গেছৰ সমস্যাত ভুগিছে নেকি? কেনেকৈ পাব পৰিত্ৰাণ? জানক চিকিৎসকৰ পৰা…

আপোনাৰো গেছৰ সমস্যা আছে নেকি? তেন্তে সাৱধান। গেছৰ সমস্যাৰ ফলত গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। তেনে অৱস্থাত কিছুমান বিশেষ উপায়ৰ দ্বাৰা আপুনি সকাহ পাব পাৰে।

গেছৰ সমস্যাত ভুগিছে নেকি? কেনেকৈ পাব পৰিত্ৰাণ? জানক চিকিৎসকৰ পৰা...

গেছৰ সমস্যা

Published: 

06 May 2025 07:05 AM

আপোনাৰো গেছৰ সমস্যা আছে নেকি?  তেন্তে সজাগ হওক। কিয়নো দীৰ্ঘদিন ধৰি গেছ হৈ থকাৰ ফলত কোনো গুৰুতৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। পেটত অবিৰতভাৱে গেছ হ’লে বদহজম, বুকু জ্বলা-পোৰা কৰা সমস্যা আদিৰ সৃষ্টি হয়। ইয়াৰোপৰি পাইলছ, পেটৰ বিষ আৰু ক্ৰেম্প, অন্ত্ৰৰ গুৰুতৰ ৰোগ আই বি এছ, খিংখিঙীয়া, মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনা থাকে। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে আয়ুৰ্বেদিক উপায়ে আপোনাক ইয়াৰ পৰা সকাহ দিব। এই সন্দৰ্ভত আয়ুৰ্বেদিক বিশেষজ্ঞই কি কিয় তলত উল্লেখ কৰা হ’ল।

পেটত গেছ

পেটত গেছ গঠন হোৱাটো এটা সাধাৰণ সমস্যা। কেতিয়াবা কিবা বস্তু খোৱাৰ পাছত বা খালী পেটত গেছ হোৱা দেখা যায়। ইয়াৰ ফলত পেটৰ এচিডিটি আৰু বুকু জ্বলা-পোৰাৰ দৰে সমস্যাৰ সৃষ্টি হয়। যিকোনো সাধাৰণ এন্টাচিড ঔষধ খালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি। কিন্তু,আপুনি যদি প্ৰায়ে এই সমস্যাৰে যুঁজি আছে তেন্তে ই এক গুৰুতৰ বিষয়। এনে অৱস্থাত ইয়াৰ চিকিৎসা প্ৰয়োজনীয়। অবিৰতভাৱে গেছ গঠন হ’লে পেটত এচিডিটি হয় আৰু অতিৰিক্ত এচিডে অন্ত্ৰৰ গুৰুতৰ ক্ষতি কৰে। ইয়াৰ বাবে অন্ত্ৰৰ ঘা হ’ব পাৰে। ইমানেই নহয়, এই ৰোগ আৰোগ্য হ’বলৈ বহু সময় লাগে।

কি খাব

গাজিয়াবাদৰ আঞ্চলিক আয়ুৰ্বেদ আৰু ইউনানী বিষয়া ডাঃ আৰ কে ৰানাৰ মতে গেছৰ সমস্যাত আজৱাইন ভাল। ইয়াৰ বাবে কুহুমীয়া পানীত আজৱাইন মিহলি কৰি খাব লাগে। এনেকৈ খালে গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ উপৰিও গেছৰ সমস্যা চোফ, জিৰাৰ পানী, পদিনা, হিং, আদা আদিও ভাল। গেছৰ সমস্যা দূৰ কৰাত মাখনো সহায়ক বুলি কয় তেওঁ।

যদি আপোনাৰ সঘনাই গেছ হয় তেন্তে আজৱাইন আৰু হিঙৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াক আপুনি কুহুমীয়া পানীৰ সৈতে খাব পাৰে। হিঙক মিহি কৰি পেটত লগাবও পাৰি। ইয়াৰ ফলত গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়। যদি তাৰ পাছতো আপোনাৰ সমস্যা হৈয়ে থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। অন্যথা ইয়াৰ বাবে অন্য ৰোগ হ’ব পাৰে।

গেছ গঠনৰ সমস্যাৰ পৰা মুক্তি পাবলৈ দৈনন্দিন ৰুটিন আৰু খাদ্যাভ্যাস সলনি কৰিব লাগিব। দৈনন্দিন জীৱনত ব্যায়াম আৰু যোগাসন অন্তৰ্ভুক্ত কৰা প্ৰয়োজন। যোগে হজম শক্তি বৃদ্ধি কৰে আৰু গেছ হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ লগতে কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ ভিতৰত গাজৰ, বিলাহী, ভেণ্ডী আদি।

ইয়াৰোপৰি খাদ্যত দৈ, কল আদি অন্তৰ্ভুক্ত কৰক। গৰমৰ দিনত আঙুৰ খাব পাৰে। ইয়াৰোপৰি খাদ্য ভালদৰে চোবাই খোৱা প্ৰয়োজনীয়। ধূমপান আৰু চ্যুইংগাম পৰিহাৰ কৰক। খাদ্য খোৱাৰ লগে লগে পানী খাব নালাগে। আধা ঘন্টা পাছত পানী সেৱন কৰক। এনে ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত পৰিত্ৰাণ নাপালে আপুনি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ ব্ৰেইন টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানেনে? জানক সকলো…

ভগৱান হনুমান সন্তুষ্ট হ’লে কি কি সংকেত দিয়ে?
বিশ্বৰ সবাতোকৈ দামী কণ্ডমটোৰ দাম কিমান জানেনে? জানিলে আচৰিত হ'ব আপুনি...
নিশা খাওক এইবোৰ বস্তু, আহিব ভাল টোপনি
দূৰ হ'ব ধনৰ সমস্যা! মঙলবাৰে কৰক এই উপায়...