গ্ৰীণ টি নে ব্লেক কফি? কোনবিধ স্বাস্থ্যৰ বাবে বেছি উপকাৰী, জানক…
আজিৰ ব্যস্ত সময়ত মানুহ স্বাস্থ্যবান হৈ জীয়াই থকা যেন এক প্ৰত্যাহ্বান। বিভিন্ন সময়ত বহুতে শাৰীৰিক কষ্ট বা মানসিক অৱসাদ দূৰ কৰাৰ বাবে গ্ৰীণ টি বা ব্লেক কফি সেৱন কৰে। কিন্তু ইয়াৰ কোনবিধন বেছি উপকাৰী আপুনি জানেনে?

ব্লেক কফি, গ্ৰীণ টি
আজিকালিৰ ব্যস্ত সময়ত স্বাস্থবান হৈ থকাতো যেন এক প্ৰত্যাহ্বান হৈ পৰিছে। তেনে ক্ষেত্ৰত দেহ-মন সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যকৰ খাদ্যৰ পৰা স্বাস্থ্যকৰ পানীয় গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ লগতে মানসিক অৱসাদ আদি দূৰ কৰাৰ বাবে বিভিন্নজনে ব্লেক কফি বা গ্ৰীণ টি গ্ৰহণ কৰিব বিচাৰে। এই দুয়োবিধে স্বাস্থ্যৰ বাবে উপকাৰী বুুলি গন্য কৰা হয়। কিন্তু ইয়াৰে কোনবিধ বেছি উপকাৰী জানেনে? এই লেখাটোত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল।
ওজন হ্ৰাস কৰিবলৈ গ্ৰীণ টি নে ব্লেক কফি বেছি ফলপ্ৰসূ? অত্যধিক কেফেইন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে নেকি? যদি আপুনিও এই ক্ষেত্ৰত কোনো দোমোজাত আছে তেন্তে এই লেখাটোৰ ফলত সেয়া আঁতৰ হ’ব পাৰে। তেতিয়া আপুনি বিচাৰ কৰি ল’ব পাৰিব যে কোনবিধ পানীয় স্বাস্থ্যৰ বাবে ভাল।
ব্লেক কফিৰ উপকাৰিতা
শক্তি বৃদ্ধি কৰাৰ বাবে ব্লেক কফি উত্তম উপায় বুলি বিভিন্নজনে জানে। ব্লেক কফি খালে শৰীৰৰ সতেজতা অহাৰ লগতে মানুহৰ মানসিক অৱসাদো দূৰ হয়।
এনাৰ্জি বুষ্টাৰ আৰু মনোযোগ বৃদ্ধিত সহায়কঃ ব্লেক কফিত অধিক পৰিমাণৰ কেফেইন থাকে, যিয়ে মগজু সক্ৰিয় কৰে আৰু মানসিক সজাগতা বৃদ্ধি কৰে। ই ভাগৰ দূৰ কৰে আৰু শৰীৰক শক্তিশালী কৰি তোলে।
ওজন হ্ৰাসঃ ওজন হ্ৰাস কৰাৰ বাবেও ব্লেক কফি উপকাৰী। ব্লেক কফিয়ে বিপাকীয় ক্ৰিয়া দ্ৰুত কৰাত সহায় কৰে, যাৰ ফলত চৰ্বি কমা প্ৰক্ৰিয়া দ্ৰুতগতিত হয়। ব্যায়াম বা জিম আদি কৰাৰ আগত ব্লেক কফি সেৱন কৰিলে অধিক কেলৰি কমি যায় বুলি কোৱা হয়।
ডায়েবেটিছ আৰু এলঝেইমাৰ ৰোগৰ পৰা সুৰক্ষা- ব্লেক কফিয়ে ব্লাড চুগাৰ পৰিমাণ নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ উপৰিও এলঝেইমাৰ আৰু পাৰ্কিনছনৰ দৰে স্নায়ুজনিত ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰে।
গ্ৰীণ টিৰ উপকাৰিতা
গ্ৰীণ টিক স্বাস্থ্যসন্মত আৰু ডিটক্সিফাইং পানীয় বুলি গন্য কৰা হয়। গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে। এই পানীয়ই শৰীৰৰ বাবেও বহু উপকাৰ প্ৰদান কৰে।
ওজন হ্ৰাসত সহায়: গ্ৰীণ টিত থকা কেটেচিনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে, যিয়ে চৰ্বি দ্ৰুতভাৱে কম কৰাত সহায় কৰে। এক কথাত ই শৰীৰৰ ওজন হ্ৰাস কৰাত সহায়ক হয়।
হৃদযন্ত্ৰৰ বাবে উপকাৰীঃ গ্ৰীণ টিত এন্টিঅক্সিডেন্ট থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয় আৰু হৃদৰোগৰ সম্ভাৱনা কম হয়।
ডিটক্সিফিকেশ্যনৰ বাবে উপকাৰীঃ গ্ৰীণ টিয়ে শৰীৰত থকা বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাত সহায় কৰে, যাৰ ফলত ছাল আৰু শৰীৰ বিষমুক্ত হয়। লগতে ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিনসমূহে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
কোনবিধ বেছি উপকাৰী
এতিয়া প্ৰশ্ন হয়, কোন বিধ বেছি উপকাৰী? এই উত্তৰটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণ স্বৰূপে আপুনি যদি শক্তি বৃদ্ধি আৰু মনোযোগ বৃদ্ধি কৰিব বিচাৰে তেন্তে ব্লেক কফি খাব পাৰে। ইয়াৰ বিপৰীতে যদি আপুনি ওজন কম কৰিব বিচাৰে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বিচাৰে তেন্তে গ্ৰীণ টি সেৱন কৰিব পাৰে।