মুখৰ পৰা অসহ্যকৰ দুৰ্গন্ধ কিয় ওলায়? মুক্তি পাবলৈ কৰক এই কাম…

 মুখৰ দুৰ্গন্ধ বা হালিট’ছিছ যিমানেই অস্বস্তিকৰ সিমানেই লজ্জাজনক। বহু সময়ত আমি নিজে গম নাপাওঁ, কিন্তু মুখৰ দুৰ্গন্ধৰ বাবে আমাৰ চৌপাশৰ মানুহবোৰে অস্বস্তি অনুভৱ কৰে। কিন্তু ই এটা ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ ইংগিত হ’ব পাৰে।

মুখৰ পৰা অসহ্যকৰ দুৰ্গন্ধ কিয় ওলায়? মুক্তি পাবলৈ কৰক এই কাম...

মুখৰ পৰা অসহ্যকৰ দুৰ্গন্ধ কিয় ওলায়?

Published: 

31 Aug 2025 11:25 AM

মুখৰ দুৰ্গন্ধ বা হেলিট’ছিছ যিমানেই অস্বস্তিকৰ সিমানেই লজ্জাজনক। বহু সময়ত আমি নিজে গম নাপাওঁ, কিন্তু মুখৰ দুৰ্গন্ধৰ বাবে আমাৰ চৌপাশৰ মানুহবোৰে অস্বস্তি অনুভৱ কৰে। কিন্তু ই এটা ডাঙৰ স্বাস্থ্যজনিত সমস্যাৰ ইংগিত হ’ব পাৰে।

মুখৰ দুৰ্গন্ধ কিয় ওলায়?

১) দাঁত আৰু আলু অপৰিষ্কাৰ – যদি আপুনি ভালদৰে ব্ৰাছ আৰু মুখ চাফা নকৰে তেন্তে খাদ্যৰ কণাবোৰ দাঁতৰ মাজৰ ফাঁকত আবদ্ধ হৈ পৰে। তাত বেক্টেৰিয়া জমা হৈ মুখৰ দুৰ্গন্ধ সৃষ্টি কৰে।

২) জিভাত জমা হোৱা মলি – কেতিয়াবা জিভাৰ উপৰিভাগত বগা আৱৰণ বা বীজাণু জমা হয়, যিটোৱে মুখৰ দুৰ্গন্ধৰ মূল উৎস।

৩) মুখ শুকান – লালটিয়ে মুখখন প্ৰাকৃতিকভাৱে পৰিষ্কাৰ কৰি ৰাখে। যদি পৰ্যাপ্ত পৰিমাণৰ লালটি নাথাকে তেন্তে বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি হৈ মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে।

৪) পেট আৰু পাচনতন্ত্ৰৰ সমস্যা – গেছ, এচিডিটি বা কোষ্ঠকাঠিন্যৰ লগত প্ৰায়ে মুখৰ দুৰ্গন্ধৰ সম্পৰ্ক থাকে।

৫) খাদ্যৰ প্ৰভাৱ – পিঁয়াজ, নহৰু, মদ বা ধূমপানৰ ফলত মুখৰ দুৰ্গন্ধ হব পাৰে।

৬) দাঁতৰ ৰোগ বা সংক্ৰমণ – পাইয়ৰিয়া, দাঁতৰ ক্ষয় বা জিঞ্জিভাইটিছে মুখৰ দুৰ্গন্ধ আৰু বেয়া কৰি তুলিব পাৰে।

৭) শাৰীৰিক অসুখ – ডায়েবেটিছ, লিভাৰ বা কিডনীৰ সমস্যাইও মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ সমাধান কি?

১) সঠিকভাৱে ব্ৰাছ কৰক – দিনটোত কমেও দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে আৰু ফ্লাছ ব্যৱহাৰ কৰিব লাগে। দাঁতৰ মাজত আবদ্ধ হৈ থকা খাদ্য আঁতৰাই দিলে মুখৰ দুৰ্গন্ধ বহু পৰিমাণে হ্ৰাস পাব পাৰে।

২) জিভা পৰিষ্কাৰ কৰক – জিভা পৰিস্কাৰ কৰা সঁজুলি বা ব্ৰাছৰ পিছফালৰ অংশৰে জিভা পৰিষ্কাৰ কৰিব লাগে। ইয়াৰ ফলত বীজাণু জমা হ’ব নোৱাৰে।

৩) পৰ্যাপ্ত পৰিমাণে পানী খোৱা – মুখ শুকালে মুখৰ দুৰ্গন্ধ বৃদ্ধি পায়। দিনটোৰ ভিতৰত প্ৰচুৰ পৰিমাণে পানী খালে মুখখন আৰ্দ্ৰ হৈ থাকে আৰু লালা উৎপাদন স্বাভাৱিক।

৪) মাউথৱাছ ব্যৱহাৰ কৰক – এন্টিচেপ্টিক মাউথৱাছে বেক্টেৰিয়া হ্ৰাস কৰি মুখ সতেজ কৰি তোলে। কিন্তু কেৱল মাউথৱাছ ব্যৱহাৰ কৰিলেই যথেষ্ট নহয়, ই ব্ৰাছ কৰাৰ বিকল্প হ’ব নোৱাৰে।

৫) খাদ্যাভ্যাসত পৰিৱৰ্তন কৰক – নহৰু, পিয়াঁজ, ধূমপান আৰু মদ কম কৰক। বৰঞ্চ ফলমূল, শাক-পাচলি আৰু আঁহযুক্ত খাদ্য বেছিকৈ খাব লাগে।

৬) চেনি নোহোৱা চুইংগাম চোবাব – ইয়াৰ ফলত লালটি উৎপাদন বৃদ্ধি পায় আৰু সাময়িকভাৱে মুখৰ দুৰ্গন্ধ কমি যায়।

৭) চিকিৎসকৰ পৰামৰ্শ লোৱা – নিয়মীয়াকৈ যদি আপোনাৰ মুখৰ দুৰ্গন্ধ থাকে তেন্তে দন্ত চিকিৎসকৰ ওচৰলৈ যোৱাটো গুৰুত্বপূৰ্ণ। যদি কোনো দাঁতৰ ৰোগ, সংক্ৰমণ বা আন শাৰীৰিক ৰোগ হয় তেন্তে তাৰ সঠিক চিকিৎসা কৰিব লাগে।

লগতে পঢ়ক: মহিলাৰ বন্ধ্যাত্বৰ ৫টা প্ৰধান লক্ষণ কি কি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক…

এই ৪ ৰাশিৰ জীৱনলৈ নাহে দৰিদ্ৰতা, সদায় ধনেৰে ভৰি থাকে পকেট!
অপৰাজিতাৰ পৰা পদুমলৈ...এই উদ্ভিদ ঘৰত ৰাখক, দেৱী লক্ষ্মীৰ প্ৰৱেশ ঘটিব...
অনবৰতে মনলৈ বেয়া চিন্তা আহি থাকে নেকি? এইদৰে আঁতৰ কৰক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ এই লক্ষণসমূহ অনুভৱ কৰিলে লগে লগে পৰীক্ষা কৰক