ছালৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণলৈ…ভতুৱা শাকৰ ৮টা উপকাৰী গুণ কি কি, জানক…

শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ'ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই বিভিন্ন দিশৰ বাবে ভাল।

ছালৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণলৈ...ভতুৱা শাকৰ ৮টা উপকাৰী গুণ কি কি, জানক...

ভতুৱা শাক

Published: 

16 Jan 2026 | 04:42 PM

শীতকালত বজাৰ বিভিন্ন প্ৰকাৰৰ শাক-পাচলিৰে ভৰি পৰে। তেনে এবিধ শাক হ’ল ভতুৱা বা জিলমিল শাক। বিভিন্ন প্ৰকাৰে মানুহে এই শাক খায়। ইয়াত ফাইবাৰ, আয়ৰণ, ভিটামিন এ, ভিটামিন চি, কেলছিয়াম, এন্টিঅক্সিডেন্ট আদি প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে শৰীৰৰ ই বহু উপকাৰ সাধন কৰে। এই লেখাটোত ভতুৱা শাকৰ ৮টা উপকাৰী গুণৰ বিষয়ে উল্লেখ কৰা হ’ল। যি শুনিলে আচৰিত হৈ পৰিব আপুনি।

উপকাৰী গুণ

পেট ভালঃ এই শাক পেটৰ বাবে ভাল। ইয়াত ফাইবাৰ আৰু পানী প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে ই গেছ, পেট ফুলা আদি সমস্যাৰ পৰা সকাহ দিয়ে।

তেজৰ অভাৱঃ এই শাকত প্ৰচুৰ পৰিমাণে আয়ৰণ থাকে। গতিকে যিসকল লোকে এনিমিয়াত ভুগি থাকে বা তেজৰ অভাৱৰ সমস্যা আছে তেনে লোকে এই শাক খাব পাৰে।

যকৃতঃ এই শাকে শৰীৰক প্ৰাকৃতিকভাৱে ডিটক্স কৰে। যকৃত আৰু লিভাৰৰ পৰা বেয়া পদাৰ্থ বাহিৰ কৰাত এই শাকে সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতাঃ এই শাকত থকা ভিটামিন এ, চি আৰু এন্টিঅক্সিডেন্টে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলাত সহায় কৰে।

ছাল আৰু চুলিঃ এই শাক ছাল আৰু চুলিৰ বাবে উপকাৰী। ই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। এই শাক খালে শালমইনাৰ সমস্যা নোহোৱা হয়। লগতে চুলি মজবুত কৰে।

ওজন হ্ৰাসঃ কম কেলৰি আৰু ফাইবাৰ থকা বাবে এই শাকে ওজন হ্ৰাস কৰাত সহায় কৰে। ই শৰীৰত অতিৰিক্ত চৰ্বি জমা হব নিদিয়ে।

হাড় মজবুতঃ কেলছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থকা বাবে এই শাকে হাড় মজবুত কৰে। ইয়াৰ ফলত অষ্টিঅ’পৰ’ছিছৰ সম্ভাৱনা কম হয়।

ব্লাড চুগাৰঃ ইয়াত গ্লাইচেমিক ইনডেক্স কম থাকে। যাৰ ফলত ই ব্লাড চুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।

গৰ্ভৱতী মহিলাসকলৰ বাবে এই শাক ভাল নহয়। ইয়াৰোপৰি পুৱা আৰু নিশা এই শাক খালে গেছ হ’ব পাৰে। গতিকে আপোনাৰ যদি কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা আছে তেন্তে যিকোনো বস্তু খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।

 

অন্য খবৰ পঢ়কঃ প্ৰতিদিনে এটাকৈ কেঁচা জলকীয়া খালে শৰীৰৰ কি কি লাভ হয়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...