চকুৰ ক্ষমতা কমা যেন অনুভৱ হৈছে নেকি? এতিয়াৰ পৰাই দিনে খাওক এইসমূহ সামগ্ৰী, দূৰ হ’ব চিন্তা

দেহৰ যতন লোৱাৰ সমান্তৰালকৈ চকুজুৰিৰ যতন লোৱাটোও সমানেই প্ৰয়োজনীয়। চকুৰ যত্নৰ বাবে আপোনাৰ দৈনন্দিন খাদ্য তালিকাত কিছুমান ‘ছুপাৰফুড’ অন্তৰ্ভুক্ত কৰিব লাগে। গতিকে চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী এনে কিছুমান ছুপাৰফুডৰ বিষয়ে জানো আহক।

চকুৰ ক্ষমতা কমা যেন অনুভৱ হৈছে নেকি? এতিয়াৰ পৰাই দিনে খাওক এইসমূহ সামগ্ৰী, দূৰ হ’ব চিন্তা

চকুৰ স্বাস্থ্যত উপকাৰী এইসমূহ ছুপাৰফুড

Updated On: 

05 Oct 2025 16:04 PM

সাম্প্ৰতিক সময়ত মোবাইললেপটপৰ অত্যধিক ব্যৱহাৰ, প্ৰদূষণ, মানসিক চাপ, টোপনিৰ অভাৱ ইত্যাদি কাৰণত চকুৰ ওপৰত চাপ বৃদ্ধি পাইছে পিছে চৌদিশৰ সৌন্দৰ্য উপভোগৰ বাবে চকুজুৰি ভালে নাথাকিলেই নহয় গতিকে দেহৰ যতন লোৱাৰ সমান্তৰালকৈ চকুজুৰিৰ যতন লোৱাটোও সমানেই প্ৰয়োজনীয় বহুসময়ত আপোনাৰ চকুৰ যতনেই দেহৰ সামগ্ৰিক স্বাস্থ্যতো পেলাব সুপ্ৰভাৱ ইয়াৰ বাবে আপুনি দৈনিক খাদ্য তালিকাত উপযুক্ত খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰিব লাগিব

নিয়মিতভাৱে উপযুক্ত ফলমূল আৰু শাকপাচলি খালে চকুৰ দৃষ্টিশক্তি অটুট ৰখাৰ লগতে চকুৰ ৰোগ প্ৰতিৰোধ কৰে সমান্তৰালকৈ ইয়াৰ দ্বাৰা বাৰ্ধক্যজনিত সমস্যাও ৰোধ কৰা সম্ভৱপৰ হৈ উঠে। চকুৰ যত্নৰ বাবে আপোনাৰ দৈনন্দিন খাদ্য তালিকাত কিছুমানছুপাৰফুডঅন্তৰ্ভুক্ত কৰিব লাগে

ফল হৈছে দেহৰ বাবে অতি প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্টৰ উত্তম ভাণ্ডাৰ এই অণ্টিঅক্সিডেণ্টে চকুক অক্সিডেটিভ চাপৰ পৰা ৰক্ষা কৰে। একেদৰে শাক-পাচলিতো এনে কিছুমান শক্তিশালী উপাদান থাকে, যিসমূহ ৰেটিনা আৰু মেকুলাৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে উপকাৰী বিবেচিত হয়। গতিকে চকুৰ স্বাস্থ্যৰ বাবে উপকাৰী এনে কিছুমান ছুপাৰফুডৰ বিষয়ে জানো আহক

ছাইট্ৰাছ ফল (কমলা, নেমু)

এই ফলবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যি চকুৰ ৰক্তবাহী নলী সুস্থ কৰি ৰাখে। ইয়াৰ উপৰিও ই চকুৰ ছানি পৰাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে। প্ৰতিদিনে এটা কমলা বা আধা নেমু খাব পাৰে।

জামু (ষ্ট্ৰবেৰী, ব্লুবেৰী, ব্লেকবেৰী)

