শৰীৰত দেখা দিছে নেকি এনে লক্ষণে? সাৱধান, বিপদৰ পূৰ্বেই যত্ন লওক লিভাৰৰ

খাদ্যাভ্যাস সলনি কৰাৰ লগতে আন কিছু পন্থাৰেও লিভাৰ ডিটক্স কৰা হয়। বহু সময়ত ভুল খাদ্যাভ্যাস বা অত্যধিক মদ্যপান আৰু ধূমপানৰ বাবে লিভাৰৰ ওপৰত অধিক চাপ পৰে। ইয়াৰ ফলত লিভাৰৰ কোষবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

শৰীৰত দেখা দিছে নেকি এনে লক্ষণে? সাৱধান, বিপদৰ পূৰ্বেই যত্ন লওক লিভাৰৰ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Aug 2025 | 02:29 PM

বৰ্তমান সময়ত অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবে নানা স্বাস্থ্যজনিত সমস্যা অতি সাধাৰণ হৈ পৰিছে। বহুলোক এই সময়ত লিভাৰ অৰ্থাৎ যকৃতৰ সৈতে জড়িত সমস্যাও অন্যতম। ফেটি লিভাৰৰ সমস্যা বৰ্তমান সময়ত বহুলোকৰ ক্ষেত্ৰতে দেখা যায় অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ বাবেও এনে সমস্যা হ’ব পাৰে। লিভাৰত যদি কোনো সমস্যা হয়, ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰে লিভাৰৰ কিছুমান অৱস্থাই অত্যন্ত গুৰুতৰ ৰূপ ল’ব পাৰে। লিভাৰৰ সমস্যা প্ৰতিৰোধৰ বাবে উপযুক্ত খাদ্য আৰু লক্ষণ চিনাক্ত কৰাৰ লগতে সঠিক সময়ত চিকিৎসা গ্ৰহণ কৰা উচিত।

লিভাৰ ডিটক্স হৈছে এনে এক প্ৰক্ৰিয়া, যি লিভাৰত থকা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ইয়াৰ লগে লগে লিভাৰে পুনৰ স্বাভাৱিকভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। খাদ্যাভ্যাস সলনি কৰাৰ লগতে আন কিছু পন্থাৰেও লিভাৰ ডিটক্স কৰা হয়। বহু সময়ত ভুল খাদ্যাভ্যাস বা অত্যধিক মদ্যপান আৰু ধূমপানৰ বাবে লিভাৰৰ ওপৰত অধিক চাপ পৰে ইয়াৰ ফলত লিভাৰৰ কোষবোৰ দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

এনে পৰিস্থিতিত লিভাৰৰ বিষমুক্ত কৰাৰ ক্ষমতা হ্ৰাস পায়। আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই উল্লেখ কৰা মতে পেটত গেছ উৎপন্ন হোৱা, বদহজম হোৱা, কম খাদ্য খোৱাৰ পিছত এচিডিটি হোৱা, ভোক নলগা, কোষ্ঠকাঠিন্য, দুৰ্বলতা, ভাগৰুৱা অনুভৱ, ভৰিৰ বিষ আৰু ফুলি উঠাৰ দৰে লক্ষণ দেখা পালে লিভাৰ ডিটক্সৰ প্ৰয়োজন হ’ব পাৰে।

যদি এই লক্ষণসমূহে কোনো লোকৰ শৰীৰত দেখা যায়, তেতিয়া তেওঁলোকে চিকিৎসকৰ কাষ চাপিব লাগে বুলি কিৰণ গুপ্তাই জানিবলৈ দিয়ে ইয়াৰ উপৰিও লিভাৰ ডিটক্সৰ বাবেও বহুতো ঘৰুৱা উপায় গ্ৰহণ কৰা হয়। বিশেষজ্ঞগৰাকীয়ে সদৰী কৰা মতে কিছুমান পানীয়ই আমাৰ লিভাৰ ডিটক্স কৰিব পাৰে। সেউজীয়া ধনীয়াৰ ৰস আৰু গোমধানৰ ৰেচমৰ পানীয়ই যকৃতৰ বিষমুক্ত কৰাত সহায় কৰে।

কিন্তু এই পানীয় বিশেষজ্ঞৰ পৰামৰ্শ মতেহে খাব লাগে। ইয়াৰ উপৰিও দৈনন্দিন খাদ্য তালিকাত ফলমূল অন্তৰ্ভুক্ত কৰিব লাগে আপেল, নাচপতি আৰু কলৰ দৰে ফলে আপোনাক উপকৃত ব। ইয়াৰ লগতে সুস্থ জীৱনশৈলী গ্ৰহণ কৰি দৈনন্দিন যোগাসন বা ব্যায়ামৰ অভ্যাস গঢ়ি তোলক দৈনিক উপযুক্ত পৰিমাণৰ পানী খাব লাগে। নিশা শোৱাৰ পূৰ্বে একাপ গাখীৰ বা পানীত ১ চামুচ অলিভ অইল দি খাব পাৰে।

এইক্ষেত্ৰত আমলখি আৰু এলোভেৰাৰ ৰসো উপকাৰী। ১ চামুচ জিৰা, ১ চামুচ ধনীয়া আৰু সামান্য আজৱাইন পানীত নিশা তিয়াই আৰু পুৱা উতলাই সেই পানীয়ত নেমুৰ ৰস দি পান কৰক। এই পানীয় লিভাৰ ডিটক্সৰ বাবে অত্যন্ত সহায়ক হৈ পৰে। ইয়াৰ লগতে ই ছালৰ উজ্জলতা অনাতো সহায় কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...