বহুত পিয়াহ লাগি থাকে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যা হয়। ইয়াৰ ভিতৰত শৰীৰত ব্লাড চুগাৰ বৃদ্ধি হোৱা দেখা যায়। যেতিয়া চুগাৰৰ পৰিমাণ বৃদ্ধি পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

বহুত পিয়াহ লাগি থাকে নেকি? হব পাৰে এই ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা...

ব্লাড চুগাৰ

Updated On: 

28 Oct 2025 12:55 PM

বতৰ পৰিৱৰ্তন হৈছে। শীতৰ দিন কাষ চাপি আহিছে। কিন্তু শীতৰ লগে আহে কিছুমান ৰোগো। শীতকালত বিভিন্ন ৰোগ হোৱা দেখা যায়। ইমানেই নহয়, শীতকালত ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। চিকিৎসকৰ মতে, উষ্ণতা হ্ৰাস পোৱাৰ ফলত শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ হাৰ লেহেমীয়া হয়। এই সময়চোৱাত মানুহে ব্যায়াম নকৰে। যাৰ বাবে তেজত গ্লুকজৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা থাকে।

যত্ন লোৱা প্ৰয়োজন

এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজিৎ সিঙে। তেওঁ কয়, শীতকালত ব্লাড চুগাৰ বৃদ্ধি হোৱাৰ আশংকা অধিক। এই সময়চোৱাত বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে বিশেষ গুৰুত্ব দিয়া উচিত। চিকিৎসকগৰাকীয়ে কয় যে, শীতকালত ডায়েবেটিছ ৰোগীসকলে কম কাৰ্বযুক্ত খাদ্য খাব লাগে। লগতে বেছিকৈ ফল-মূল, সেউজীয়া শাক-পাচলি আদি খাব লাগে।

বেছি ভজা, তেল দিয়া খাদ্যৰ পৰা আঁতৰত থাকিব লাগে। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণৰ পানী আৰু প্ৰতিদিনে ব্যায়াম কৰিব লাগে।  শীতকালত বহুতে কম পানী খায়। কিন্তু এয়া ভাল নহয়। ইয়াৰ লগতে ডায়েবেটিছ ৰোগীয়ে নিয়মিতভাৱে তেজত চেনিৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। যদি চেনিৰ মাত্ৰা বৃদ্ধি পায়, তেন্তে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

লক্ষণ

যেতিয়া তেজত চুগাৰৰ পৰিমাণ বৃদ্ধি পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। সঘনাই প্ৰস্ৰাৱ কৰা, বহুত পিয়াহ অনুভৱ কৰা, হঠাতে ওজন হ্ৰাস বা বৃদ্ধি পোৱা আদি লক্ষণ আওকান কৰিব নালাগে। এইবোৰ তেজত চেনিৰ মাত্ৰা অধিক হোৱাৰ লক্ষণ হ’ব পাৰে। এই ক্ষেত্ৰত ব্লাড চুগাৰ, আৰু HbA1c পৰীক্ষা কৰিব লাগে।

চিকিৎসকগৰাকীয়ে কয় যে, যদি চুগাৰৰ মাত্ৰা অধিক থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ খাব লাগে। ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ সুষম খাদ্য গ্ৰহণ কৰা উচিত। ইযাৰোপৰি বতৰ ঠাণ্ডা হ’লেও ব্যায়াম কৰিব লাগে। মিঠাই একেবাৰে পৰিহাৰ কৰা উচিত।

গুৰুত্বপূৰ্ণ কথা

  • ব্লাড চুগাৰৰ পৰিমাণ বৃদ্ধি পালে নিয়মিতভাৱে ঔষধ সেৱন কৰিব লাগে।
  • পৰ্যাপ্ত টোপনি।
  • মানসিক চাপৰ পৰা নিজকে মুক্ত ৰাখক।
  • যোগাসন কৰক।
  • বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

অন্য খবৰ পঢ়কঃ টোপনি সম্পূৰ্ণ নহ’লে হ’ব পাৰে ডাঙৰ সমস্যা! বয়স অনুসৰি কিমান ঘন্টা শুব লাগে, জানক…

চুলি চিঙি চিঙি যায় নেকি? কেনেকৈ দূৰ কৰিব সমস্যা জানক
অষ্ট্ৰেলিয়াৰ বিপক্ষে টি-২০ শৃংখলাত নিশ্চিত ভাৰতৰ জয়! এই কাৰণে আপোনাকো কৰিব ‘আত্মবিশ্বাসী’
শীতকালত উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?
দেহ-মন সুস্থ ৰাখিবলৈ কিমান খাদ্য খাব লাগে? প্ৰেমানন্দ মহাৰাজৰ মতে...