Cholesterol: শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পালে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

cকলেষ্টেৰল আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। কিন্তু বেয়া কলেষ্টেৰলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। যেতিয়া শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পাই তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে।

Cholesterol: শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পালে কি কি লক্ষণে  দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...

কলেষ্টেৰল

Published: 

04 Dec 2025 | 03:55 PM

কলেষ্টেৰল আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়। কিন্তু বেয়া কলেষ্টেৰল (Cholesterol) ধমনীত জমা হৈ হৃদযন্ত্ৰৰ সমস্যা কৰিব পাৰে। যেতিয়া তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হয় তেতিয়া ই ৰক্তবাহী নলীত জমা হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত ৰক্তবাহী নলীবোৰ সংকুচিত হৈ পৰে। ইয়াৰ ফলত হৃদযন্ত্ৰই শৰীৰৰ সকলো অংগলৈ তেজ পাম্প কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়। যদি এই সমস্যা দীৰ্ঘদিন থাকে তেন্তে হাৰ্ট এটেকো হ’ব পাৰে।

কলেষ্টেৰল হৈছে এক প্ৰকাৰ চৰ্বি (লিপিড)। ই আমাৰ শৰীৰৰ কোষ, পিত্ত, হৰম’ন আৰু ভিটামিন ডিৰ গঠনত সহায় কৰে। ই তেজত পোৱা যায় আৰু ই দুবিধ: ভাল কলেষ্টেৰল (HDL) আৰু বেয়া কলেষ্টেৰল (LDL)। বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে  ই ধমনীত জমা হয় আৰু ধমনীবোৰ সংকুচিত কৰি তোলে।

লক্ষণ

যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পাই তেতিয়া ইয়াৰ কিছুমান লক্ষণ ছালত দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ পাটপাৰগঞ্জৰ মেক্স হাস্পতালৰ ডাঃ মীনাক্ষী জৈনে। সেইবোৰ হ’ল-

  • চকুৰ চাৰিওফালে হালধীয়া দাগ হোৱা। ইয়াক ক্জেনথেলাজমা বুলি কোৱা হয়।
  • ছালৰ ৰং সলনি।
  • কৰ্ণিয়াৰ চাৰিওফালে বগা বা পাতল ধূসৰ ৰঙৰ আঙঠি গঠন হয় (ক’লা ছানি) তেন্তে ইয়াক “আৰ্কাছ চেনিলিছ” বোলা হয়।
  • ছালৰ আন অংশত গুটি ওলোৱা।
  • হাত-ভৰিৰ আঙুলিবোৰ নীলা বা ঠাণ্ডা অনুভৱ কৰা।
  • ছালত ফোহা বা খজুৱতি আদি।

অন্য লক্ষণ

  • বুকুত বিষ
  • ভাগৰ আৰু দুৰ্বলতা
  • উশাহত কষ্ট পোৱা
  • হাত-ভৰিত জিনজিননি
  • উচ্চ ৰক্তচাপ আদি।

যদি এই লক্ষণসমূহ দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

পৰিত্ৰাণৰ উপায়

কলেষ্টেৰল কিছুমান খাদ্যভাস আৰু জীৱনশৈলীৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি। প্ৰতিদিনে ব্যায়াম কৰা উচিত। পুৱা বা গধুলি খোজ কাঢ়িব লাগে। ফল-মূল, শাক-পাচলি, ড্ৰাই ফ্ৰুট আদি খাব লাগে। ইয়াৰোপৰি ওজন নিয়ন্ত্ৰণ কৰা দৰকাৰ। সুৰাপান, ধূমপান ত্যাগ কৰক। কলেষ্টেৰল বৃদ্ধি পোৱা এক ডাঙৰ সমস্যা। দীৰ্ঘদিন এই সমস্যা দেখা দি থাকিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ আজিয়ে কৰক ত্যাগ! এই ৩টা অভ্যাসে নষ্ট কৰিব পাৰে আপোনাৰ যকৃত, জানক চিকিৎসকৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...