এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰে কৰে স্বাস্থ্যৰ ক্ষতি, যাৰ ফলত লাখ লাখ লোকৰ হৈছে নেকি মৃত্যু?

বিশ্বৰ বহু দেশত এণ্টিবায়'টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। ভাৰততো দিনে দিনে ঔষধসমূহৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কাহ, চৰ্দি আৰু জ্বৰৰ দৰে সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে মানুহে এণ্টিবায়'টিক সেৱন কৰে যদিও ই মাৰাত্মকও হ’ব পাৰে।

এণ্টিবায়টিকৰ অত্যধিক ব্যৱহাৰে কৰে স্বাস্থ্যৰ ক্ষতি, যাৰ ফলত লাখ লাখ লোকৰ হৈছে নেকি মৃত্যু?

এণ্টিবায়'টিকৰ অত্যধিক ব্যৱহাৰে কৰে স্বাস্থ্যৰ ক্ষতি

Published: 

21 Nov 2024 21:24 PM

এণ্টিবায়’টিকৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ দেশৰ বাবে এক ডাঙৰ চিন্তাৰ কাৰণ হৈ পৰিছে। ভাৰতত বিগত কেইবছৰমানৰ পৰা এই ঔষধসমূহৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। অত্যধিক ব্যৱহাৰেও স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰিছে। এণ্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰে শৰীৰত থকা বেক্টেৰিয়াৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা সৃষ্টি কৰিছে। ইয়াৰ বাবে ঔষধে ৰোগৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাই আৰু ৰোগীৰ চিকিৎসাত সমস্যাৰ সৃষ্টি হৈছে। স্বাস্থ্যৰ বাবে এণ্টিবায়’টিকৰ ব্যৱহাৰ কিমান বিপজ্জনক আৰু ই কেনেকৈ মাৰাত্মক হৈ পৰিছে? এই বিষয়ে বিশেষজ্ঞৰ পৰা জানক।

ইনষ্টিটিউট অৱ হিউমেন বিহেভিয়াৰ এণ্ড এলাইড ছায়েন্সৰ(IHBAS) অধ্যাপিকা ডাঃ সংগীতা শৰ্মাই কয় যে Covid ৰ সময়ত আৰু পিছত এণ্টিবায়’টিকৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। সাধাৰণ সংক্ৰমণৰ বাবেও খোৱাটো যথেষ্ট বৃদ্ধি পাইছে। যিহেতু বহু এণ্টিবায়’টিক কাউণ্টাৰৰ জৰিয়তে পোৱা যায়, সেয়েহে মানুহে চিকিৎসালয়ৰ পৰা কিনি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে সেৱন কৰে। এণ্টিবায়’টিকৰ অতিমাত্ৰা ব্যৱহাৰ আৰু যধে মধে খোৱা দুয়োটা অনুপযুক্ত। ইয়াৰ বাবে শৰীৰত অন্য ঔষধৰ কোনো প্ৰভাৱ নপৰে, ভাল বেক্টেৰিয়াবোৰো মৃত্যুমুখত পৰে। যাৰ বাবে শৰীৰত বেয়া বেক্টেৰিয়া বিয়পি ভাল বেক্টেৰিয়াক আগুৰি ধৰে। এইটো স্বাস্থ্যৰ বাবে ভাল নহয়।

সাধাৰণভাৱে ক’বলৈ হ’লে এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ বাবে তিনি প্ৰকাৰৰ অবাঞ্চিত ক্ৰিয়া হয় | প্ৰায় সকলো এণ্টিবায়’টিকেই বিষাক্ত গুণদায়ক আৰু শৰীৰত কম –বেছি ৰূপে অতি সংবেদনশীলতা প্ৰক্ৰিয়া ঘটায় | দীৰ্ঘকাল ব্যাপি আৰু উচ্চ মাত্ৰাত এণ্টিবায়’টিক ব্যৱহাৰ কৰাৰ ফলত অন্ত্ৰত বসতি কৰা বহুতো অণুজীৱ ধ্বংস হয়, এই অণুজীৱসমুহ শৰীৰৰ বাবে প্ৰয়োজনীয় আৰু উপকাৰী । অন্ত্ৰত বাসকৰা কৰা কিছুমান অণুজীৱই শৰীৰৰ ভিতৰতে ভিনভিন খাদ্যপ্ৰাণ গঠন কৰে, অন্ত্ৰত থকা অণুজীৱ এণ্টিবায়’টিক ব্যৱহাৰৰ ফলত বিনষ্ট হ’লে শৰীৰটো প্ৰয়োজনীয় বহুতো খাদ্যপ্ৰাণৰ পৰা বঞ্চিত হয় আৰু দেহৰ পুষ্টি সাধনত ব্যাঘাত জন্মে | বহুদিন জুৰি এণ্টিবায়’টিক ব্যৱহাৰ কৰি থাকিলে পাছলৈ অণুজীৱৰ ওপৰত তাৰ ক্ৰিয়া নাইকীয়া হয় |

এণ্টিবায়টিকৰ পাৰ্শ্বক্ৰিয়া কি হ’ব পাৰে

গেছৰ সমস্যা

ডায়েৰিয়া

মানসিক ৰোগৰ লক্ষণে

উচপ খাই উঠা

পেট চলা

বৃক্ক বিকল হোৱা

অষ্টিওপোৰোচিছ

হাড়ৰ মজ্জা বেয়া হোৱা

ছালৰ ক্ষতি

এন্টিবায়’টিক কেনেকৈ বিপদজনক হৈ পৰিছে?

ডাঃ সংগীতাই কয় যে এন্টিবায়টিক অত্যধিক ব্যৱহাৰ কৰাৰ পৰা সাৱধান। সুস্থ বেক্টেৰিয়াৰ ওপৰত এন্টিবায়’টিকৰ প্ৰভাৱ বন্ধ হৈ যায়। এনে অৱস্থাত এই ঔষধ যেতিয়া ৰোগীক দিয়া হয় তেতিয়া তাৰ কোনো প্ৰভাৱ শৰীৰত নপৰে। এনে পৰিস্থিতিত চিকিৎসকে কোনো সহায় কৰিব নোৱাৰে আৰু ৰোগীৰ মৃত্যু হয়। প্ৰতি বছৰে সমগ্ৰ বিশ্বতে এন্টিবায়’টিক প্ৰতিৰোধ ক্ষমতাৰ বাবে লাখ লাখ লোকৰ মৃত্যু ঘটিছে।

মানুহক সজাগ কৰাৰ প্ৰয়োজন

ডাঃ সংগীতাই কয় যে, এন্টিবায়’টিকৰ অত্যধিক ব্যৱহাৰৰ বিষয়ে মানুহক সজাগ কৰাৰ প্ৰয়োজন আছে। বিনা কাৰণত যদি এন্টিবায়টিকৰ ব্যৱহাৰ কৰা হয় তেন্তে ই প্ৰতিৰোধ ক্ষমতাও হ্ৰাস কৰে।

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...