ভাৰতৰ ৭০% মহিলা আক্ৰান্ত এই ৰোগত! জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…

Autoimmune disease: যেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ কলাবোৰক আক্ৰমণ কৰে তেতিয়া তাক অটোইম্যুন ৰোগ বুলি কোৱা হয়। ভাৰতৰ প্ৰায় ৭০ শতাংশ মহিলা এই ৰোগত আক্ৰান্ত।

ভাৰতৰ ৭০% মহিলা আক্ৰান্ত এই  ৰোগত! জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো...

হাতৰ বিষ

Published: 

14 Oct 2025 08:11 AM

ভাৰতত অটোইম্যুন ৰোগত আক্ৰান্ত সকলো ৰোগীৰ ভিতৰত প্ৰায় ৭০% মহিলা। তথ্য অনুসৰি বিশেষকৈ ২০ৰ পৰা ৫০ বছৰৰ ভিতৰৰ মহিলাসকল এই ৰোগত আক্ৰান্ত হয়। এই সময়চোৱাত হৰম’ন আৰু জীৱনশৈলীৰ কাৰকসমূহ সক্ৰিয় হয়। যেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই ভুলতে নিজৰ কলাসমূহক আক্ৰমণ কৰে তেতিয়া এই ৰোগ হয়। এই ৰোগৰ সাধাৰণ অৱস্থাত বাতবিষ, লুপাছ, থাইৰয়ডাইটিছ, চ’ৰিয়াচিছ, শ্ব’গ্ৰেন চিনড্ৰম আদি হয়। এই ৰোগবোৰে গাঁঠি, ছাল, ৰক্তবাহী নলী, আনকি অন্তৰ্নিহিত অংগ যেনে হৃদযন্ত্ৰ বা হাওঁফাওঁ আদিকো আক্ৰান্ত কৰিব পাৰে।

চিকিৎসকে কি কয়

নতুন দিল্লীৰ এইমছৰ বাতবিষ বিভাগৰ মুৰব্বী ডাঃ উমা কুমাৰে কয় যে তেওঁৰ ওচৰলৈ অহা এই ৰোগৰ অধিকাংশ ৰোগী মহিলা। যেতিয়া এই ৰোগৰ লক্ষণ দেখা দিয়ে তেতিয়া মহিলাসকলে ইয়াক আওকান কৰা দেখা যায়। গতিকে এই ৰোগ বাঢ়ি যায়। জিনীয় কাৰণ, প্ৰজনন, প্ৰসৱৰ পাছত হৰম’নৰ পৰিৱৰ্তন, মানসিক চাপ, মেদবহুলতা, আৰু পুষ্টিৰ অভাৱ আদিৰ বাবে এই ৰোগ হ’ব পাৰে।

কম বয়সীয়া মহিলা

ফৰ্টিছ হাস্পতালৰ বাত বিজ্ঞানৰ সঞ্চালক ডাঃ বিমলেশ ধৰ পাণ্ডেয কয় যে, ৩০ ৰ পৰা ৪০ বছৰৰ মহিলাসকলো এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। চিকিৎসকৰ ওচৰলৈ অহাৰ পূৰ্বে ইতিমধ্যে তেওঁলোকৰ গাঁঠি বা অংগসমূহৰ ক্ষতি হয়। গতিকে এই ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজন। মহিলাসকলে ভাগৰুৱা, গাঁঠিৰ জঠৰতা, ফুলা আদি লক্ষণবোৰ আওকান কৰে যাৰ বাবে এই ৰোগ বৃদ্ধি পায়।

লক্ষণ

১০০ৰো অধিক বিভিন্ন অটোইম্যুন ৰোগ আছে। ই শৰীৰৰ যিকোনো অংগক প্ৰভাৱিত কৰিব পাৰে। গাঁঠি, পেশী, ছাল, ৰক্তবাহী নলী, পাচনতন্ত্ৰ, অন্তঃস্ৰাৱী তন্ত্ৰ, স্নায়ুতন্ত্ৰ আদিক প্ৰভাৱিত কৰে। এই ৰোগৰ কিছুমান সাধাৰণ লক্ষণ হ’ল-

  • ভাগৰুৱা,
  • গাঁঠিৰ বিষ,
  • ফুলা,
  • ছালত ফোহা ওলোৱা,
  • ছাল ৰঙা পৰা,
  • ছাল গৰম,
    জ্বৰ,
  • পাচনতন্ত্ৰৰ সমস্যা,
  • পেশীৰ বিষ,
  • ওজনৰ পৰিৱৰ্তন,
  • মানসিক চাপ

চিকিৎসকৰ অভাৱ

বৰ্তমান ভাৰতত প্ৰশিক্ষিত বাত বিশেষজ্ঞৰ অভাৱৰ সন্মুখীন হৈছে। যাৰ বাবে সমস্যা বৃদ্ধি পাইছে। এক বিলিয়নৰো অধিক জনসংখ্যাৰ বাবে ১০০০ৰো কম বিশেষজ্ঞ আছে। ইয়াৰোপৰি এই ক্ষেত্ৰত মহিলাসকলক সজাগতাৰ প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ দিনটো সুস্থ হৈ থাকিবলৈ পুৱা অনুসৰণ কৰক এই ৫টা ভাল অভ্যাস…

কি কি কাৰণত বেয়া কলেষ্টেৰল বৃদ্ধি পাব পাৰে ? কেনেকৈ কৰিব নিয়ন্ত্ৰণ ?
শনি দেৱৰ কোপদৃষ্টি আঁতৰিব, প্ৰতি শনিবাৰে কৰক এইকেইটা কাম!
শীতকালত চুলি বেছিকৈ সৰে নেকি? এই পদ্ধতিৰে দূৰ কৰক চুলিৰ সকলো সমস্যা!
মাহেকীয়া পলমকৈ হোৱা PCOS ৰ লক্ষণ নেকি? জানক বিশেষজ্ঞৰ পৰা
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...