শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…

Body Smell Cause: বহু সময়ত মানুহৰ শৰীৰৰ পৰা বেয়া গোন্ধ ওলায়। কেতিয়াবা দুৰ্গন্ধ ওলোৱা সাধাৰণ কথা। কিন্তু যদি দীৰ্ঘদিন এই সমস্যা হৈ থাকে তেন্তে ইয়াক সাধাৰণভাৱে লোৱা ঠিক নহয়। ই কিছুমান ৰোগৰ লক্ষণ হ'ব পাৰে।

শৰীৰৰ পৰা দুৰ্গন্ধ ওলাই নেকি? হব পাৰে এইসমূহ ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা...

শৰীৰৰ দুৰ্গন্ধ

Published: 

05 Oct 2025 | 11:00 PM

গৰমৰ দিনত শৰীৰৰ পৰা দুৰ্গন্ধ ওলোৱা সাধাৰণ কথা। যেতিয়া ঘামৰ লগত ছালত থকা বেক্টেৰিয়াৰ সংমিশ্ৰণ ঘটে তেতিয়া এনে দুৰ্গন্ধৰ সৃষ্টি হয়। কিন্তু সকলো সময়তে ই সাধাৰণ নহ’ব পাৰে। ইয়াৰ আঁৰত ডাঙৰ কাৰণ থাকিব পাৰে। যদি ছালত ফোহা, খজুৱতি বা ৰঙা পৰা আদিৰ লগতে দুৰ্গন্ধ (ফল, প্ৰস্ৰাৱ, মাছৰ দৰে) ওলাই তেন্তে এই ক্ষেত্ৰত চিকিৎসকৰ সহায় ল’ব লাগে।

ঘামৰ লগতে শৰীৰৰ পৰা দুৰ্গন্ধ ওলোৱা কিছুমান ৰোগৰ লক্ষণ হ’ব পাৰে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

ডায়েবেটিছ (মিঠা গোন্ধ): যেতিয়া ডায়েবেটিছ ৰোগীৰ চুগাৰৰ মাত্ৰ বেছি হয় আৰু ইনচুলিনৰ অভাৱ হয় তেতিয়া শৰীৰত কিট’এচিড’ছিছ (Diabetic Ketoacidosis – DKA) অৱস্থাৰ সৃষ্টি হয়। এনে সময়ত শৰীৰৰ পৰা মিঠা বা ফলৰ দৰে গোন্ধ ওলাব পাৰে। সময়মতে চিকিৎসা নকৰিলে কোমা বা মৃত্যুৰ ই কাৰণ হ’ব পাৰে। যদি এনে গোন্ধ ওলাই তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

বৃক্কৰ ৰোগঃ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰা বৃক্কৰ মূল কাম। যদি বৃক্কই ভালদৰে কাম কৰিব নোৱাৰে তেন্তে শৰীৰত বিষাক্ত পদাৰ্থ জমা হ’বলৈ ধৰে। বৃক্ক বিকল হ’লে শৰীৰৰ পৰা ইউৰিয়া বা প্ৰস্ৰাৱৰ দৰে গোন্ধ ওলাব পাৰে।

যকৃতঃ যকৃত আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। যেতিয়া ইয়াৰ সমস্যা হয় তেতিয়া শৰীৰৰ পৰা প্ৰায়ে কেঁচা মাংস বা মাছৰ দৰে গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যাক “ফেটৰ হেপাটিকাছ” বুলি কোৱা হয়। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।

থাইৰয়ডৰ সমস্যাঃ থাইৰয়ড হৰম’নে আমাৰ শৰীৰৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। যেতিয়া ইয়াৰ ভাৰসাম্যত সমস্যা হয় তেতিয়া শৰীৰৰ পৰা ঘাম ওলাব পাৰে আৰু ছাল শুকান হৈ পৰে। ইপাৰথাইৰয়ডিজমত শৰীৰ অত্যন্ত গৰম আৰু ঘামি থাকে, যাৰ ফলত অধিক বেয়া গোন্ধ ওলাব পাৰে। আনহাতে হাইপোথাইৰয়ডিজমত ছাল শুকান হোৱাৰ বাবে ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়, যাৰ ফলত বেয়া গোন্ধ ওলায়।

ভেঁকুৰ বা বেক্টেৰিয়াঃ বাৰিষা, গ্ৰীষ্মকালত ভেঁকুৰৰ সংক্ৰমণ হোৱা দেখা যায়। Corynebacteria নামৰ বেক্টেৰিয়াই বাহুৰ তলৰ অংশ আৰু ভৰিৰ তেজত তিতা গোন্ধ উলিয়ায়। টিনিয়া কৰ্পৰিছৰ দৰে ভেঁকুৰৰ সংক্ৰমণেও দুৰ্গন্ধ আৰু ঘাম বাঢ়ি যায়।

পাচনতন্ত্ৰত সমস্যাঃ বহু সময়ত শৰীৰে বিষাক্ত পদাৰ্থ বাহিৰ কৰিব নোৱাৰে, যাৰ বাবে ই ছাল বা উশাহৰ মাজেৰে ওলাই আহি দুৰ্গন্ধ উৎপন্ন কৰে। পাচনতন্ত্ৰত সমস্যা হোৱাৰ ক্ষেত্ৰত এনে গোন্ধ কেতিয়াবা ওলাব পাৰে।

যদি দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।

 

অন্য খবৰ পঢ়কঃ নিশা বাৰে বাৰে মুখ শুকাই যায় নেকি? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...