সঘনাই কঁকাল, আঁঠু, পিঠিৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। তাৰ ভিতৰত হাড়ৰ দুৰ্বলতা অন্যতম। যেতিয়া আপোনাৰ শৰীৰত হাড়ৰ ঘনত্ব কমি যায় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

সঘনাই কঁকাল, আঁঠু, পিঠিৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

হাড়ৰ শক্তি

Published: 

06 Jul 2025 | 08:28 PM

বোন ডেনচিটি অৰ্থাৎ হাড়ৰ শক্তি, ই আপোনাৰ হাড়ত কিমান কেলচিয়াম আৰু অন্যান্য খনিজ পদাৰ্থ থাকে সেই কথা জনায়। শৰীৰত এই পুষ্টিকৰ উপাদানসমূহৰ অভাৱ হ’লে হাড়বোৰ দুৰ্বল আৰু খালী হ’বলৈ আৰম্ভ কৰে, যাক চিকিৎসা ভাষাত “অষ্টিঅ’পেনিয়া” বা “অষ্টিঅ’পৰ’ছিছ” বুলি কোৱা হয়। হাড়ৰ এই দুৰ্বলতা ক্ৰমান্বয়ে বাঢ়ি যায় আৰু ব্যক্তিজনেও গম নাপায় যে তেওঁৰ হাড়বোৰ দুৰ্বল হৈ আহিছে। যদি সময়মতে চিকিৎসা কৰা নহয়, তেন্তে সামান্য আঘাত পালেও হাড় ভাঙি যোৱাৰ সম্ভাৱনা থাকে। বিশেষকৈ মহিলাসকলৰ ৰজোনিবৃত্তিৰ পিছত ইয়াৰ প্ৰৱণতা বেছি।

কাৰণ

বিভিন্ন কাৰণত হাড়ৰ ঘনত্ব কমিব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণসমূহ হ’ল কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ।হাড় শক্তিশালী কৰি ৰখাৰ বাবে এই দুয়োটা পুষ্টিকৰ উপাদান অতি গুৰুত্বপূৰ্ণ। ইয়াৰোপৰি আন কাৰণসমূহ হ’ল-

  • বয়স বৃদ্ধি,
  • হৰম’নৰ ভাৰসাম্যহীনতা, বিশেষকৈ মহিলাৰ ইষ্ট্ৰজেনৰ অভাৱ,
  • শাৰীৰিক কাৰ্যকলাপৰ অভাৱ,
  • ৰ’দত কম সময় কটোৱা,
  • থাইৰয়ডৰ ভাৰসাম্যহীনতা,
  • বৃক্কৰ সমস্যা
  • দীৰ্ঘদিন ধৰি ষ্টেৰইড ব্যৱহাৰ কৰিলেও হাড়ৰ শক্তিত প্ৰভাৱ পৰে।
  • ধূমপান, অত্যধিক মদ সেৱন
  • ফাষ্ট ফুড খোৱা
  • কিশোৰ অৱস্থাত যদি পৰ্যাপ্ত হাড়ৰ ভৰ গঠন নহয়, তেন্তে ভৱিষ্যতে হাড়ৰ ঘনত্ব দ্ৰুতগতিত হ্ৰাস পাব পাৰে। এই অৱস্থা কেৱল বয়সৰ লগত জড়িত নহয়, জীৱনশৈলীৰ অভ্যাসৰ লগতো জড়িত।

লক্ষণ

গ্ৰেটাৰ নয়দাৰ কৈলাশ হাস্পতালৰ অস্থি বিভাগৰ ডাঃ সংকল্প জয়ছৱালে এই ৰোগৰ কিছুমান লক্ষণৰ বিষয়ে জনাইছে। তেওঁ কয় যে, যেতিয়া বোন ডেনচিটি ক’ম হ’বলৈ আৰম্ভ কৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু এই লক্ষণবোৰ ইমানেই সাধাৰণ যে ইয়াক আওকান কৰা যায়। ইয়াৰ কিছুমান সাধাৰণ লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • কঁকালৰ অহৰহ বিষ,
  • পিঠিৰ বিষ
  • আঁঠুত সঘনাই বা অহৰহ বিষ হোৱা
  • বহি বা বেঁকা হৈ থকা অৱস্থাত অস্বস্তি অনুভৱ কৰা,
  • হঠাতে উচ্চতা কমি যোৱা
  • বেঁকাকৈ খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলা
  • সামান্য আঘাত পালে হাড় ভাঙি যোৱা, বিশেষকৈ নিতম্ব, হাতৰ কব্জি বা মেৰুদণ্ডত।
  • স্বাভাৱিক কাম কৰা অৱস্থাত ভাগৰুৱা অনুভৱ,
  • শৰীৰত সামান্য চাপত বিষ অনুভৱ কৰা,
  • হাত-ভৰি দুৰ্বলতা বা কঁপনি,
  • খোজ কঢ়াৰ সময়ত ভাৰসাম্য ৰক্ষা কৰাত অসুবিধা আদি।

পৰিত্ৰাণ

  • কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খাওক।
  • প্ৰতিদিনে কমেও ২০-৩০ মিনিট ৰ’দত বহি থাকিব যাতে শৰীৰত ভিটামিন ডি উৎপন্ন হয়।
  • নিয়মিতভাৱে ব্যায়াম কৰক।
  • মদ আৰু ধূমপানৰ পৰা আঁতৰি থাকক।
  • শৰীৰৰ ওজন নিয়ন্ত্ৰণত ৰাখক।
  • মাজে মাজে হাড় পৰীক্ষা কৰাব লাগে।
  • চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেলচিয়াম আৰু ভিটামিন ডিৰ পৰিপূৰক গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ কেতিয়াও নকৰিব এই ভুল! বৃদ্ধি হ’ব পাৰে ইউৰিক এচিড, জানক কি ক’লে বিশেষজ্ঞই…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...