই সময়ছোৱাত বিভিন্ন ৰোগে শৰীৰত দেখা দিয়ে । এই সময়ছোৱাত বতৰ অত্য়াধিক ঠাণ্ডা হয় । যাৰ বাবে চৰ্দি, কাহ, ভাইৰেল জ্বৰ আদি বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক থাকে । ভিটামিনৰ অভাৱৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে। গতিকে শৰীৰত ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ পুষ্টিকৰ খাদ্য় খোৱাটো অতি প্ৰয়োজন ।

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে, ভিটামিনৰ অভাৱ দূৰ কৰিবলৈ কিছুমান লোকে মাল্টিভিটামিন পৰিপূৰক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু মাল্টিভিটামিনৰ অভাৱ পূৰণ কৰিবলৈ আপুনি খাদ্যত কিছু চূপ অন্তৰ্ভুক্ত কৰিব পাৰে। এই প্ৰতিবেদনৰ জৰিয়তে জানত কি কি চুপ খালে আপুনি মাল্টিভিটামিনৰ অভাৱ পূৰণ কৰিব পাৰিব ।

গোম-ধান আৰু পালেং শাকৰ চূপ

গোম-ধান আৰু পালেং শাকৰ চূপত ভিটামিন এ, চি আৰু কে প্ৰচুৰ পৰিমাণে পোৱা যায়। এই ভিটামিনে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ কাম কৰে। গোম-ধানত আঁহ আৰু ভিটামিন বি কমপ্লেক্স পোৱা যায়, এইবোৰে হজম শক্তি উন্নত কৰাত সহায় কৰে। একে সময়তে পালেং শাকত পটাছিয়াম আৰু মেগনেছিয়াম থাকে – যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

বিট আৰু গাজৰ চূপ

বিটত আইৰণ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ বাবে শৰীৰত তেজৰ অভাৱ নহয়। একে সময়তে গাজৰত ভিটামিন এ থাকে, যিটো ছাল আৰু চকুৰ বাবে উপকাৰী। বিট আৰু গাজৰ জোল খালেও ৰক্ত সঞ্চালন বৃদ্ধি পায়। ইয়াৰ ফলত ভিটামিনৰ অভাৱ নহয়।

মগু দাইলৰ চূপ

মগু দাইলত প্ৰটিন আৰু আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। ই পেশী শক্তিশালী কৰাৰ কাম কৰে। ইয়াৰ উপৰিও ই ভিটামিন বি ৯ ৰ অভাৱ দূৰ কৰে। মগু দাইলতো আঁহ পোৱা যায়। ই হজম শক্তি আৰু কোষ্ঠকাঠিন্যৰ লগত জড়িত সমস্যা দূৰ কৰে। ইয়াত কেলৰিৰ পৰিমাণ কম। ই ওজন হ্ৰাস কৰাতো সহায় কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...