ব্লেক কফি নে লাল চাহ ! স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী ? | Black tea vs. black coffee: Which is healthier? Details in Assamese Assam news - Assam Tv9

Black Tea vs Coffee: ব্লেক কফি নে লাল চাহ ! স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী ?

Published: 

29 Jul 2024 19:46 PM

Black Tea vs Coffee: কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ? আমি সকলোৱে অৱগত যে, চাহ বা কফিয়ে আমাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে । চাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সহায় কৰে।

1 / 8কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ?

কোনোৱে ব্লেক কফি আৰু কোনোৱে লাল চাহ খাই ভাল পায় । পিছে স্বাস্থ্যৰ বাবে কোনবিধ উপকাৰী আপুনি জানেনে ?

2 / 8

আমি সকলোৱে অৱগত যে, চাহ বা কফিয়ে আমাৰ বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে ।

3 / 8

ব্লেক কফিত কেফেইনৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও ইয়াত এন্টিঅক্সিডেন্ট, মেগনেছিয়াম আৰু পটাছিয়াম থাকে। ই শৰীৰৰ বহু ৰোগৰ সম্ভাৱনা কম কৰাত সহায় কৰে।

4 / 8

ইণ্টাৰনেশ্যনেল জাৰ্নেল অৱ এপিডেমিঅ’লজিত প্ৰকাশিত গৱেষণাৰ মতে, নিয়মীয়াকৈ ব্লেক কফি খালে মেদবহুলতা আৰু টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা হ্ৰাস পায়।

5 / 8

লাল চাহত ব্লেক কফিতকৈ কম কেফেইন থাকে। লাল চাহে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

6 / 8

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকে লাল চাহ খাব পাৰে। একাপ লাল চাহত মাত্ৰ ২ কেলৰি থাকে। তদুপৰি চৰ্দি আৰু কাহ হ’লে লাল চাহৰ লগত আদা, ইলাচি, ডালচেনি মিহলাই খালে যথেষ্ট উপকাৰ লাভ কৰিব পাৰে।

7 / 8

ব্লেক কফি আৰু লাল চাহ দুয়োটা স্বাস্থ্যকৰ। জ্বৰ হ’লে লাল চাহ খাব পাৰে আৰু ৱৰ্কআউটৰ আগতে ব্লেক কফি খাব পাৰে ।

8 / 8

দিনটোত ৩-৪ কাপতকৈ বেছি চাহ-কফি খাব নালাগে ।

ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ
বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!
শনিৰ শুভ অৱস্থান, এই ৩ ৰাশিয়ে লাভ কৰিব ভাগ্যৰ সমৰ্থন!
কাইলৈ জন্মদিন উদযাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, জানেনে তেওঁৰ সৰ্বকালৰ প্ৰিয় ছবি কোনখন?