গ্ৰীষ্মকালত এচিডিটিয়ে বাৰে বাৰে আমনি কৰে নেকি? এই আয়ুৰ্বেদিক টিপছে সহায় কৰিব আপোনাক

তাপ আৰু আৰ্দ্ৰতা বৃদ্ধিৰ লগে লগে মানুহৰ পাচনতন্ত্ৰতো প্ৰভাৱ পৰে। যাৰ বাবে এচিডিটিৰ দৰে সমস্যা বহু পৰিমাণে বৃদ্ধি পায়। যদি আপুনিও একেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে বিশেষজ্ঞসকলে দিয়া কিছুমান আয়ুৰ্বেদিক টিপছ মানি চলিব পাৰে।

গ্ৰীষ্মকালত এচিডিটিয়ে বাৰে বাৰে আমনি কৰে নেকি? এই আয়ুৰ্বেদিক টিপছে সহায় কৰিব আপোনাক

আপোনাৰো গেছৰ সমস্যা হৈছে নেকি?

Updated On: 

15 Apr 2025 | 03:03 PM

প্ৰকৃততে পেটত গেছ উৎপন্ন হোৱাটো এটা সাধাৰণ সমস্যা। কিন্তু গ্ৰীষ্মকালত এই সমস্যা বহুত বাঢ়ি যায়। আৰ্দ্ৰতা বৃদ্ধি হোৱাৰ লগে লগে হজম শক্তিও প্ৰভাৱিত হয়। এচিডিটিৰ বাবে অস্বস্তি, হাৰ্টবাৰ্ণ আৰু পেট বেয়া হোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এনে পৰিস্থিতিত হজম শক্তি দুৰ্বল হোৱাৰ বাবে যিকোনো খাদ্য হজম কৰাত অসুবিধা হ’ব পাৰে।

আয়ুৰ্বেদ বিশেষজ্ঞৰ মতে গৰমৰ দিনত পেটৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। বহু সময়ত খাদ্য খোৱাৰ ক্ষেত্ৰত অসাৱধানতাৰ বাবে খাদ্য বিষক্ৰিয়াৰ সমস্যাও দেখা দিয়ে। গতিকে খাদ্যত নিশ্চিতভাৱে দৈ অন্তৰ্ভুক্ত কৰক। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’বায়’টিক থাকে আৰু লগতে পেট শীতল কৰি ৰাখে। কিন্তু যদি আপুনি বাৰে বাৰে এচিডিটিৰ সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি কিছুমান আয়ুৰ্বেদিক টিপছ মানি চলিব পাৰে।

জিৰা আৰু ধনীয়া পানী

জিৰা আৰু ধনীয়া দুয়োবিধেই হজম শক্তি উন্নত কৰে। ইয়াৰ ফলত এচিডিটি হ্ৰাস পায়। এই দুবিধ মিহলাই পানী খালে পেট ঠাণ্ডা কৰে। কোষ্ঠকাঠিন্য, পেট ফুলা আৰু পেটৰ বিষৰ বাবেও ই অতি ফলপ্ৰসূ। ইয়াৰ বাবে এগিলাচ পানীত ১ চামুচ জিৰা আৰু ১ চামুচ ধনীয়া দি উতলাই লওক। তাৰ পিছত ঠাণ্ডা কৰি খাওক।

চফ আৰু ধনীয়া পানী

চফৰ শীতল প্ৰভাৱ থাকে। ই কেৱল পেটটো শীতল কৰি ৰখাই নহয়, মুখৰ দুৰ্গন্ধও আঁতৰায়। গেছ থাকিলে ধনীয়া আৰু চফৰ পানী খাব পাৰে। ইয়াৰ বাবে এচামুচ চফ আৰু ধনীয়া গুটি ভালদৰে মিহলাই উতলাই লওক। ঠাণ্ডা হোৱাৰ পিছত এই পানী খাব পাৰে।

নাৰিকলৰ পানী

এচিডিটি দূৰ কৰাত নাৰিকলৰ পানী অতি ফলপ্ৰসূ। ই পাচনতন্ত্ৰ ভালে ৰাখে। ইয়াৰ ফলত বিপাকীয় ক্ৰিয়াও দ্ৰুত হয়। ওজন কমাবলৈও নাৰিকল পানী অতি উপকাৰী বুলি গণ্য কৰা হয়। প্ৰতিদিনে এটাকৈ নাৰিকলৰ পানী খালে এচিডিটিৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।

আজৱাইন আৰু গুড়

আজৱাইনে পেটৰ এচিডিটি কমোৱাত সহায় কৰে। ইয়াক গুড়ৰ লগত খালে পেটত গেছ আৰু এচিডিটিৰ সমস্যা কমি যায়। ইয়াৰ বাবে ১ চামুচ আজৱাই আৰু গুড়ৰ সৰু টুকুৰা খাওক। ইয়াৰ দ্বাৰাও গেছৰ পৰা সোনকালে সকাহ পোৱা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...