কঁকালৰ বিষ হৈ থাকে নেকি? ইয়াৰ কাৰণ কি, জানক বিশেষজ্ঞৰ পৰা…

প্ৰায়ভাগ মানুহে কঁকালৰ বিষত ভোগা দেখা যায়। বহু সময়ত ইয়াক সাধাৰণ বুলি ধৰা হয়। কিন্তু ই আপোনাৰ শীৰৰত হৈ থকা ভিটামিনৰ অভাৱৰ লক্ষণ হ'ব পাৰে।

কঁকালৰ বিষ হৈ থাকে নেকি? ইয়াৰ কাৰণ কি, জানক বিশেষজ্ঞৰ পৰা...

কঁকাল বিষৰ কাৰণ

Published: 

26 Aug 2025 | 04:42 PM

আজিকালি মানুহে বিভিন্ন শাৰীৰিক সমস্যাত ভোগে। বিভিন্ন কাৰণত এই সমস্যাবোৰ হয়। সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। বহু সময়ত এই লক্ষণবোৰ মানুহে আওকান কৰে। কিন্তু এয়া ঠিক নহয়। কিয়নো পাছলৈ ই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে সময়মতে ইয়াক চিনাক্ত কৰি সঠিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো সুস্থ শৰীৰেহে মানুহক সক্ৰিয় কৰি ৰাখে।

বহুতে বহু সময়ত কঁকালৰ বিষৰ সমস্যাত ভোগে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে বিভিন্নজনে ইয়াৰ সমস্যাত ভোগা দেখা যায়। সাধাৰণতে বেছি সময় বহি থাকিলে, হেঁচা,শাৰীৰিক কাৰ্যকলাপৰ অভাৱত এনে হোৱা দেখা যায়। কিন্তু সকলো সময়তে এই কাৰণ নহ’ব পাৰে। ভিটামিনৰ অভাৱৰ ফলতো মানুহৰ কঁকালৰ বিষ হ’ব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

এই সন্দৰ্ভত বিশিষ্ট লেখক তথা যোগগুৰু হংসা যোগেন্দ্ৰই তেওঁৰ ইউটিউব চেনেলত ইয়াৰ বিষয়ে ভিডিঅ’ শ্বেয়াৰ কৰিছে। শৰীৰত ভিটামিন ডিৰ অভাৱত কঁকালৰ বিষ হ’ব পাৰে।

কাৰণ

যদি আপোনাৰ সঘনাই কঁকালৰ বিষ হৈ থাকে তেন্তে এয়া ভিটামিন ডিৰ অভাৱৰ লক্ষণ হোৱাৰ সম্ভাৱনা আছে। ভিটামিন ডি আমাৰ হাড় আৰু মাংসপেশী মজবুত কৰাত সহায় কৰে। ই শৰীৰত কেলচিয়াম শোষণ কৰাত সহায় কৰে। যেতিয়া শৰীৰত ভিটামিন ডিৰ অভাৱ হয় তেতিয়া হাড় দুৰ্বল হৈ পৰে। যাৰ ফলত পিঠি, কঁকালৰ বিষ, মাংসপেশী জঠৰতা, ভাগৰ আদি অনুভৱ হয়। ইয়াৰ লগতে আৰু কিছুমান লক্ষণে দেখা দিয়ে। তলত ইয়াৰ লক্ষণসমূহ উল্লেখ কৰা হ’ল-

লক্ষণ

  • অনবৰতে ভাগৰ অনুভৱ কৰা
  • হাড় আৰু গাঁঠিৰ বিষ
  • মাংসপেশী দুৰ্বল
  • বাৰে বাৰে চৰ্দি, কাহ
  • দুৰ্বল ৰোগ প্ৰতিৰোধী ক্ষমতা।

এনে লক্ষণসমূহ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। যদি বাৰে বাৰে এনে সমস্যা হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ মতে পৰিপূৰক গ্ৰহণ  কৰিব লাগে।

কি কৰিব

  • প্ৰতিদিনে ১৫-২০ মিনিট ৰদত বহিব লাগে।
  • ডায়েটত গাখীৰ, পনীৰ, দৈ, মাশ্বৰুম, পালেং, বাদাম, কিচমিছ আদি অন্তৰ্ভুক্ত কৰক।
  • ইয়াৰ পাছতো ঠিক নহ’লে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

উল্লেখ্য যে, সুস্থ শৰীৰৰ বাবে ভিটামিন ডিৰ প্ৰয়োজন। যেতিয়া ইয়াৰ অভাৱ হয় তেতিয়া শৰীৰত সমস্যাৰ সৃষ্টি হয়। গতিকে সমস্যা সৃষ্টিৰ সময়ত ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰা ভাল।

 

অন্য খবৰ পঢ়কঃ নিশা শৰীৰ কঁপা, পিয়াহ লাগি থকা… হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...