৬ মাহৰ পাছত আপোনাৰ শিশুক কি খাদ্য খুৱাব? বিশেষজ্ঞৰ পৰা জানক

Baby Diet Plan: অভিভাৱকে শিশুৰ কঠিন আহাৰৰ তালিকাত দাইল, ৰুটি আৰু নিয়মীয়া খাদ্য অন্তৰ্ভুক্ত কৰে। কিন্তু বহুসময়ত কেঁচুৱাই শিশুৱে সেইবোৰ খাবলৈ ভাল নাপায়। ৬ মাহৰ পাছত শিশুসকলক কি কি কি খুৱাব লাগে বিশেষজ্ঞৰ পৰা জানক

৬ মাহৰ পাছত আপোনাৰ শিশুক কি খাদ্য খুৱাব? বিশেষজ্ঞৰ পৰা জানক

শিশুৰ খাদ্য

Updated On: 

24 Aug 2024 | 06:49 PM

6 Months Baby Diet: জন্মৰ পাছত শিশুটিক প্ৰথম ৬ মাহলৈ কেৱল মাতৃৰ গাখীৰ দিয়া হয়। কিন্তু এই সময়ৰ পাছত শিশুৰ পেট কেৱল মাতৃৰ গাখীৰেৰে ভৰ্তি নহয়। এনে পৰিস্থিতিত চিকিৎসকে শিশুসকলক গাখীৰৰ সৈতে কিছু কঠিন খাদ্য খুৱাৱলৈ পৰামৰ্শ দিয়ে। যিয়ে শিশুৰ মানসিক বিকাশত সহায় কৰে।

কঠিন খাদ্যত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক ৰুটি, দাইল বা নিয়মীয়া খাদ্য খুৱাই। কিন্তু বহুসময়ত শিশুৱে ইয়াক খাবলৈ ভাল নাপায়। এনে পৰিস্থিতিত পিতৃ-মাতৃসকলে সদায়ে শিশুসকলক কঠিন খাদ্যত দি খূৱাব লাগে তাক লৈ চিন্তাত পৰে। লক্ষ্ণৌৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ তৰুণ আনন্দে অভিভাৱকৰ সমস্যা নোহোৱা কৰাৰ বাবে চেষ্টা কৰিছে। তেওঁ কৈছে ৬ মাহৰ পাছত শিশুক কি আৰু কিমান পৰিমাণৰ খাদ্য দিব লাগে?

 

আপোনাৰ শিশুটিক কি খুৱাব?

ডাঃ তৰুণ আনন্দে কয় যে ৬ মাহৰ পাছত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ বৃদ্ধি কৰিবলৈ তেওঁলোকক আহাৰত খিচিৰি, মিলেটৰ পৰা তৈয়াৰ কৰা বস্তু খুৱাওক।

  • ৬ৰ পৰা ১০ মাহলৈ শিশুক দিনত ২ বাৰ কৈ খাদ্য খুৱাব
  • ১০ ৰ পৰা ১২ মাহলৈ শিশুক ৩ বাৰ খাদ্য আৰু ২ বাৰ স্নেকছ নিশ্চয় খুৱাব
  • ইয়াৰ উপৰিও ১২ মাহৰ পাছত আপোনাৰ শিশুটিক নিয়মিতভাৱে গাখীৰ খুৱাবলৈ আৰম্ভ কৰক

বিশেষজ্ঞসকলৰ মতে ১ বছৰ বয়সৰ পাছত শিশুৰ দাঁতৰ গুৰি শক্তিশালী হয়। সেই সময়ত তেওঁলোকক ফিংগাৰ ফুড নিশ্চয় খুৱাওক, যাব বাবে শিশুৱে সঠিকভাৱে খাদ্য চোবাবলৈ শিকে।

 

বীন আৰু দাইল

৬ মাহৰ পাছত আপুনি আপোনাৰ সন্তানৰ খাদ্যত বীন আৰু দাইল অন্তৰ্ভুক্ত কৰক। বীনত ফলিক এচিড পোৱা যায়। যিয়ে তেজৰ পৰিমাণ কম হ’বলৈ নিদিয়ে। দাইল খালে শিশুৱে পৰ্যাপ্ত পৰিমাণৰ প্ৰ’টিন লাভ কৰিব।

পানী

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ৬ মাহৰ পাছত শিশুক পানী খাবলৈ দিব। ইয়াৰ ফলত শিশুটোৰ ডিহাইড্ৰেচনৰ সমস্যা নহ’ব। যিকোনো খাদ্য খোৱাৰ পাছত শিশুক ১ৰ পৰা ২ চাহ চামুচ পানী খুৱাওক।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