নিশা শুৱাৰ পূৰ্বে গা ধুৱাৰ অভ্যাস আছে নেকি? ইয়াৰ ফলত কি হ’ব পাৰে, জানক…

Bathing At Night: বহু মানুহৰ নিশা শুৱাৰ পূৰ্বে গা ধুৱাৰ অভ্যাস আছে। আপুনিও যদি নিশা শুৱাৰ পূৰ্বে গা ধুৱে তেন্তে বহু উপকাৰ লাভ কৰিব পাৰে। এই ক্ষেত্ৰত সবিশেষ জনা দৰকাৰ।

নিশা শুৱাৰ পূৰ্বে গা ধুৱাৰ অভ্যাস আছে নেকি? ইয়াৰ ফলত কি হব পাৰে, জানক...

গা ধুৱা

Updated On: 

26 Nov 2025 | 07:03 PM

মানুহে দিনত গা ধুলে সতেজ অনুভৱ কৰে। কিন্তু বহুতে নিশা শুৱাৰ পূৰ্বেও গা ধুৱা দেখা যায়। নিশা গা ধোৱাৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? দিনটোৰ ব্যস্ততাৰ অন্তত নিশা শুৱাৰ পূৰ্বে গা ধুলে শৰীৰ সতেজ অনুভৱ হয়, লগতে ধূলি,মানসিক চাপ আদিৰ পৰা সকাহ পোৱা যায়। ইয়াৰোপৰি ই ছাল আৰু মস্তিষ্ক দুয়োটাৰে বাবে উপকাৰী। মাত্ৰ ১০ মিনিট গা ধুলে আপোনাৰ ভাল টোপনি, ভাল ছাল, মানসিক শান্তি লাভ কৰিব পাৰে।

কি ৰোগ হ’ব পাৰে

নিশা শুৱাৰ পূৰ্বে গা ধুলে মানুহৰ চৰ্দি, কাহ, জ্বৰ আৰু অন্য অন্ত্ৰৰ সমস্যা হ’ব পাৰে। বিশেষকৈ চৰ্দিৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধিৰ সম্ভাৱনা আছে।

ধুলে কি লাভ হয়

  • যদি আপোনাৰ নিশা টোপনি অহাৰ সমস্যা আছে তেন্তে শুৱাৰ পূৰ্বে গা ধুব পাৰে। কুহুমীয়া পানীৰে গা ধুলে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি পায় আৰু গা ধুৱাৰ পাছত লাহে লাহে ঠাণ্ডা হোৱাৰ বাবে মস্তিষ্কই সতেজ অনুভৱ কৰে। যাৰ ফলত শৰীৰ টোপনিৰ বাবে সাজু হয় আৰু ভাল টোপনি আহে।
  • দিনটো ব্যস্ততাৰ অন্ততত গা ধুলে শৰীৰ আৰু মনটোৱে শান্তি লাভ কৰে। নিশা শুৱা একপ্ৰকাৰ ডিটক্স থেৰাপীৰ দৰে কাম কৰে। পানীয়ে মাংসপেশীক আৰাম প্ৰদান কৰে। তেজৰ সঞ্চালন ভাল হয় আৰু মানসিক স্বাস্থ্য উন্নত হয়।
  • নিশা গা ধুৱা ছাল আৰু চুলিৰ বাবে ভাল। দিনটোৰ প্ৰদূষণ, ধূলি,ঘাম আদিৰ পৰা ছালৰ ক্ষতি হয়। গা ধুৱাৰ ফলত ছাল পৰিষ্কাৰ হয়। ইয়াৰোপৰি চুলি ধুনীয়া হৈ পৰে। চুলিৰ পৰা বেয়া পদাৰ্থ বাহিৰ হৈ পৰিষ্কাৰ হয়।

উল্লেখ্য যে, ইয়াত কেৱল সাধাৰণ দিশ উল্লেখ কৰা হৈছে। যদি আপোনাৰ কিবা ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ শীতকালত বৃদ্ধি পাই বৃক্কত পাথৰ হোৱাৰ সম্ভাৱনা! ৩টা ডাঙৰ কাৰণ জানক চিকিৎসকৰ পৰা…

নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি