Best Yoga Poses for Women : বয়সীয়াল মহিলাসকলে শৰীৰটো ফিট কৰিব ৰাখিবলৈ অভ্যাস কৰক এই যোগাসন…

মানসিক শান্তি লাভ আৰু মন সুস্থ কৰি ৰখাত যোগাসন অতি উপকাৰী । এনে পৰিস্থিতিত ৪০ বছৰ বয়সত মহিলাসকলে কোনবোৰ যোগাসন কৰিব লাগে জানোঁ আহক। একে সময়তে মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাভ্যাস কৰিব পাৰে ।

Best Yoga Poses for Women : বয়সীয়াল মহিলাসকলে শৰীৰটো ফিট কৰিব ৰাখিবলৈ অভ্যাস কৰক এই যোগাসন...

ধ্যান

Published: 

16 Feb 2025 | 01:46 PM

বয়স বৃদ্ধিৰ লগে লগে শৰীৰত পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে । বিশেষজ্ঞসকলৰ মতে ৩০ বছৰ বয়সৰ পিছত হাড়ৰ ঘনত্ব কমিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত মহিলাসকলে বিশেষভাৱে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱা উচিত। ৪০ বছৰ বয়সত গাঁঠিৰ জঠৰ হোৱা, পেশীৰ দুৰ্বলতা, মানসিক অৱসাদ আদি সমস্যা সাধাৰণ হৈ পৰে। এই সমস্যাসমূহৰ সৈতে মোকাবিলা কৰিবলৈ যোগাসন অভ্যাস কৰাটো এক উত্তম উপায়।

শৰীৰৰ নমনীয়তা বৃদ্ধি, মানসিক শান্তি লাভ আৰু মন সুস্থ কৰি ৰখাত যোগাসন অতি উপকাৰী । এনে পৰিস্থিতিত ৪০ বছৰ বয়সত মহিলাসকলে কোনবোৰ যোগাসন কৰিব লাগে জানোঁ আহক। একে সময়তে মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাভ্যাস কৰিব পাৰে ।

তাৰাসন:

গোটেই শৰীৰটো শক্তিশালী কৰাৰ বাবে তাৰাসন অতি উপযোগী । ইয়াৰ নিয়মীয়া অনুশীলনে মেৰুদণ্ড পোন কৰি পেটৰ পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে । তদুপৰি সামগ্ৰিক স্বাস্থ্যৰ বাবে এই আসন অতি উপকাৰী ।

কেনেকৈ কৰিব ?

  • পোনে পোনে থিয় হৈ ভৰি দুখন অলপ আঁতৰত ৰাখিব ।
  • এতিয়া দুয়োখন হাত ওপৰলৈ টানি আঙুলি দুটা ইটোৱে সিটোৰ লগত সংযোগ কৰি শৰীৰটো টানিব।
  • মূৰ আৰু ডিঙি পোন কৰি ৰাখক আৰু পিঠি পোন হৈ থকাটো নিশ্চিত কৰক।
  • ২০-৩০ ছেকেণ্ড এই অৱস্থাত থাকিব আৰু তাৰ পিছত লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।

বৃক্ষাসন:

এই আসনে শাৰীৰিক আৰু মানসিক ভাৰসাম্য বৃদ্ধি কৰে আৰু একাগ্ৰতা বৃদ্ধি কৰে। ই কঁকাল, উৰু আৰু নিতম্বৰ পেশী শক্তিশালী কৰে।

কেনেকৈ কৰিব ?

  • পোনে পোনে থিয় হৈ এখন ভৰি আঁঠুৰ ওচৰত বেঁকা কৰি আনখন ভৰিৰ উৰুত ৰাখক।
  • দুয়োখন হাত একেলগে ওপৰলৈ দাঙি নমস্কাৰ বা প্ৰাৰ্থনাৰ ভংগীমাত ৰাখক ।
  • এই অৱস্থাত ২০-৩০ ছেকেণ্ড ধৰি থাকিবলৈ চেষ্টা কৰিব ।

ভুজংগাসন :

ভুজংগাসনে মেৰুদণ্ডক নমনীয় কৰি তোলাত আৰু পেটৰ পেশীবোৰ শক্তিশালী কৰাত সহায় কৰে। বিশেষকৈ কঁকালৰ বিষৰ বাবে ই উপকাৰী। মানসিক চাপ কমোৱাত ই উপকাৰী।

কেনেকৈ কৰিব ?

  • প্ৰথমে পেট তললৈ দি শুই ভৰি দুখন একেলগে ৰাখিব ।
  • দুয়োখন হাত কান্ধৰ তলত ৰাখি লাহে লাহে মূৰটো ওপৰলৈ তুলিবলৈ চেষ্টা কৰক ।
  • মূৰটো পোন কৰি ৰাখি বুকু আৰু পেট ওপৰলৈ তুলিবলৈ চেষ্টা কৰক ।
  • ১৫-২০ ছেকেণ্ড এই অৱস্থাত থাকিব আৰু তাৰ পিছত স্বাভাৱিক অৱস্থালৈ ঘূৰি যাব।

উল্লেখ্য যে, যোগাসন বা প্ৰাণায়ম সঠিক পদ্ধতিত অভ্যাস কৰাটো অতি প্ৰয়োজন । গতিকে যোগ প্ৰশিক্ষক বা বিশেজ্ঞৰ পৰা পৰামৰ্শ বা সঠিক পদ্ধতি জনাৰ পাছতহে যোগাসন অভ্যাস কৰিব লাগে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব