শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাতিপুৱা খালী পেটত ২-৩ টা বেলপাত চোবাই খালে কি হয়? জানক…

প্ৰতিদিনে ৰাতিপুৱা খালী পেটত ২-৩ টা বেলপাত চোবাই খাবলৈ আৰম্ভ কৰিলে আপোনাৰ স্বাস্থ্যৰ কি পৰিৱৰ্তন হ’ব (Bael Leaves Benefits) জানেনে? আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি ধৰা হয়। সেয়েহে খালী পেটত চোবাই খালে বহুতো স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি।

ৰাতিপুৱা খালী পেটত ২-৩ টা বেলপাত চোবাই খালে কি হয়? জানক…
বেলপাতৰ উপকাৰিতা
trishna-kalita
Trishna Kalita | Updated On: 08 Nov 2025 15:28 PM

আয়ুৰ্বেদত বেলপাতক ঔষধি গুণেৰে সমৃদ্ধ বুলি কোৱা হয়। কেৱল ধৰ্মীয়ভাৱে ভগৱান শিৱৰ ওচৰত অৰ্পণ কৰাই নহয়, ইয়াত থকা ঔষধি গুণ শৰীৰৰ বাবে অলৌকিক হিচাপে পৰিচিত। খালী পেটত বিশেষকৈ ৰাতিপুৱা বেলপাত চোবাই খোৱাটো অতি উপকাৰী হ’ব পাৰে (Bael Leaves Benefits on Empty Stomach)।

বেলপাতত এন্টিঅক্সিডেন্ট, এন্টিবেক্টেৰিয়েল, এন্টিফাংগেল, ভিটামিন এ, চি, ৰাইবোফ্লেভিন, ভিটামিন বি ৬, বি ১২, আৰু বি ১, কেলচিয়াম, আঁহ আদি বহুতো পুষ্টিকৰ উপাদান থাকে। যিয়ে সামগ্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। ইয়াৰ আচৰিত উপকাৰ (Benefits of Chewing Bael Leaves)ৰ বিষয়ে জানো আহক।

খালী পেটত বেলৰ পাত চোবাই খোৱাৰ উপকাৰিতা

ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে – নিয়মিতভাৱে বেলপাত খালে শৰীৰত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ইয়াত উপস্থিত উপাদানে অগ্নাশয় সক্ৰিয় কৰে আৰু ইনচুলিন নিঃসৰণত সহায় কৰে। সেয়েহে ৰাতিপুৱা খালী পেটত চোবাই খালে ডায়েবেটিছ ৰোগীয়ে যথেষ্ট সকাহ পায়।
পাচনতন্ত্ৰ উন্নত কৰে – বেল পাতত থকা আঁহ আৰু প্ৰদাহ নিবাৰণকাৰী গুণে হজম শক্তি উন্নত কৰে। ইয়াৰ দ্বাৰা গেছ, কোষ্ঠকাঠিন্য, বদহজম, পেটৰ বিষ আদি সমস্যাৰ পৰা সকাহ পোৱা যায়। ইয়াৰ উপৰিও লিভাৰ সক্ৰিয় কৰে, যাৰ ফলত হজম শক্তি ভাল হোৱাত সহায় কৰে।
বৃক্ক আৰু যকৃত পৰিষ্কাৰ কৰাত উপকাৰী – ৰাতিপুৱা খালী পেটত বেল পাত চোবাই খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ইয়াৰ ফলত বৃক্ক আৰু যকৃত পৰিষ্কাৰ হৈ থাকে আৰু সংক্ৰমণৰ সম্ভাৱনা কম হয়।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে – ইয়াত থকা ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট গুণে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাৰ ফলত শৰীৰক ভাইৰাছৰ সংক্ৰমণ, চৰ্দি, ঋতুজনিত ৰোগৰ পৰা ৰক্ষা কৰে।
দুৰ্গন্ধ আৰু আলচাৰৰ বাবে উপকাৰী – বাহি মুখত বেল পাত চোবাই খালে মুখৰ বেক্টেৰিয়া, মুখৰ দুৰ্গন্ধ নাইকীয়া হয়। ইয়াৰ উপৰিও দাঁতৰ আলু, আলচাৰ, দাঁতৰ সমস্যাৰ পৰাও সকাহ দিয়ে।
ৰক্তচাপ নিয়ন্ত্ৰণ কৰে – বেলপাত চোবাই খালে  ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ ৰোগীৰ বাবে ইয়াক উপকাৰী বুলি গণ্য কৰা হয়।
মানসিক চাপ আৰু ভাগৰৰ পৰা উপশম দিয়ে – ইয়াত প্ৰাকৃতিক উপাদান থাকে যিয়ে মনক শান্ত কৰে, মনোযোগ বৃদ্ধি কৰে, আৰু টোপনিৰ সমস্যাৰ পৰা সকাহ দিয়ে।
সুন্দৰ ছাল আৰু চুলি – বেলপাতে শৰীৰৰকভিতৰৰ পৰা বিষমুক্ত কৰে। ইয়াৰ ফলত ছালত জিলিকি উঠে আৰু চুলি সৰা কমি যায়।

এইবোৰ কথা মনত ৰাখিব:

বেলৰ পাত সতেজ আৰু পৰিষ্কাৰ হ’ব লাগে, আৰু ৰাতিপুৱা মাত্ৰ ১-৩টা পাতহে খাব লাগে। গৰ্ভৱতী মহিলা, থাইৰয়ড বা আন কোনো গুৰুতৰ ৰোগত আক্ৰান্ত লোকে চিকিৎসকৰ পৰামৰ্শ ল’ব।