টোপনি নাহিলে কি কৰিব লাগে ? এই সমস্যা দূৰ কৰিবলৈ অভ্যাস কৰক এই যোগাসন…

ভাল টোপনি মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি যদি টোপনিৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই সমস্যা দূৰ কৰিবলৈ যোগাসন অভ্যাস কৰিব পাৰে । বিশেষকৈ কিছুমান যোগাসন আছে যিয়ে ভাল টোপনি অহাত সহায় কৰে।

টোপনি নাহিলে কি কৰিব লাগে ? এই সমস্যা দূৰ কৰিবলৈ অভ্যাস কৰক এই যোগাসন...

যোগাসন

Published: 

22 Mar 2025 | 08:32 AM

ব্যস্ততাপূৰ্ণ জীৱন, মানসিক চাপ, বেয়া জীৱনশৈলীৰ বাবে বহু লোকে টোপনিৰ সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে। টোপনিয়ে আমাৰ সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় । ভাল টোপনি মানসিক স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপুনি যদি টোপনিৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই সমস্যা দূৰ কৰিবলৈ যোগাসন অভ্যাস কৰিব পাৰে । বিশেষকৈ কিছুমান যোগাসন আছে যিয়ে ভাল টোপনি অহাত সহায় কৰে।

বালাসন

বালাসনে শৰীৰ আৰু মনক শান্ত কৰে, যাৰ ফলত মানসিক চাপ কমি যায় আৰু ভাল টোপনি অহাত সহায় কৰে। প্ৰথমে বালাসন অভ্যাস কৰিবলৈ গোৰোহাত বহিব লাগে। ইয়াৰ পাছতে সন্মুখলৈ বেকা হৈ হাত দুখন মেলি দিব লাগে। লগতে কপালখনে মাটি স্পৰ্শ কৰিবসৈ চেষ্টা কৰিব । এই অভ্যাস ৩-৪ বাৰ কৰিব লাগে।

বিপৰীত কৰ্ণী ভংগীমা

এই আসনে ৰক্ত সঞ্চালন উন্নত কৰে আৰু মনক শান্ত কৰে, যিয়ে ভাল টোপনি অহাত সহায় কৰে। ইয়াৰ বাবে বেৰৰ ওচৰত শুই ভৰি দুখন ওপৰলৈ তুলি বেৰত থৈ দিব। হাত দুখন শৰীৰৰ কাষত ৰাখি চকু মুদি ৰাখক। ৫-১০ মিনিট এই অৱস্থাত থাকিব লাগে । এই মুদ্ৰা অভ্যাস কৰাৰ সময়ত লাহে লাহে উশাহ লাগে।

সুখাসন

গভীৰ উশাহ-নিশাহ ল’লে শৰীৰৰ অক্সিজেনৰ মাত্ৰা বৃদ্ধি পায় আৰু টোপনি অহাত সহায় কৰে। সেয়েহে সুখাসনা কৰিব পাৰে। এই আলৃসন কৰিবলৈ অতি সহজ। মাত্ৰ পদ্মাসন বা সুখাসনত বহিব লাগিব। চকু দুটা মুদি দীঘলকৈ দীঘলকৈ উশাহ ল’ব। ৫-১০ মিনিট এই অভ্যাস কৰিব।

উত্তনাসন

এই আসনে শৰীৰ আৰু মনক শিথিল কৰি স্নায়ু শান্ত কৰে। ইয়াৰ বাবে পোনে পোনে থিয় হৈ ভৰি দুখন অলপ পৃথক কৰি লাহে লাহে আগলৈ বেঁকা হৈ হাতেৰে ভৰি দুখন স্পৰ্শ কৰিবলৈ চেষ্টা কৰক। ৩০ ছেকেণ্ডৰ পৰা ১ মিনিটলৈকে এই অৱস্থাত থাকিব আৰু তাৰ পিছত স্বাভাৱিক হ’ব।

শৱাসন

শৱাসন হৈছে শ্ৰেষ্ঠ যোগাসন যিয়ে সমগ্ৰ শৰীৰক শিথিল কৰি তোলে আৰু ভাল টোপনি অহাত সহায় কৰে। এই আসন কৰিবলৈ অতি সহজ। মাথোঁ ওপৰলৈ মুখ কৰি শুই হাত-ভৰি ঢিলা কৰি ৰাখিব লাগে। তাৰ পিছত চকু দুটা মুদি লাহে লাহে উশাহ লওক। ৫-১০ মিনিট এই অৱস্থাত থাকিব আৰু তাৰ পিছত স্বাভাৱিক হৈ উঠে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...