মূত্ৰাশয়ত কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

মানুহৰ মাজত বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগ হয়। ইয়াৰ ভিতৰত মূত্ৰাশয়ৰ কৰ্কট ৰোগ এক বিৰল প্ৰকাৰৰ কৰ্কট ৰোগ। যেতিয়া এই কৰ্কট ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

মূত্ৰাশয়ত কৰ্কট ৰোগ হলে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

মূত্ৰাশয়ৰ কৰ্কট ৰোগ

Updated On: 

10 Sep 2025 18:22 PM

দেশত প্ৰতিবছৰে লাখ লাখ লোক কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। কৰ্কট ৰোগ বিভিন্ন প্ৰকাৰৰ থাকে। তাৰ ভিতৰত মূত্ৰাশয়ৰ কৰ্কট ৰোগ এক প্ৰকাৰ। বিৰল এই কৰ্কট ৰোগ মানুহৰ মূত্ৰাশয়ৰ পৰা আৰম্ভ হয়। এই কৰ্কট ৰোগৰ চিকিৎসা কৰিবলৈ অস্ত্ৰোপচাৰকে ধৰি বিভিন্ন চিকিৎসা কৰা হয়। চিকিৎসাৰ পাছতো এই কৰ্কট ৰোগ পুনৰ ঘূৰি আহিব পাৰে, যাৰ বাবে এই ৰোগত আক্ৰান্তসকলে বিশেষ সাৱধানতা অৱলম্বন কৰা দৰকাৰ।

মূত্ৰাশয় কৰ্কট ৰোগ কি?

ই এক প্ৰকাৰ বিৰল কৰ্কট ৰোগ। মূত্ৰাশয় হৈছে এটা সৰু খালী অংশ যিয়ে প্ৰস্ৰাৱ জমা কৰি ৰাখে। কিন্তু বিভিন্ন কাৰণত এই মূত্ৰাশয় কৰ্কট ৰোগত আক্ৰান্ত হ’ব পাৰে।

প্ৰকাৰ

চিকিৎসকে কয় যে, মূত্ৰাশয়ৰ কৰ্কট ৰোগ দুবিধ। প্ৰথমটো হৈছে পেশী আক্ৰমণাত্মক কেন্সাৰ আৰু দ্বিতীয়টো হৈছে পেশী আক্ৰমণ নকৰা কেন্সাৰ। পেশী আক্ৰমণাত্মক মূত্ৰাশয়ৰ কৰ্কট ৰোগ (MIBC) হৈছে মূত্ৰাশয়ৰ ডিট্ৰুছৰ পেশীত বিয়পি পৰা এক কৰ্কট ৰোগ। ডিট্ৰুছৰ পেশী হৈছে মূত্ৰাশয়ৰ বেৰত থকা ভিতৰৰ ডাঠ পেশী। ই আন অংশলৈ বিয়পিব পাৰে।

আনহাতে নন-মাছল ইনভেছিভ ব্লাডাৰ কেন্সাৰ (NMIBC) মূত্ৰাশয়ৰ ভিতৰৰ পৃষ্ঠত পোৱা যায়। ইয়াৰ লগত মূত্ৰাশয়ৰ পেশী জড়িত নহয়।

লক্ষণ

শৰীৰত কোনো ৰোগৰ আৰম্ভণি হ’লে প্ৰায়ভাগৰেই লক্ষণ দেখা দিয়ে। মূত্ৰাশয়ৰ কৰ্কট ৰোগ হ’লেও বিভিন্ন লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জানি উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব লাগে। এই সন্দৰ্ভত সবিশেষ জনাইছে ৰাজীৱ গান্ধী কেন্সাৰ ইনষ্টিটিউটৰ ইউৰনক’লজী বিভাগৰ পৰামৰ্শদাতা ডাঃ অমিতাভ সিঙে। তেওঁ কয় যে, প্ৰস্ৰাৱত মূত্ৰাশয়ৰ পৰা তেজ ওলোৱা এই কৰ্কট ৰোগৰ এক সাধাৰণ লক্ষণ। কিন্তু ইয়াৰ সলনিও আৰু বিভিন্ন লক্ষণে দেখা দিয়ে।

  • প্ৰস্ৰাৱত তেজঃ প্ৰস্ৰাৱ কৰাৰ সময়ত তেজ ওলাব পাৰে।
  • বিষঃ প্ৰস্ৰাৱ কৰাৰ সময়ত জলা-পোৰা বা বিন্ধাৰ দৰে অনুভৱ হ’ব পাৰে। প্ৰস্ৰাৱ কৰাৰ সময়ত বা প্ৰস্ৰাৱ কৰাৰ পাছত এয়া হ’ব পাৰে। পুৰষৰ ক্ষেত্ৰত গুপ্তাংগত বিষ হয়।
  • বাৰে বাৰে প্ৰস্ৰাৱ অহাঃ বাৰে বাৰে প্ৰস্ৰাৱ অহাও এই ৰোগৰ লক্ষণ হ’ব পাৰে।
  • প্ৰস্ৰাৱ কৰাত অসুবিধাঃ প্ৰস্ৰাৱ কৰা আৰম্ভ আৰু শেষ হোৱাৰ সময়ত সমস্যা হ’ব পাৰে।
  • সংক্ৰমণঃ বাৰে বাৰে মূত্ৰাশয় সংক্ৰমণ হোৱা এই ৰোগৰ লক্ষণ হ’ব পাৰে। যদি সংক্ৰমণৰ ঔষধ খোৱাৰ পাছতো ৰোগ ঠিক নহয় তেন্তে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

কাৰণ

  • চিগাৰেটঃ চিগাৰেট সেৱন বা চিগাৰেটৰ ধোঁৱাই এই ৰোগ সৃষ্টিৰ কাৰণ হ’ব পাৰে।
  • বিকিৰণঃ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা বিকিৰণেও এই ৰোগৰ সৃষ্টি কৰিব পাৰে।
  • ৰাসায়নিক পদাৰ্থঃ ৰং, ৰবৰ, চমৰা, কিছুমান বস্ত্ৰ আদিৰ কাৰখানাত কাম কৰা লোকৰ এই ৰোগ হোৱাৰ আশংকা থাকে।
  • বাৰে বাৰে সংক্ৰমণঃ যদি বাৰে বাৰে মূত্ৰাশয় সংক্ৰমিত হয় তেন্তে ইয়াৰ ফলত পাছলৈ কৰ্কট ৰোগ হ’ব পাৰে।

গতিকে এনে লক্ষণে যদি দেখা দিয়ে তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ হাওঁফাওঁৰ কৰ্কট ৰোগ হ’লে পুৱাৰ সময়ত দেখা দিয়ে এই লক্ষণ! জানক চিকিৎসকৰ পৰা…

প্ৰতিদিনে খাওক ডালিম, ৰক্তহীনতাৰপৰা পাচনতন্ত্ৰৰ সমস্যা হ'ব নিৰাময়!
ভৰি ফুলা, ছালৰ খজুৱতি, অনিদ্ৰা... এয়া কি ৰোগৰ ইংগিত?
ফেন, তেজ...বৃক্ক বিকল হ'লে প্ৰস্ৰাৱত দেখা দিয়ে এইসমূহ লক্ষণ, জানক
দূৰ হ'ব আৰ্থিক সমস্যা, আহিব সফলতা! মাত্ৰ ঘৰত ৰাখক এই ৫ বিধ বস্তু...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...