খৰিচাৰ সৈতে এইদৰে প্ৰস্তুত কৰক মাছৰ ব্যঞ্জন, টকালি পাৰি থাকিব আপুনি!

খৰিচা-মাছ" হৈছে অসমীয়া খাদ্য তালিকাত এবিধ জনপ্ৰিয় ব্যঞ্জন। ইয়াত খৰিচা (বাঁহৰ গজাঁলি) আৰু মাছক একেলগে লৈ টেঙা আঞ্জা বা অন্য ধৰণেৰে ব্যঞ্জন তৈয়াৰ কৰা হয়। এইবিধ খাদ্য অসমৰ উপৰি উত্তৰ-পূব ভাৰতৰ অন্যান্য ঠাইতো জনপ্ৰিয়।

খৰিচাৰ সৈতে এইদৰে প্ৰস্তুত কৰক মাছৰ ব্যঞ্জন, টকালি পাৰি থাকিব আপুনি!

খৰিচাৰ সৈতে এইদৰে প্ৰস্তুত কৰক মাছৰ ব্যঞ্জন

Published: 

26 Jun 2025 | 05:27 PM

অসমীয়া খাদ্যভাসৰ এক থলুৱা খাদ্য হৈছে খৰিচা। এই খৰিচাৰে গাহৰি বা কুকুৰা মাংস, শুকান খৰিচাৰে আলু পিটিকা, খৰিচা কঁঠালগুটীৰে খাৰৰ আঞ্জা, মুঠতে খৰিচাৰ সোৱাদ অতুলনীয়।

খৰিচা হৈছে বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য। এছিয়া মহাদেশৰ বিভিন্ন দেশৰ খাদ্যাভ্যাসত খৰিচাৰ ব্যৱহাৰ হয় আৰু ইয়াক বিভিন্ন নামেৰে জনা যায়। অসম তথা উত্তৰ-পূব ভাৰতৰ ভৈয়ামৰ জাতি-জনজাতিৰ দৰে পাহাৰীয়া জন-জনজাতিৰো এয়া উপাদেয় খাদ্য। ইয়াৰ বহুতো ঔষধিয় গুণ আছে।

খৰিচা আৰু মাছ বিভিন্ন ধৰণেৰে ৰান্ধিব পাৰি, যেনে—টেঙা আঞ্জা, শুকান ভাজি, বা আন মছলা দিও ৰান্ধিব পাৰি। আজি কম সময়ত বনাব পৰা অতি সহজ খৰিচা আৰু মাছৰ ব্যঞ্জনৰ বিষয়ে জানো আহক…

খৰিচাৰে মাছৰ ব্যঞ্জন

উপকৰণসমূহ:

১. মাছ ( থলুৱা মাছ হ’লে বেছি সোৱাদ হয় খাবলৈ )

২. খৰিচা

৩. আদা

৪. নহৰু

৫. জলকীয়া

৬. নিমখ

৭. মান ধনীয়া

৮. পিয়াঁজ

৭. জালুক

প্ৰথমে কেৰাহীত তেল দি পিঁয়াজ দি অকণমান ভাজিব। তাৰ পিছত তাত মাছ খিনি দি, তাত খৰিচা দি লাৰিব। ইয়াৰ পিছত তাত আদা-নহৰু জলকীয়া, জালুক নিমখ সকলো দি ভালদৰে লাৰি দিয়ক। শেষত অকণমান পানী দি তাত মান ধনিয়া কুটি দি দিব আৰু নমাই দিব। এই ব্যঞ্জনটো গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰক।

খৰিচা কেনেকৈ প্ৰস্তুত কৰে?

কুমলীয়া বাঁহ গাজৰ ওপৰৰ বাকলিবোৰ ভালদৰে গুচাই সৰু সৰুকৈ কাটি ঢেঁকী বা উৰালত খুন্দি খৰিচা কৰা হয়। আজিকালি, মিক্সিত খুন্দি বা পিহনাত পিহি খৰিচা তৈয়াৰ কৰা হয়। বাঁহ গাজৰ ওপৰৰ বাকলি ভালদৰে নুগুচালে খৰিচা তিতা হ’ব পাৰে। মিহিকৈ খুন্দা বাঁহৰ গাজ মাটিৰ কলহত ভৰাই কলপাতেৰে বান্ধি জুইশালৰ উচৰত তিনি-চাৰিদিন ৰাখিলে খৰিচা খাব পৰা হয়। কলহৰ বাদে আইনাৰ বৈয়ামত বাঁহ গাজ ভৰাই ৰ’দত দিলেও খৰিচা হয়। কোনো কোনো লোকে বাঁহ গাজত টেঙা হ’বলৈ কেইফুলামান কুঁজী থেকেৰা আৰু পানী দি ৰাখে। খৰিচাৰ গোন্ধ ওলালে তাক পকা খৰিচা বোলে। কোনো কোনোৱে কুটা বাঁহ-গাজ কলহত নথৈ হালধি সানি ৰ’দত শুকুৱাই থয়। শুকুৱাৰ পিছত গুড়ি কৰে। ইয়াক শুকান খৰিচা হা জিম খৰিচা বোলে। অৱ্শ্যে পকা-খৰিচা ৰ’দত শুকুৱালে ইয়াকো শুকান-খৰিচাই বোলে। ইয়াক শুকুৱাই ৰাখি বছৰটোলৈ ৰাখিব পাৰি। অসমীয়া সমাজত বসন্ত ওলোৱাৰ পিছত নাড়ী শীতল কৰিবলৈ শুকান খৰিচা ব্যৱহাক কৰাৰ পৰম্পৰা আছিল।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...