বাৰে বাৰে এলাৰ্জীয়ে সমস্যাৰ সৃষ্টি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে কৰক দূৰ
বহুতৰে আছে এলাৰ্জিৰ সমস্যা। খজুৱাই খজুৱাই হাইৰান হৈ পৰে বহু লোক। কাৰোবাৰ যদি ধূলি লাগিলে এলাৰ্জি হয়, কাৰোবাৰ আকৌ কিছুমান খাদ্য খালে এলাৰ্জি হয়। এই সমস্যা কিয় হয় আৰু সমাধান জানক...

এলাৰ্জীৰ সমস্যা দূৰ কৰাৰ উপায়
এলাৰ্জী হৈছে দেহৰ প্ৰতিৰোধ প্ৰণালীৰ অতিসংবেদনশীলতা (hypersensitivity) হোৱা বিকাৰ। সাধাৰণতে ক্ষতি নকৰা চৌপাশৰ পদাৰ্থৰ বিৰুদ্ধে ব্যক্তি এজনৰ প্ৰতিৰোধ প্ৰণালীয়ে (immune system) ক্ৰিয়া কৰিলে এলাৰ্জীৰ সৃষ্টি হয়। এনেকৈ ক্ৰিয়া কৰা পদাৰ্থবোৰক ‘এলাৰ্জেন’ (allergen) বোলা হয়। অতিসংবেদনশীলতাৰ চাৰিটা প্ৰকাৰৰ ভিতৰত এলাৰ্জীও এটা আৰু ইয়াক মান্যভাৱে Type I এলাৰ্জীত এবিধ বিশেষ প্ৰকাৰৰ প্ৰতিদেহ ইম্যুন’গ্ল’বুলিন E (IgE)-এ মাষ্ট কোষ (Mast cell) আৰু বেছ’ফিলবোৰক (Basophil) সক্ৰিয় কৰি তোলে। এই কোষ দুবিধৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থসমূহে ক্ষতিকাৰক প্ৰদাহৰ সৃষ্টি কৰে।
হে’ ফিভাৰ (hay fever)-ৰ দৰে অলপীয়া এলাৰ্জী মানুহৰ শৰীৰত প্ৰায়েই দেখা যায় আৰু ই চকু ৰঙা কৰা, খজুৱতি, চৰ্দি, এক্জেমা, ছালৰ চকলা-চকল, হাপানীৰ আক্ৰমণ আদি লক্ষণৰ সৃষ্টি কৰে। হাপানীৰ দৰে ৰোগত এলাৰ্জীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে। কিছুমান মানুহৰ দেহত পৰিবেশ আৰু খাদ্যবস্তুৰ এলাৰ্জেন বা দৰৱৰ প্ৰতি অতিমাত্ৰা এলাৰ্জীয়ে প্ৰাণনাশী এনাফাইলেক্সিছৰ সৃষ্টি কৰে। এই অৱস্থাৰ সাধাৰণ কাৰক হৈছে কিছুমান খাদ্যৰ প্ৰতি এলাৰ্জী আৰু মৌ-মাখিৰ দৰে কিছুমান বিষ থকা পতংগৰ দংশন।
এলাৰ্জী নিৰ্ণয়ৰ বাবে কেইবাটাও পৰীক্ষা আছে। কিন্তু সেইবোৰ ব্যক্তিজনৰ এলাৰ্জেনৰ প্ৰতি উন্মুক্ত হোৱাৰ ইতিহাস বিচাৰ কৰিহে প্ৰয়োগ কৰা উচিত, কাৰণ পৰীক্ষাবোৰৰ ফলাফল ধনাত্মক হোৱা মানেই ৰোগ সৃষ্টিকাৰী এলাৰ্জী নুবুজায়। পৰীক্ষাবোৰৰ কিছুমান হৈছে ছালত সম্ভাব্য এলাৰ্জেন প্ৰয়োগ কৰি ৰঙা পৰা বা ফুলাৰ দৰে হোৱাটো লক্ষ্য কৰা, আৰু তেজত এলাৰ্জেন বিশেষ IgEৰ মাত্ৰা জোখা আদি।
ঘৰুৱা উপায় হিচাপে গৰম গাখীৰৰ লগত যদি হালধি মিলাই এচামুচ শোৱাৰ আগত সদায় খায় তেতিয়া এলাৰ্জীৰ পৰা সাত হাৰি থাকিব পাৰি।
এলাৰ্জীৰ চিকিৎসাৰ ভিতৰত আছে সম্ভাব্য এলাৰ্জেন পৰিহাৰ কৰি চলা, দেহৰ প্ৰতিৰোধ প্ৰণালীত প্ৰভাৱ পেলোৱা ষ্টেৰ’ইডৰ প্ৰয়োগ, আৰু লক্ষণৰ প্ৰাবল্য কম কৰা দৰৱ যেনে এণ্টিহিষ্টামিনিক বা ডিকন্জেষ্টেণ্টৰ প্ৰয়োগ। ইয়াৰে বেছিভাগ ঔষধ মুখেৰে খোৱা হয়। এনাফাইলেক্সিছৰ চিকিৎসাত ব্যৱহৃত এপিনেফ্ৰিনৰ বেজী দিয়া হয়। আন এক চিকিৎসাবিধিত এলাৰ্জেনৰ প্ৰতি দেহৰ সংবেদনশীলতা কমাই আনিবলৈ পৰ্যায়ক্ৰমে দেহত এলাৰ্জেন সুমুৱৈ দিয়া হয়। এই উপায়ক এলাৰ্জেন ইম্যুন’থেৰাপীবোলা হয়।