জামুত এন্থ’চাইনিন নামৰ এক শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে। বিশেষকৈ কুকুৰীকণা ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ লগতে চকুৰ ক্লান্তি দূৰ কৰাত সহায় কৰে। ঋতু অনুসৰি যিকোনো জামু খাব পাৰে।

আম আৰু অমিতা

আম আৰু অমিতাত বিটা-কেৰটিন আৰু ভিটামিন এ থাকে। ভিটামিন এ চকুৰ ৰেটিনাৰ বাবে প্ৰয়োজনীয় অন্যতম গুৰুত্বপূৰ্ণ উপাদান। সুস্থ দৃষ্টিশক্তিৰ বাবে এয়া অতি প্ৰয়োজনীয়।

গাঢ় সেউজীয়া শাক-পাচলি

চকু সুস্থ কৰি ৰখাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল লুটিন আৰু জিএক্সান্থিন নামৰ দুটা কেৰটিনয়ড। এই দুবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট পালেং শাকৰ দৰে গাঢ় সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে পোৱা যায়। এই উপাদানসমূহে চকুক সূৰ্যৰ নীলা পোহৰৰ পৰা ৰক্ষা কৰে আৰু বয়সৰ লগত জড়িত মেকুলাৰ ডিজেনেৰেচন প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়ে সেউজীয়া শাকপাচলি দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

গাজৰ

চকুৰ যত্নত গাজৰ অতি ফলপ্ৰসূ। ইয়াত প্ৰচুৰ পৰিমাণে বিটা-কেৰটিন থাকে, যি শৰীৰত প্ৰৱেশ কৰাৰ পিছত ভিটামিন এলৈ ৰূপান্তৰিত হয়। কৰ্ণিয়াক সতেজ কৰি ৰখাত আৰু ড্ৰাই আই দৰে চকুৰ সমস্যা দূৰ কৰাত ই অতি ফলপ্ৰসূ।

মিঠা আলু আৰু ৰঙালাউ

গাজৰৰ দৰে এই মিঠা আলু আৰু ৰঙালাউতো বিটা-কেৰটিন আৰু ভিটামিন এ যথেষ্ট পৰিমাণে থাকে। চকুৰ স্বাস্থ্যৰ লগতে সামগ্ৰিক স্বাস্থ্যৰ বাবেও এই পাচলিসমূহ উপকাৰী বিবেচিত হয়।

কেপচিকাম

কেপচিকামত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যাৰ ফলত চকুৰ ৰক্তবাহী নলী শক্তিশালী হয়।

চকু সুস্থ কৰি ৰাখিবলৈ কেৱল এই ফলমূল আৰু শাক-পাচলিহে যথেষ্ট নহয়, নিয়মিতভাৱে পৰ্যাপ্ত পৰিমাণৰ পানী আৰু ওমেগা-৩ ফেটি এচিড সমৃদ্ধ খাদ্য খোৱাটোও প্ৰয়োজনীয়। শাক-পাচলি পৰাপক্ষত তেল প্ৰয়োগ কৰি ৰন্ধাৰ পৰিৱৰ্তে সম্ভৱ হ’লে কেঁচা চালাড বা সিজাই খাব লাগে, ইয়াৰ ফলত পুষ্টিকৰ উপাদানসমূহ নষ্ট নহয়

ভগৱানৰ আশীৰ্বাদ লাভ কৰিলে কি সংকেত পোৱা যায়? জনালে প্ৰেমানন্দ মহাৰাজে...
হতাশা আৰু ভাগৰৰ ফলত হাৰ্ট এটেক হ’ব পাৰে নেকি?
দূৰ হ'ব আৰ্থিক সমস্যা! পাকঘৰৰ পৰা আজি আঁতৰ কৰক ৫ বস্তু...
আওকাণ নকৰিব, কৰ্কট ৰোগৰ প্ৰথম পৰ্যায়ত দেখা দিয়া ৪ টা সাধাৰণ লক্ষণ জানক