ৰাতিপুৱা ব্যায়াম কৰা পাছত এই ভুলবোৰ নকৰিব, স্বাস্থ্যৰ ক্ষতি হ’ব…

কিছুমান লোকে নিজৰ ফিটনেছ ধৰি ৰাখিবলৈ ব্যায়াম কৰে, আন কিছুমানে ওজন হ্ৰাস কৰিবলৈ ব্যায়াম কৰে । কিন্তু ব্যায়াম কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয় । ব্যায়ামে আপোনাক সুস্থ আৰু ফিট কৰি ৰখাত সহায় কৰে।

ৰাতিপুৱা ব্যায়াম কৰা পাছত এই ভুলবোৰ নকৰিব, স্বাস্থ্যৰ ক্ষতি হ’ব...

ব্যায়ামৰ পাছত কি কৰিব নালাগে?

Published: 

04 Sep 2024 | 06:48 AM

বৰ্তমান সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি বহু লোক সচেতন । কিছুমান লোকে নিজৰ ফিটনেছ ধৰি ৰাখিবলৈ ব্যায়াম কৰে, আন কিছুমানে ওজন হ্ৰাস কৰিবলৈ ব্যায়াম কৰে । কিন্তু ব্যায়াম কৰাৰ সময়ত কিছুমান কথা মনত ৰখাটো অতি প্ৰয়োজনীয় । ব্যায়ামে আপোনাক সুস্থ আৰু ফিট কৰি ৰখাত সহায় কৰে। যদি আপুনি ৰাতিপুৱাটো কেৱল লঘু শাৰীৰিক কাৰ্যকলাপেৰে আৰম্ভ কৰে তেন্তে ই আপোনাক অধিক ফিট অনুভৱ কৰাব।

লগে লগে পানী খাব নালাগে

ব্যায়াম কৰাৰ সময়ত শৰীৰৰ পৰা বহুত ঘাম ওলায়, এনে পৰিস্থিতিত ব্যায়াম কৰাৰ পাছত তীব্ৰ পিয়াহ অনুভৱ হয় আৰু মানুহে লগে লগে পানী খাই দিয়ে । কিন্তু মন ৰাখিব লগে লগে পানী কোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। যদি আপুনি ব্যায়াম কৰি আছে বা তাৰ পাছত পানী খাব বিচাৰে, তেন্তে আপুনি প্ৰথমে আৰামত বহি দীঘলকৈ উশাহ লওক আৰু তাৰ পিছত জিৰণি লওক। ইয়াৰ পাছত অলপ অলপকৈ পানী খাব পাৰে ।

লগে লগে গা নুধুব

ব্যায়াম কৰি শেষ কৰাৰ লগে লগে গা ধুই নিদিব । বহু লোকে ব্যায়াম কৰাৰ পাছতে গা ধুই দিয়ে । কিন্তু মন ৰাখিব ব্যায়াম শেষ কৰাৰ লগে লগে গা ধোলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। আপুনি ব্যায়াম কৰাৰ আধা ঘণ্টাৰ পাছত হে গা ধুব।

গধুৰ খাদ্য নাখাব

যদি আপুনি ব্যায়াম কৰিছে তেন্তে লগে লগে গধুৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ইয়াৰ লগতে যিকোনো খাদ্য বা জলপান কমেও ব্যায়াম কৰাৰ ৩০-৩৫ মিনিট পিছতহে খাবলৈ চেষ্টা কৰক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...