মুখ শুকাই যোৱা, পিয়াহ লগা…পুৱাৰ সময়ত দেখা দিয়া এই লক্ষণ হ’ব পাৰে ডাঙৰ সমস্যাৰ ইংগিত, জানক…

Blood Sugar Symptoms: আজিকালি বহুতে বিভিন্ন শাৰীৰিক সমস্যাত ভোগা দেখা যায়। যেতিয়া মানুহৰ ৰোগ হয় তেতিয়া শৰীৰত লক্ষণে দেখা দিয়ে। গতিকে সেই লক্ষণসমূহ আওকান কৰিব নালাগে।

মুখ শুকাই যোৱা, পিয়াহ লগা...পুৱাৰ সময়ত দেখা দিয়া এই লক্ষণ হব পাৰে ডাঙৰ সমস্যাৰ ইংগিত, জানক...

ব্লাড চুগাৰ বৃদ্ধি

Updated On: 

12 Oct 2025 | 08:15 PM

বেয়া জীৱনশৈলী আৰু খাদ্যভাসে মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়।  ব্লাড চুগাৰ বৃদ্ধি হোৱাও এক ডাঙৰ সমস্যা। কিয়নো ইয়াৰ বাবে ডায়েবেটিছ হ’ব পাৰে। ডায়েবেটিছ এনে এক ৰোগ, যিয়ে মানুহক ভিতৰৰ পৰা লাহে লাহে দুৰ্বল কৰি তোলে। যদি সময়মতে চিনাক্ত কৰিব নোৱাৰে, তাৰ ফলত হৃদ, বৃক্ক, চকু আৰু পেশীৰ লগত জড়িত বিভিন্ন সমস্যা হ’ব পাৰে।

চুগাৰ হ’লে মানুহৰ শৰীৰত পুৱা কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত বিশেষজ্ঞই কয় যে, দিনটো ভাগৰুৱা অনুভৱ, মুডৰ পৰিৱৰ্তন, বাৰে বাৰে প্ৰস্ৰাৱ অহা সাধাৰণ বুলি ধৰা হয়। কিন্তু ই ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এইবোৰ আওকান কৰিব নালাগে। কিছুমান দিশৰ ওপৰত গুৰুত্ব দি ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰি।

পুৱাৰ লক্ষণ

তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পালে কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে জ্যেষ্ঠ চিকিৎসক অশ্বিনী জোহৰীয়ে।

মুখ শুকোৱা আৰু পিয়াহঃ পুৱা সাৰ পোৱাৰ পাছত পিয়াহ লগা আৰু মুখ শুকাই যোৱা ব্লাড চুগাৰ বৃদ্ধিৰ সংকেত হ’ব পাৰে। শৰীৰে চুগাৰ ফিল্টাৰ কৰিব নোৱাৰিলে এনে হয়।

ধোঁৱা-ধোঁৱা দেখাঃ যদি পুৱা সাৰ পোৱাৰ পাছতে ধোঁৱা ধোঁৱা দেখা আৰু চকু ফুলা যেন অনুভৱ হোৱা ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। হাই গ্লুকোজ লেভেল ৰেটিনাক প্ৰভাৱিত কৰে, যাৰ বাবে এনে হয়।

দুৰ্বল আৰু ভাগৰুৱাঃ বহুতে দুৰ্বল আৰু ভাগৰ অনুভৱ সাধাৰণ বুলি আওকান কৰে। কিন্তু দীৰ্ঘদিন ধৰি যদি পুৱা উঠি দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰে তেন্তে এয়া ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে।

বাৰে বাৰে প্ৰস্ৰাৱঃ পুৱা উঠি যদি বাৰে বাৰে প্ৰস্ৰাৱ আহে তেন্তে ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। পুৱা বাৰে বাৰে প্ৰস্ৰাৱ লগাটো সাধাৰণভাৱে লব নালাগে।

মুড পৰিৱৰ্তনঃমুডৰ পৰিৱৰ্তন ব্লাড চুগাৰ বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত সৰু কথাতে খং, মন বেয়া লগা আদি হৈ থাকিব পাৰে।

দীৰ্ঘদিন ধৰি এই লক্ষণসমূহ দেখা দি থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ ডায়েবেটিছৰ পৰা বৃক্কলৈ, প্ৰস্ৰাৱে দিয়ে এইসমূহ ৰোগৰ সংকেত! জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...