Antibiotics: চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক সেৱন কৰিলে স্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে? জানক…

বহু মানুহে সাধাৰণ কিবা সমস্যা হ'লে এন্টিবায়োটিক সেৱন কৰা দেখা যায়। আচৰিত কথা এয়াই যে,চিকিৎসকৰ পৰামৰ্শ অবিহনে এই ঔষধ গ্ৰহণ কৰে। যিয়ে জীৱনৰ বাবে ভাবুকি আনিব পাৰে। এই ক্ষেত্ৰত সজাগ হোৱা প্ৰয়োজন।

Antibiotics: চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক সেৱন কৰিলে স্বাস্থ্যৰ কি ক্ষতি হব পাৰে? জানক...

ঔষধ

Published: 

29 Dec 2025 15:03 PM

কাহ, চৰ্দি বা যিকোনো ৰোগেই হওক, আপুনি প্ৰায়ে চিকিৎসকৰ পৰামৰ্শ অবিহনে মেডিকেল ষ্ট’ৰৰ পৰা ঔষধ কিনি লৈ লয় নেকি? যদি এনে কৰে তেন্তে এয়া আজিয়ে বন্ধ কৰক। নিজে এন্টিবায়টিক প্ৰয়োগ কৰিলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত এই বিষয়টো উত্থাপন কৰিছিল। য’ত তেওঁ বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক ব্যৱহাৰ নকৰিবলৈ আহ্বান জনায়।

আইচিএমআৰৰ অধ্যয়ন অনুসৰি, অপ্ৰয়োজনীয় এন্টিবায়টিক ব্যৱহাৰে দেশত এন্টিবায়টিক ৰেজিষ্টেন্স (AMR)ৰ আশংকা বৃদ্ধি কৰিছে। এন্টিবায়টিকে কেৱল বেক্টেৰিয়াৰ সংক্ৰমণৰ বাবেহে কাম কৰে, কিন্তু জ্বৰ, ফ্লু, চৰ্দিৰ বাবেও মানুহে ইয়াক গ্ৰহণ কৰি আছে। ইয়াৰ ফলত স্বাস্থ্যৰ বাবে ভয়াৱহ বিপদৰ সৃষ্টি হয়।

স্বাস্থ্যৰ কি ক্ষতি হ’ব পাৰে?

সফদাৰজং হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ যুগল কিশোৰে এই সন্দৰ্ভত সবিশেষ জনাইছে। তেওঁ কয় যে, মানুহে অপ্ৰয়োজনীয়ভাৱে এন্টিবায়টিক সেৱন কৰি আহিছে। এনে অৱস্থাত বেক্টেৰিয়া এই ঔষধৰ লগত অভ্যস্ত হৈ পৰিছে। যাৰ বাবে সংক্ৰমণৰ বিৰুদ্ধে ই অকাৰ্যকৰী হৈ পৰিছে। এনে ঘটনা বৃদ্ধি পাইছে। এন্টিবায়োটিক কিছুমান ক্ষেত্ৰত মাৰাত্মক হৈ পৰে।

তেওঁ আৰু কয় যে, এন্টিবায়টিক বেক্টেৰিয়াজনিত ৰোগৰ বাবে ব্যৱহাৰ কৰা হয় যদিও আজিকালি বহুতে ভাইৰাছৰ সমস্যাৰ বাবে ইয়াক ব্যৱহাৰ কৰে। যেনে চৰ্দি আৰু ডিঙিৰ বিষৰ বাবে এজিথ্ৰ’মাইচিনৰ দৰে ঔষধ খায়। কিন্তু এই ঔষধবোৰ বেক্টেৰিয়া সংক্ৰমণ ৰোধৰ বাবে।

চিকিৎসকগৰাকীয়ে আৰু কয় যে, প্ৰেছক্ৰিপচন অবিহনে এন্টিবায়টিক বিক্ৰী কৰিব নালাগে। কিন্তু আজিকালি বহুতে কৰে। মেডিকেল ষ্টোৰৰ পৰা মানুহে নিজৰ ইচ্ছামতে ঔষধ ক্ৰয় কৰে। বছৰ বছৰ ধৰি এনে কৰি আহিছে, যাৰ বাবে ঔষধবোৰে কাম নকৰা হৈ গৈছে। সাধাৰণ প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা আৰম্ভ কৰি নিউমোনিয়ালৈকে সকলো চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ঔষধসমূহ অকাৰ্যকৰী হৈ পৰিছে।

মোদীৰ সতৰ্কবাণী কিয় গুৰুত্বপূৰ্ণ?

ডাঃ কুমাৰে কয় যে প্ৰধানমন্ত্ৰীয়ে মন কি বাত অনুষ্ঠানত এই বিষয়টো উত্থাপন কৰাটো গুৰুত্বপূৰ্ণ কাৰণ বিশ্ব স্বাস্থ্য সংস্থাই এন্টিবায়টিক প্ৰতিৰোধ ক্ষমতাক নীৰৱ মহামাৰী বুলি ঘোষণা কৰিছে। এই পৰিস্থিতি অব্যাহত থাকিলে অনাগত বছৰবোৰত সাধাৰণ সমস্যাৰ বাবেও এন্টিবায়টিক অকাৰ্যকৰী হৈ পৰিব। যাৰ ফলত ৰোগীয়ে চিকিৎসা লাভ কৰিব নোৱাৰিব, পৰিস্থিতি এনে হৈ পৰিব যে সাধাৰণ সমস্যাবোৰ গুৰুতৰ হৈ পৰিব।

এন্টিবায়টিক কিহৰ বাবে

  • নিউমোনিয়া
  • টাইফয়েড
  • ইউটিআই (প্ৰস্ৰাৱৰ সংক্ৰমণ)
  • টি বি

(এই অৱস্থাৰ বাবে এন্টিবায়টিক উপলব্ধ, কিন্তু আপুনি চিকিৎসকৰ নিৰ্দেশনা অনুসৰি গ্ৰহণ কৰিব লাগে। কেৱল নিৰ্ধাৰিত দৈনিক মাত্ৰাতহে)।)

গুৰুত্বপূৰ্ণ

  • চিকিৎসকৰ পৰামৰ্শ অবিহনে এন্টিবায়োটিক খাব নালাগে।
  • অতিমাত্ৰা সেৱন কৰিব নালাগে।
  • ৰৈ যোৱা ঔষধ ব্যৱহাৰ নকৰিব।

 

অন্য খবৰ পঢ়কঃ শীতকালত প্ৰতিদিনে ৰঙালাউৰ গুটি খালে শৰীৰৰ কি কি লাভ হয়? জানক…

ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বৃক্ক সুস্থ কৰি ৰাখিবলৈ দৈনিক কিমান লিটাৰ পানী খাব লাগে? জানক...
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...