Blood Sugar Symptoms: ব্লাড চুগাৰ বৃদ্ধি পালে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

Bloog Sugar Symptoms: আজিকালি ব্লাড চুগাৰ বৃদ্ধি হোৱা এক ডাঙৰ সমস্যা। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াক আওকাণ কৰিব নালাগে। পুৱাৰ সময়তো দেখা দিয়ে কিছুমান বিশেষ লক্ষণ।

Blood Sugar Symptoms: ব্লাড চুগাৰ বৃদ্ধি পালে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

ব্লাড চুগাৰ

Published: 

28 Nov 2025 | 06:24 AM

বেয়া জীৱনশৈলী, খাদ্যভাসৰ পৰিৱৰ্তন আদিৰ বাব মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। আজিৰ সময়ত ব্লাড চুগাৰ বৃদ্ধিও এক ডাঙৰ সমস্যা। এই সমস্যাই লাহে লাহে ডায়েবেটিছৰ ৰূপ লয়। যি ৰোগ এবাৰ হ’লে আৰু নকমে। ইয়াৰ ফলত বৃক্ক পৰ্যন্ত ক্ষতি হ’ব পাৰে। ই শৰীৰটোত লাহে লাহে ভিতৰৰ পৰা দুৰ্বল কৰি তোলে। চকু, পেশী, হৃদযন্ত্ৰ আদি সকলোকে ইয়াৰ প্ৰভাৱ পৰে। গতিকে ব্লাড চুগাৰ নিয়ন্ত্ৰণত ৰখা প্ৰয়োজন।

শৰীৰত চুগাৰৰ পৰিমাণ বৃদ্ধি পালে পুৱাৰ ভাগত কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে জ্যেষ্ঠ চিকিৎসক অশ্বিনী জোহৰীয়ে। তেওঁ কয় যে, ব্লাড চুগাৰ বৃদ্ধি পালে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। গতিকে এইবোৰ আওকাণ কৰিব নালাগে। বিশেষকৈ এনে অৱস্থাত পুৱাৰ সময়ত কিছুমান লক্ষণে দেখা দিয়ে।

পুৱাৰ লক্ষণ

  • পুৱা সাৰ পোৱাৰ পাছতে পিয়াহ লাগিব পাৰে আৰু মুখ শুকাই যাব পাৰে। কেতিয়াবা এয়া সাধাৰণ কথা। দীৰ্ঘদিন এনে হ’লে চিন্তাৰ কাৰণ। শৰীৰে যেতিয়া চুগাৰ ফিল্টাৰ কৰিব নোৱাৰে তেতিয়া এনে হয়।
  • পুৱা সাৰ পোৱাৰ পাছতে যদি ধোঁৱা ধোঁৱা দেখে লগতে চকু ফুলা অনুভৱ কৰে তেন্তে এয়া ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। হাই গ্লুকজ লেভেলে চকুৰ ৰেটিনাক প্ৰভাৱিত কৰাৰ বাবে এনে হয়।
  • পুৱা শুই উঠাৰ পাছতে অত্যন্ত ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰিব পাৰে।
  • পুৱা শুই উঠাৰ পাছত যদি বাৰে বাৰে প্ৰস্ৰাৱ আহে তেন্তে এয়া ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।
  • যদি মুড পৰিৱৰ্তন হৈ থাকে এয়া চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত খিংখিঙীয়া, মন বেয়া লগা আদি সমস্যা হ’ব পাৰে।
  • ইয়াৰোপৰি ভোক কম লগা, হঠাতে ওজন কম হোৱা আদিও লক্ষণ হ’ব পাৰে।

পৰিত্ৰাণৰ উপায়

  • নিয়মিত ব্যায়াম কৰক।
  • মিঠা আৰু প্ৰচেচড খাদ্য কমকৈ খাব।
  • পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক।
  • মানসিক চাপ নিয়ন্ত্ৰণত ৰাখক।
  • কিবা লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ লিভাৰ চিৰচি’ছ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...