আমলখিৰ ৰসৰ সৈতে জালুকৰ গুড়ি… কি কি পাব সুফল জানক

আমলখি আৰু জালুক দুয়োটাৰে স্বাস্থ্যসন্মত বহু গুণ আছে। কিন্তু এই দুয়োটা মিহলাই খালে কি হয় জানেনে?

আমলখিৰ ৰসৰ সৈতে জালুকৰ গুড়ি... কি কি পাব সুফল জানক

আমলখিৰ ৰসৰ সৈতে জালুকৰ গুড়ি

Updated On: 

22 Mar 2025 23:47 PM

আমাৰ ভাৰতীয় পৰম্পৰাত আমলখিক স্বাস্থ্যৰ সম্পদ হিচাপে গণ্য কৰা হয়। ইয়াত থকা ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু বহুতো পুষ্টিকৰ উপাদান থাকে। যি শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ইফালে জালুকো ঔষধি গুণৰ বাবে জনাজাত। এই দুয়োটা একেলগে গ্ৰহণ কৰিলে ইয়াৰ প্ৰভাৱ দুগুণ হয় আৰু ই বহু ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

আমলখিৰ ৰস আৰু জালুক দুয়োটাই স্বাভাৱিকভাৱে স্বাস্থ্য উন্নত কৰাত সহায় কৰে। যদি আপুনি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব বিচাৰে, হজম শক্তি উন্নত কৰিব বিচাৰে বা আপোনাৰ ছাল আৰু চুলিক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে এই মিশ্ৰণ আপোনাৰ বাবে মহৌষধ হ’ব পাৰে। আজি এই লেখাটোত জানক আমলখিৰ ৰসৰ লগত জালুকৰ গুড়ি খালে কি কি উপকাৰ হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে

ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰা ভিটামিন চিৰ উত্তম উৎস আমলখি। একে সময়তে জালুক এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণ আছে, যিয়ে শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। দুয়োটাকে একেলগে খালে চৰ্দি, কাহ, ফ্লুৰ দৰে সমস্যা দূৰ হৈ থাকে।

পাচনতন্ত্ৰ উন্নত কৰে

যদি আপোনাৰ পেটৰ সমস্যা যেনে গেছ, বদহজম বা এচিডিটি হয়, তেন্তে আমলখিৰ ৰস আৰু জালুকৰ মিশ্ৰণ অতি উপকাৰী। আমলখিয়ে পেট ঠাণ্ডা কৰে, আনহাতে জালুকে পেটত গেছ গঠন হোৱাত বাধা দিয়ে আৰু পাচন এনজাইম সক্ৰিয় কৰে।

ওজন কমোৱাত সহায়ক

যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে এইটো এটা ডাঙৰ সমাধান। আমলখিয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই বিপাকীয় ক্ৰিয়া ক্ষিপ্ৰ কৰে, আনহাতে জালুকে শৰীৰত জমা হৈ থকা অতিৰিক্ত চৰ্বি জ্বলোৱাত সহায় কৰে। প্ৰতিদিনে পুৱা খালী পেটত সেৱন কৰিলে ওজন সোনকালে কমি যাব।

ছাল আৰু চুলিৰ বাবে উপকাৰী

আমলখিৰ ৰস খালে ছাল জিলিকি উঠে আৰু চুলি মজবুত হয়। ইয়াত থকা এন্টিঅক্সিডেন্টে ছালখনক যৌৱন কৰি ৰাখে আৰু চুলি সৰা কমায়। জালুকে ছালৰ পৰা মৃত কোষ আঁতৰোৱাত সহায় কৰে, যাৰ ফলত মুখখন পৰিষ্কাৰ আৰু জিলিকি থকা দেখা যায়।

Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...