গাহৰি মাংসৰ সৈতে মাটি মাহ, জানক সহজ অসমীয়া ৰন্ধন পদ্ধতি…

অতি সহজ উপায়ৰে ঘৰতে মাটি মাহৰ সৈতে গাহৰি মাংস ৰান্ধি আপুনি এক সুকীয়া জুতি ল'ব পাৰে । মাটি মাহ আৰু গাহৰি মাংস ৰান্ধিবলৈ আপুনি বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই । মাটি মাহ আৰু গাহৰি মাংসৰ জুতি ল'বলৈ অনুসৰণ কৰক এই পদ্ধতি ।

গাহৰি মাংসৰ সৈতে মাটি মাহ, জানক সহজ অসমীয়া ৰন্ধন পদ্ধতি...

গাহৰি মাংস আৰু মাটি মাহৰ ৰেছিপি

Updated On: 

16 Dec 2024 20:01 PM

প্ৰতিজন অসমীয়াৰ বাবে গাহৰি মাংস অতি প্ৰিয় । আমাৰ অসমীয়া সমাজত গাহৰি মাংস ৰন্ধাৰ বিভিন্ন পদ্ধতি আছে । ইফালে অসমৰ জনগোষ্ঠীৰ লোকসকলৰ মাজত গাহৰি মাংস ৰন্ধাৰ নিজ নিজ পৰম্পৰাগত পদ্ধতিও আছে । আপুনি গাহৰি মাংসৰ লগত মাটি মাহৰ জুতি লৈ পাইছে ? গাহৰি মাংস আৰু মাটি মাহ অসমীয়া সমাজৰ পৰম্পৰাগত ৰন্ধন পদ্ধতিৰ ভিতৰতে পৰে ।

যিহেতু অসমীয়া লোকসকলে ৰন্ধন পদ্ধতিত বেছি মচলা ব্যৱহাৰ নকৰে, সেহেয়ে এই পদ্ধতিত গাহৰি মাংস ৰান্ধিবলৈ মচলাৰ প্ৰয়োজন নহয় । অতি সহজ উপায়ৰে ঘৰতে মাটি মাহৰ সৈতে গাহৰি মাংস ৰান্ধি আপুনি এক সুকীয়া জুতি ল’ব পাৰে । মাটি মাহ আৰু গাহৰি মাংস ৰান্ধিবলৈ আপুনি বিশেষ কষ্ট কৰাৰ প্ৰয়োজন নাই ।

মাটি মাহ আৰু গাহৰি মাংসৰ জুতি ল’বলৈ অনুসৰণ কৰক এই পদ্ধতি

  • প্ৰথমে আপোনাৰ প্ৰয়োজন অনুসৰি গাহৰি মাংসখিনি সুৰু সুৰুকৈ কাটি ল’ব । ৰন্ধন পদ্ধতি সহজ কৰিবৰ বাবে প্ৰায় ১৫ পৰা ২০ মিনিট সময় মাংসখিনি বইল কৰিব । বইল কৰাৰ সময়ত অলপ নিমখ দিব পাৰে আৰু বইল কৰাৰ পাছত পানীখিনি পেলাই দিব ।
  • ১৫ ৰ পৰা ২০ মিনিট সময় গাহৰি মাংসখিনি বইল হয় মানে বাকী কামখিনি কৰিব পাৰে । ১ কেজি গাহৰি মাংসৰ বাবে আধা বাতি মাটি মাহ ল’ব পাৰে । মাংসৰ ওপৰত ভিত্তি কৰি মাটি মাহ ল’ব । মাটি মাহ খিনি আগতীয়াকৈ তিয়াই থলে অতি ভাল নতুবা অকমান সময় গৰম পানীত তিয়াই মাহখিনি কোকাৰত বইল কৰিব পাৰে ।
  • ইয়াৰ পাছতে আদা-নহৰুৰ পেষ্ট তৈয়াৰ কৰিব আৰু লগত সেউজীয়া জলকীয়া দিব । জলকীয়া আপুনি প্ৰয়োজন অনুসৰি ল’ব । ইয়াৰ পাছত পিঁয়াজখিনি সৰু সৰু কৈ কাটি ল’ব । মনকৰিব যে, এই পদ্ধতিৰে গাহৰি মাংস ৰান্ধিবলৈ তেল ব্যৱহাৰ কৰিব ।
  • মাটি মাহ আৰু গাহৰি মাংস ৰান্ধিবলৈ অকমান কলখাৰ ল’ব পাৰে । কলখাৰ দিলে আঞ্জাৰ সোৱাদেই সুকীয়া হয় । কল খাৰখিনি অকমান তিয়াই থব আৰু তাৰ পানীখিনি আঞ্জাত ব্যৱহাৰ কৰিব ।
  • ইয়াৰ পাছতে এখম কেৰাহীখন গৰম কৰিব । বইল কৰা গাৰহিখিনি কেৰাহীত দিব । ইয়াৰ পাছতে জুই কমকৈ দি ৰাখিব । চাব মাংসৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে । ইয়াৰ পাছতে মাংসৰ পৰা ওলোৱা তেলতে মাংসখিনি অলপ সময় ভাজিব । মাংসখিনি অলপ ৰঙা ৰঙা হোৱাৰ সময়তে কাটি থোৱা পিঁয়াজখিনি দিব । পিঁয়াজৰ সৈতে মাংসখিনি আৰু অকমান সময় ভাজিব ।
  • ইয়াৰ পাছতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিব । হালধি নিদিয়াকৈ এই পদ্ধতিত গাহৰি মাংস ৰান্ধিব পাৰে । ইয়াৰ পাছতে আদা-নহৰু আৰু জলকীয়া পেষ্ট দিব । অলপ সময় গৰম পানী দি মাংসখিনি সিজিবলৈ দিব । গৰম পানী নিদিলে কৰখাৰ দিব ।
  • অলপ সময় সিজোৱাৰ পাছত বইল কৰা মাটি মাহখিনি দিব । ইয়াৰ পাছত প্ৰায় ২০ ৰ পৰা ৩০ মিনিট সময় মাংসখিনি কম জুইত সিজিবলৈ দিব । ইয়াৰ লগে লগে আপোনাৰ মাটি মাহ আৰু গাহৰি মাংস আঞ্জাৰ সম্পূৰ্ণ হ’ব । সোৱাদৰ বাবে ধনীয়া পাত দিব পাৰে ।
শাওনৰ সোমবাৰে শিৱলিংগত আগবঢ়াওক এইসমূহ বস্তু, লাভ কৰিৰ মহাদেৱৰ আশীৰ্বাদ!
গিলৰ সমানেই ইংলেণ্ডত গৰজি উঠিল বৈভৱৰ বেট, গঢ়িলে এই বিশ্ব ৰেকৰ্ড
কঁঠালৰ গুটি খোৱা আৰম্ভ কৰক, পাব এইসমূহ আচৰিত উপকাৰিতা...
অত্যধিক মোবাইল ব্যৱহাৰৰ ফলত হ’ব পাৰে চকুৰ এই ৰোগ, লক্ষণবোৰ জানক...