আপোনাৰ এনে অভ্যাসেই হৈ পৰে নিজৰ শত্ৰু, বাধা দিয়ে টোপনিতঃ চাওক কি কৈছে বিশেষজ্ঞই

নিশা ভাল টোপনি নহাৰ বাবে অধিকাংশ লোকেই বৰ্তমান সময়ত সমস্যাত পৰিবলগা হৈছে। কিছু লোকৰ ক্ষেত্ৰত যদি নিশা টোপনি কম হয়, আন কিছু লোকৰ ক্ষেত্ৰত আকৌ নিশা টোপনিয়ে নাহে। এনে অভ্যাসৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত। পিছে নিশা ভালদৰে টোপনি নহাৰ আঁৰৰ কাৰণ কি!

আপোনাৰ এনে অভ্যাসেই হৈ পৰে নিজৰ শত্ৰু, বাধা দিয়ে টোপনিতঃ চাওক কি কৈছে বিশেষজ্ঞই

প্ৰতিনিধিত্বমূলক ছবি

Published: 

06 May 2025 22:10 PM

নিশা ভালদৰে টোপনি অহাটো ব্যক্তিৰ স্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয়। টোপনিয়ে আমাৰ সামগ্ৰিক স্বাস্থ্যত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। ভাল টোপনিয়ে ব্যক্তি এজনক দিনটো সতেজ আৰু শক্তিশালী কৰি ৰাখে। কিন্তু বৰ্তমান সময়ত অধিকাংশ লোকেই নিদ্ৰাহীনতাৰ সৈতে যুঁজ দিবলগা হৈছে। নিশা ভাল টোপনি নহাৰ বাবে অধিকাংশ লোকেই সমস্যাত পৰিবলগা হৈছে। কিছু লোকৰ ক্ষেত্ৰত যদি নিশা টোপনি কম হয়, আন কিছু লোকৰ ক্ষেত্ৰত আকৌ নিশা টোপনিয়ে নাহে। ইয়াৰ উপৰিও বাৰে বাৰে সাৰ পাই থকাৰ সমস্যায়েও আমনি কৰে একাংশক।

এনে অভ্যাসৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত। পিছে নিশা ভালদৰে টোপনি নহাৰ আঁৰৰ কাৰণ কি! এই বিষয়ে নাজানিলে আমি টোপনি নোহোৱা সমস্যাৰ পৰাও মুক্তি পাব নোৱাৰোঁ। গতিকে এই বিষয়ত বিশেষজ্ঞসকলে কি কয় চাওঁ আহক-

উন্নত খাদ্য আৰু ব্যায়ামৰ লগতে ভাল টোপনিও সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়। ভাল টোপনিয়ে শাৰীৰিকভাৱে শক্তিশালী কৰি ৰখাই নহয়, মগজুক সুস্থ কৰি ৰখাতো সহায় কৰে। যদি কোনোলোকৰ নিশা ভালদৰে টোপনি নহয়, তেতিয়া ইয়াৰ প্ৰভাৱ কম সময়ৰ ভিতৰতে তেওঁৰ শৰীৰ আৰু মনত দেখা যায়। ভাল টোপনি নহ’লে বহু ধৰণৰ ৰোগো হ’ব পাৰে। ইয়াৰ ভিতৰত হৃদৰোগ, মেদবহুলতা, ডায়েবেটিছ, বৃক্কৰ ৰোগ আৰু মগজুৰ লগত জড়িত ৰোগ আদিও থাকিব পাৰে।

মগজুৰ লগত জড়িত ৰোগসমূহৰ ভিতৰত এলঝেইমাৰ, ডিমেনচিয়া, উদ্বেগ, হতাশা আদি গুৰুতৰ সমস্যাই দেখা দিব পাৰে। যদি আপুনি এই সমস্যাসমূহ এৰাই চলিব বিচাৰে, তেতিয়া নিশা ভালদৰে টোপনি আহিব লাগিব। সফদাৰজং হাস্পতালৰ চিকিৎসক ডাঃ দীপক কুমাৰ সুমনে টোপনি ভাল নোহোৱাৰ চাৰিটা বিশেষ কাৰণৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত প্ৰথম কাৰণ হৈছে স্ক্ৰীণ।

মোবাইলৰ স্ক্ৰীণেই হওক বা লেপটপৰ স্ক্ৰীণেই হওক, দুয়োটাই ভাল টোপনিৰ ক্ষেত্ৰত প্ৰধান বাধা। মোবাইল ব্যৱহাৰ বা লেপটপত গভীৰ নিশালৈকে কাম কৰিলে টোপনিত ব্যাঘাত জন্মে। ইয়াৰ উপৰিও শুবলৈ যোৱাৰ পূৰ্বে পানী বা যিকোনো তৰল পদাৰ্থ পান কৰিলেও টোপনি বিঘ্নিত হয়। ইয়াৰ বাবে আপুনি প্ৰস্ৰাৱ কৰিবলৈ সঘনাই উঠিবলগীয়া হ’ব পাৰে।

ৰাতি গধুৰ খাদ্যয়ো ভাল টোপনিত বাধাৰ সৃষ্টি কৰে। শৰীৰত ভিটামিন ডিৰ অভাৱ আৰু প্ৰতিদিনে একে সময়তে শুবলৈ নোযোৱাটোৱেও ভাল টোপনিত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও টোপনিৰ বিকাৰ যেনে অনিদ্ৰা, শ্লিপ এপনিয়া আৰু ৰেষ্টলেছ লেগ চিনড্ৰম আদিও টোপনি নোহোৱাৰ প্ৰধান কাৰণ।

যদি আপোনাৰ টোপনিৰ লগত জড়িত কোনো ৰোগ নাই, তেতিয়া কিছু কথা মনত ৰাখিব লাগে। বিচনালৈ যোৱাৰ এঘণ্টা পূৰ্বে মোবাইল আৰু লেপটপ ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। নিশা বেছি গধুৰ আহাৰ খোৱা উচিত নহয়। তদুপৰি শুবলৈ যোৱাৰ পূৰ্বে বেছি পানী বা আন কোনো তৰল পদাৰ্থ খাব নালাগে। প্ৰতিদিনে একে সময়তে শুবলৈ চেষ্টা কৰক। দৈনন্দিন জীৱনত ব্যায়ামৰ অভাস গঢ়ি তুলিলেও ফল পাব।

দিনত শোৱাৰ অভ্যাস আছে নেকি? ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলায় জানক...
খাদ্যৰ সৈতে অতিৰিক্ত কেঁচা নিমখ খালে কি হ’ব পাৰে জানেনে? জানিলে আজিয়েই বাদ দিব এনে অভ্যাস
কেৱল কাহ নহয়, হাঁওফাঁওৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত এইসমূহ লক্ষণ দেখা যায়...
দশমীৰ পাছতেই কপাল ফুলিব এই ৩ ৰাশিৰ লোকৰ...