অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ কৰিব ! মহিলাৰ বাবে ৫ টা যোগাসন | Best Yoga Asanas for women's health in assamese Assam news - Assam Tv9

অনিয়মিত মাহেকীয়াৰ সমস্যা দূৰ কৰিব ! এই ৫ টা যোগাসন মহিলাৰ বাবে অতি উপকাৰী

Published: 

26 Aug 2024 | 06:38 PM

অনিয়মিত মাহেকীয়া সমস্যাৰ পৰা ওজন নিয়ন্ত্ৰণত ৰখালৈকে, এই ধৰণৰ সমস্যা দূৰ কৰিবলৈ মহিলাসকলে যোগাসন অভ্যাস কৰিব লাগে । এই প্ৰতিবেদনত ৫ টা যোগাসনৰ বিষয়ে দিয়া হৈছে । এই ৫ টা যোগাসন মহিলাৰ বাবে অতি উপকাৰী । সবিশেষ জানক...

1 / 5মহিলাসকলে নিজৰ দৈনন্দিন বদ্ধাকোণাসন কৰিব লাগে। এই আসন কৰিলে মহিলাসকলে অনিয়মিত মাহেকীয়াৰ সমস্যাৰ পৰা সকাহ পায়। ইয়াৰ লগতে পিৰিয়ডৰ সময়ত বিষৰ পৰাও উপশম পোৱা যায়।

মহিলাসকলে নিজৰ দৈনন্দিন বদ্ধাকোণাসন কৰিব লাগে। এই আসন কৰিলে মহিলাসকলে অনিয়মিত মাহেকীয়াৰ সমস্যাৰ পৰা সকাহ পায়। ইয়াৰ লগতে পিৰিয়ডৰ সময়ত বিষৰ পৰাও উপশম পোৱা যায়।

2 / 5

দৈনিক মালাসন অভ্যাস কৰিলে হৰম’নৰ ভাৰসাম্যহীনতা ভাল হয়। ইয়াৰ উপৰিও এই আসন কৰিলে বিপাকীয় ক্ৰিয়া উন্নত হয়, যাৰ ফলত ওজন নিয়ন্ত্ৰণত থাকে ।

3 / 5

পৱনমুক্তাসন কৰিলে মহিলাৰ প্ৰজনন অংগ (জৰায়ু) উপকৃত হয়। ইয়াৰ উপৰিও পেটৰ চৰ্বি কমোৱাত আৰু গেছৰ সমস্যাৰ পৰা সকাহ দিয়াতো ই সহায়ক।

4 / 5

নিয়মিতভাৱে শলাসন অভ্যাস কৰিলে গাৰ ছাল সতেজ কৰি ৰখাত সহায়ক হয়। শলাসনে মেৰুদণ্ডক নমনীয় কৰি তোলে আৰু ভাগৰ, মানসিক চাপ, কোষ্ঠকাঠিন্য, গেছ, পেটৰ চৰ্বি আদি কমোৱাতো সহায় কৰে ।

5 / 5

মহিলাৰ বাবে হনুমানাসন অতি উপকাৰী। ইয়াৰ ফলত কঁকাল আৰু পেটৰ চৰ্বি কমি যায়। এই আসনে মাহেকীয়াৰ লগত জড়িত সমস্যাৰ পৰাও সকাহ দিয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...