মাত্ৰ ১৫ দিনতে ছাল হৈ উঠিব ধুনীয়া আৰু উজ্বল, ব্যৱহাৰ কৰক এই ৫ বিধ বস্তু

প্ৰায় সকলোৱে বিচাৰে এখন ধুনীয়া আৰু সুন্দৰ ছাল। যাৰ বাবে মানুহে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু আপুনি ঘৰত থাকি প্ৰাকৃতিকভাৱে ছালৰ যত্ন ল'ব পাৰে।

মাত্ৰ ১৫ দিনতে ছাল হৈ উঠিব ধুনীয়া আৰু উজ্বল, ব্যৱহাৰ কৰক এই ৫ বিধ বস্তু

Aloe Vera Gel Home Remedies For Skin

barasha-sarma
Updated On: 

20 Mar 2025 07:33 AM

প্ৰায় সকলোৱে বিচাৰে সুন্দৰ আৰু ধুনীয়া ছাল। ইয়াৰ বাবে মানুহে বিভিন্ন ধৰণৰ বস্তু সামগ্ৰী ব্যৱহাৰ কৰে। কিন্তু কেতিয়াবা কিছুমান ৰাসায়নিক সামগ্ৰীয়ে মানুহৰ ছালৰ ক্ষতিও কৰে। অৱশ্যে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ ঘৰতে কিছুমান বস্তু ব্যৱহাৰ কৰি আপুনি সুন্দৰ আৰু ধুনীয়া ছালৰ অধিকাৰী হ’ব পাৰে। ঘৰুৱা পদ্ধতিৰে ছালৰ যত্ন ল’লে ছালৰ বিশেষ একো ক্ষতিও নহয় আৰু ই সুন্দৰ হৈ উঠে।

ছাল আৰু চুলিৰ বাবে আশীৰ্বাদ স্বৰূপ এলোভেৰা। ইয়াৰ এন্টিবেক্টেৰিয়েল উপকাৰিতাৰ বাবে ইয়াক ছালৰ যত্নত সৰ্বোত্তম বুলি গণ্য কৰা হয়। এলোভেৰাৰ এন্টিচেপ্টিক আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, গতিকে ইচ্ছা কৰিলে ইয়াক ব্যৱহাৰ কৰি দৈনিক ছালৰ যত্ন ল’ব পাৰি।

আজিকালি ব্যস্ত জীৱনত হাইড্ৰেচনৰ অভাৱ, প্ৰদূষণ আৰু মানসিক চাপৰ বাবে বহুতৰ মুখত অকালতে বয়সৰ ৰেখা দেখা দিয়ে, আৰু ছালৰ কোমলতা নাইকিয়া হৈ যায়। এনে পৰিস্থিতিত এলোভেৰা হৈছে এক প্ৰাকৃতিক দ্ৰৱ যিয়ে মুখখনক উজ্জ্বল আৰু কোমল কৰি তোলে। ই ছাল কোমল কৰাৰ লগতে দাগ কমায়। নিশা শুৱাৰ আগতে এলোভেৰাৰ লগত কিছুমান বস্তু মিহলাই ছালত লগালে আপুনি সুফল পাব পাৰে।

এলোভেৰা আৰু মৌ

মৌক প্ৰাকৃতিক মইশ্ব’ৰাইজাৰ বুলি গণ্য কৰা হয় আৰু ই ছালখনক প্ৰাকৃতিকভাৱে কোমল কৰি ৰাখে। ইয়াৰ উপৰিও ইয়াৰ এন্টি-বেক্টেৰিয়েল গুণ আছে। এলোভেৰাৰ লগত মৌ মিহলি কৰি মুখত লগালে ছালত মইশ্ব’ৰাইজ,ৰ’দত পোৰা কমোৱা, ছালৰ টেক্সচাৰ উন্নত হোৱা আদিত সহায়ক হয়।

হালধি আৰু এলোভেৰা

হালধিত এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট গুণ আছে। হালধি এলোভেৰা মিহলাই ছালত প্ৰয়োগ কৰিলে ছালৰ টেক্সচাৰ উন্নত হয়। ইয়াৰ উপৰিও দাগ কমোৱাতো সহায় কৰে। হালধিৰ ফলত ছালখন জিলিকি উঠে। নিশা শুৱাৰ আগতে দুচামুচ এলোভেৰাত অলপ হালধি মিহলাই ছালত লগাব লাগে। পাছত সাধাৰণ পানীৰে মুখ ধুই দিব পাৰে।

নেমু আৰু এলোভেৰা

নেমুৰ ৰসত ভিটামিন চি থাকে আৰু ই ছালৰ যত্নৰ বাবে অতি গুৰুত্বপূৰ্ণ। এলোভেৰাত নেমুৰ ৰস মিহলাই প্ৰয়োগ কৰিলে ছালৰ দাগ কমে।  এলোভেৰা আৰু নেমুৰ এই ঘৰুৱা ঔষধে ছাল পৰিষ্কাৰ কৰে আৰু ছাল ধুনীয়া হোৱাত সহায় কৰে।

গোলাপ জল আৰু এলোভেৰা

গোলাপ জলৰ বিশেষত্ব হ’ল ই ছালখন ঠাণ্ডা আৰু সতেজ কৰি তোলে। এলোভেৰাত গোলাপ জল মিহলাই ছালত প্ৰয়োগ কৰিলে ছালখন হাইড্ৰেটেড হৈ থাকে । এলোভেৰা আৰু গোলাপ জলৰ সংমিশ্ৰণে ছালখনক প্ৰাকৃতিকভাৱে হাইড্ৰেইট কৰি ৰখাৰ লগে জ্বিলিকাই তোলাত সহায় কৰে।  এই মিশ্ৰণ আপুনি টোনাৰ বনাইও লব পাৰে।

নাৰিকল তেল আৰু এলোভেৰা

ছালৰ যত্নত নাৰিকল তেল সৰ্বোত্তম বুলি গণ্য কৰা হয়। ইয়াক এলোভেৰা জেলৰ সৈতে মিহলাই প্ৰয়োগ কৰিলে দুগুণ উপকাৰ পোৱা যায়। কাৰণ এই দুয়োটা বস্তুৱেই মইশ্ব’ৰাইজিঙত সৰ্বোত্তম। ইয়াৰ উপৰিও ইয়াক দৈনিক এইবোৰ প্ৰয়োগ কৰিলে ছালৰ ক্ষতি নহয় আৰু ছালখন ধুনীয়া হৈ উঠে।

আমলখি খালে কি কি উপকাৰ হয় জানেনে?
১৬ আগষ্ট নে ১৪ ছেপ্টেম্বৰ, অসমত জন্মাষ্টমীত কোনদিনা বিদ্যালয় বন্ধ থাকিব?
জন্মাষ্টমীত আঁতৰিব সকলো অপায়-অমংগল, মাথোঁ কৰক এইকেইটা কাম
দেশৰ স্বাধীনতাৰ সৈতে জড়িত অসমৰ ইতিহাসৰ এইসমূহ তথ্য জানেনে আপুনি?