ইউৰিক এচিডৰ সমস্যাৰ পৰা ৰক্ষা পৰিব বিচাৰেনে? এই পাঁচবিধ ফলে আপোনাক দিব সকাহ
অধিক ইউৰিক এচিড উৎপন্ন হ’লে বা সঠিকভাৱে নিষ্কাশন নহলে ই শৰীৰত জমা হৈ গাউট, কিডনী ষ্ট’ন আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। এইক্ষেত্ৰত আপোনাৰ সহায় হ’ব পাৰে কেইবিধমান ফল।

প্ৰতিনিধিত্বমূলক ছবি
বৰ্তমান সময়ত এক অত্যন্ত চিন্তনীয় স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত ইউৰিক এচিডৰ সমস্যা অন্যতম। দেহত পিউৰিন নামৰ এবিধ পদাৰ্থ ভাঙিলে এই ইউৰিক এচিড উৎপন্ন হয়। এই পিউৰিন শৰীৰত প্ৰাকৃতিকভাৱে উৎপন্ন হয় আৰু কিছুমান খাদ্যতো পোৱা যায়। সাধাৰণতে ইউৰিক এচিড তেজত দ্ৰৱীভূত হৈ বৃক্কলৈ যায় আৰু প্ৰস্ৰাৱৰ সৈতে বাহিৰ হয়। কিন্তু অধিক ইউৰিক এচিড উৎপন্ন হ’লে বা সঠিকভাৱে নিষ্কাশন নহলে ই শৰীৰত জমা হৈ গাউট, কিডনী ষ্ট’ন আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে।
শৰীৰত ইউৰিক এচিডৰ পৰিমাণ নিয়ন্ত্ৰণৰ বাবে ঔষধৰ লগতে খাদ্যাভ্যাসো অত্যন্ত গুৰুত্বপূৰ্ণ। সঠিক খাদ্যাভ্যাসে দেহৰ আন সমস্যাৰ লগতে ইউৰিক এচিডৰ সমস্যাত আক্ৰান্ত হোৱাৰ পৰাও ৰক্ষা কৰে। বিশেষকৈ, কিছুমান ড্ৰাই ফ্ৰুটছে ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰে আৰু গাঁঠিৰ বিষ বা অন্যান্য সমস্যাৰ পৰা উপশম দিয়ে।
ইউৰিক এচিড হ্ৰাস কৰাত সহায় কৰা এনে কেইবিধমান ড্ৰাই ফ্ৰুটছৰ বিষয়ে জানো আহক-
১) আলমণ্ডঃ আলমণ্ডত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম আৰু প্ৰটিন থাকে। ই গাঁঠিৰ প্ৰদাহ কমোৱাত সহায় কৰে। ইয়াৰ উপৰিও আলমণ্ডত পিউৰিন কম থাকে, গতিকে ইউৰিক এচিড বেছি থকা লোকৰ বাবে ই নিৰাপদ। ইয়াৰ উপৰিও ই হাড়ৰ শক্তি বৃদ্ধি কৰে।
২) আখৰোটঃ আখৰোটত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। যি গাঁঠিৰ প্ৰদাহ আৰু জঠৰতা হ্ৰাস কৰাত সহায় কৰে। যিহেতু ইয়াত পিউৰিন কম থাকে, গতিকে অতিৰিক্ত ইউৰিক এচিড শৰীৰত উৎপন্ন নহয়।
৩) পিষ্টা বাদামঃ পিষ্টা বাদামত এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন বি ৬ থাকে, যি সামগ্ৰিকভাৱে গাঁঠিবোৰ সুস্থ কৰি ৰখাত সহায় কৰে। ই বৃক্কৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি ইউৰিক এচিড হ্ৰাস কৰে।
৪) কাজুঃ কাজুত স্বাস্থ্যকৰ চৰ্বি, মেগনেছিয়াম, জিংকৰ দৰে খনিজ পদাৰ্থ থাকে, যি গাঁঠিৰ নমনীয়তা বৃদ্ধি কৰে। যদিও কাজুত পিউৰিনৰ মাত্ৰা মধ্যমীয়া, তথাপি কম পৰিমাণে খালে ইউৰিক এচিডৰ বিপাকক্ৰিয়া উন্নত হয় আৰু প্ৰদাহ হ্ৰাস পায়।
৫) খেজুৰঃ খেজুৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যি ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখে আৰু ইউৰিক এচিড হ্ৰাস কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে গাঁঠিৰ কলাক অক্সিডেটিভ ক্ষতিৰ পৰা ৰক্ষা কৰে।