দীঘলীয়া গজালি ওলোৱা মগু খোৱা উচিতনে? বিশেষজ্ঞৰ মতে ভবাই তুলিব আপোনাক

অধিকাংশ লোকেই দীঘলীয়াকৈ গজালি ওলোৱা মগু খোৱাটো অধিক উপকাৰী বুলি বিশ্বাস কৰে। পিছে এই ধাৰণা সঁচা হয় নে? দীঘলীয়া গজালিয়ে সঁচাকৈয়ে অধিক পুষ্টিকৰ উপাদান প্ৰদান কৰে নেকি? জানো আহক এই বিষয়ে।

দীঘলীয়া গজালি ওলোৱা মগু খোৱা উচিতনে? বিশেষজ্ঞৰ মতে ভবাই তুলিব আপোনাক

গজালি ওলোৱা মগু

Published: 

30 Oct 2025 | 10:16 PM

সাম্প্ৰতিক সময়ত অস্বাস্থ্যকৰ জীৱনশৈলীয়ে সৃষ্টি কৰা দৈহিক তথা মানসিক সমস্যাৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বহুলোকে স্বাস্থ্যসন্মত খাদ্যৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছে। সহজে উপলব্ধ এনে এক স্বাস্থ্যকৰ খাদ্য হৈছে গজালি ওলোৱা মগু। বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ গজালি ওলোৱা মগুৱে স্বাস্থ্যৰ ওপৰত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলায়। অৱশ্যে গজালি ওলোৱা মগুক কেন্দ্ৰ কৰি সাধাৰণ মানুহৰ মাজত বহু ধাৰণা প্ৰচলন হৈ থকা দেখিবলৈ পোৱা যায়।

স্বাভাৱিকতকৈ অধিক দীঘলকৈ গজালি ওলোৱা মগু খালে দুগুন সুফল লাভ কৰিব পাৰি বুলি এক বিশ্বাস প্ৰচলিত। অধিকাংশ লোকেই দীঘলীয়াকৈ গজালি ওলোৱা মগু খোৱাটো অধিক উপকাৰী বুলি বিশ্বাস কৰে। পিছে এই ধাৰণা সঁচা হয় নে? দীঘলীয়া গজালিয়ে সঁচাকৈয়ে অধিক পুষ্টিকৰ উপাদান প্ৰদান কৰে নেকি? জানো আহক এই বিষয়ে।

বিশেষজ্ঞসকলে কি কয়

পুষ্টিবিদ শ্বেতা শ্বাহে জানিবলৈ দিয়া মতে, মগুৰ গজালি অধিক বাঢ়ি গ’লে ইয়াৰ পুষ্টিকৰ উপাদান কমিবলৈ আৰম্ভ কৰে। বিশেষজ্ঞসকলে কয় যে ইয়াৰ ফলত ক্ষতিকাৰক বেক্টেৰিয়া আৰু ভেঁকুৰে মগুত স্থান ল’ব পাৰে। কিছুমান অণুজীৱ উদ্ভিদৰ বাবে ভাল, কিন্তু মানুহৰ বাবে নহয়। এইবোৰ নিয়মিতভাৱে সেৱন কৰিলে পাচনতন্ত্ৰৰ ক্ষতি হ’ব পাৰে বা আন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

আয়ুৰ্বেদে কি কয়

বিশেষজ্ঞগৰাকীয়ে নিজৰ পোষ্টত কয় যে আয়ুৰ্বেদ মতে আয়ুৰ্বেদে সৰু আৰু সতেজ অংকুৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই খাদ্যৰ পৰা অধিক উপকাৰিতা লাভৰ বাবে ইয়াত হালধি আৰু নেমুৰ ৰস দিব পাৰে বুলি কোৱা হৈছে। ইয়াৰ ফলত হজম শক্তি উন্নত হয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

অধ্যয়নে কি কয়

NCBIৰ এক অধ্যয়ন অনুসৰি অংকুৰে হজম শক্তি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, তেজৰ চেনি নিয়ন্ত্ৰণ, হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন হ্ৰাস আদি অসংখ্য উপকাৰ প্ৰদান কৰে। লগতে ই পুষ্টিকৰ পদাৰ্থ হজম কৰাত সহায় কৰে। কেইবাটাও গৱেষণাৰ মতে এই প্ৰক্ৰিয়াই পুষ্টিৰ মূল্য বৃদ্ধি কৰে আৰু প্ৰটিনৰ পৰিমাণ সহজে হজম কৰি তোলে। অংকুৰণ হৈছে এক প্ৰকাৰৰ প্ৰ’বায়’টিক খাদ্য যিয়ে প্ৰ’টিন আৰু এমিনো এচিড উন্নত কৰে। তদুপৰি ই কাৰ্বহাইড্ৰেটৰ পৰিমাণো হ্ৰাস কৰে।

অংকুৰ খোৱাৰ সঠিক উপায়

বিশেষজ্ঞসকলে গজালি শুকাবলৈ দিয়াতকৈ সতেজভাৱে খোৱাৰ পৰামৰ্শ দিয়ে। এদিন বা দুদিন পিছত খালে ভাল। এইদৰে আপুনি সকলো পুষ্টিকৰ উপাদান পায় আৰু গজালিবোৰ সহজে হজম হ’ব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...