হাপানী ৰোগীসকলে এই কেইটা যোগাসন অভ্যাস কৰক... | best yoga for asthma patients; details in assamese Assam news - Assam Tv9

Yoga for Asthma Patients : হাপানী ৰোগীসকলে এই কেইটা যোগাসন অভ্যাস কৰক…

Updated On: 

02 Nov 2024 20:47 PM

দিনক দিনে বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফলস্বৰূপে মানুহৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ বাবে হাপানী ৰোগীৰ বাবে বিপদ আৰু অধিক বৃদ্ধি পাইছে । হাপানী ৰোগীয়ে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি প্ৰতিদিনে যোগাসন কৰা উচিত।

1 / 5ভূজংগাসন কৰাটো হাপানী ৰোগীৰ বাবে অতি উপকাৰী। এই যোগাসন কৰিলে বুকু আৰু পেটৰ পেশী বহল হয় আৰু হাওঁফাওঁৰ কাম-কাজ উন্নত হয়। ইয়াৰ উপৰিও ভূজংগাসন কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু মানসিক চাপ কমোৱাতো সহায় কৰে।

ভূজংগাসন কৰাটো হাপানী ৰোগীৰ বাবে অতি উপকাৰী। এই যোগাসন কৰিলে বুকু আৰু পেটৰ পেশী বহল হয় আৰু হাওঁফাওঁৰ কাম-কাজ উন্নত হয়। ইয়াৰ উপৰিও ভূজংগাসন কৰিলে ৰক্ত সঞ্চালন উন্নত হয় আৰু মানসিক চাপ কমোৱাতো সহায় কৰে।

2 / 5

সেতুবন্ধাসন হাপানী ৰোগীৰ বাবে অতি উপকাৰী। এই আসনে হাওঁফাওঁৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰে । ইয়াৰ উপৰিও এই যোগাসন আঁঠু, কঁকাল, উৰু আৰু পেটৰ পেশীৰ বাবে উপকাৰী ।

3 / 5

মৎস্যাসনে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাই নহয় ডিঙিৰ অংগসমূহো সুস্থ কৰি ৰাখে । এই যোগাসনে হাপানী বা যিকোনো ধৰণৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি থকা লোকসকলক বহুত সকাহ দিব পাৰে।

4 / 5

যোগাসন কৰাৰ সমান্তৰালকৈ হাপানী ৰোগীয়ে প্ৰতিদিনে কিছু সময় প্ৰাণায়াম কৰিব লাগে । কিয়নো প্ৰাণায়ম উশাহ-নিশাহৰ ওপৰত ভিত্তি কৰি কৰা হয়। ভাষ্ট্ৰিকা প্ৰাণায়াম হাপানী, ব্ৰংকাইটিছ আৰু চাইনাছ ৰোগত আক্ৰান্ত লোকৰ বাবে অতি উপকাৰী। হৰম’নৰ ভাৰসাম্য ৰক্ষা, মানসিক চাপ কমোৱা আৰু শক্তি বৃদ্ধিৰ ক্ষেত্ৰতো এই প্ৰাণায়ম ফলপ্ৰসূ।

5 / 5

অনুলোম-বিলোম অতি সহজ প্ৰাণায়াম। যদি দৈনিক মাত্ৰ ৫ৰ পৰা ৮ মিনিটৰ বাবেও এই প্ৰাণায়ম কৰা হয়, তেন্তে বহু উপকাৰ লাভ কৰিব পৰা যায়। ইয়াত এটা নাকৰ ফুটাৰ পৰা উশাহ লোৱা হয় আৰু আনটো নাকৰ ফুটাৰ পৰা উশাহ বাহিৰলৈ উলিয়াই দিয়া হয় আৰু একে ক্ৰম পুনৰাবৃত্তি কৰা হয়। এই প্ৰাণায়াম হাপানী ৰোগত আক্ৰান্তসকলৰ বাবে অতি উপকাৰী । লগতে অনুলোম-বিলোম কৰিলে মূৰৰ বিষ,ৰক্তচাপ আদি সমস্যাত ভুগি থকাসকলৰ বাবেও উপকাৰী ।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?