কেৱল নিশাহে দেখা যায় ইউৰিক এচিড বৃদ্ধিৰ এই ৪টা লক্ষণ, জানক কি কি?

আমাৰ দেহত সামান্য পৰিমাণৰ ইউৰিক এচিড থাকে। কাৰণ ই প্ৰাকৃতিকভাৱে গঠিত আৱৰ্জনা। কিন্তু ইয়াৰ পৰিমাণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে সমস্যাৰ সৃষ্টি হয়। কিন্তু নিশা দেখা পোৱা কিছুমান লক্ষণ (High Uric Acid Signs)ৰ সহায়ত ইয়াক চিনাক্ত কৰিব পাৰি।

কেৱল নিশাহে দেখা যায় ইউৰিক এচিড বৃদ্ধিৰ এই ৪টা লক্ষণ, জানক কি কি?

ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ

Updated On: 

10 Sep 2025 09:23 AM

ইউৰিক এচিড হৈছে আমাৰ শৰীৰত প্ৰাকৃতিকভাৱে গঠিত পেলনীয়া পদাৰ্থ। আচলতে পিউৰিনৰ ভাঙি যোৱাৰ ফলত ই গঠন হয় যদিও বৃক্কই ইয়াক ফিল্টাৰ কৰি উলিয়াই দিয়ে। কিন্তু কেতিয়াবা শৰীৰত ইয়াৰ পৰিমাণ বৃদ্ধি পায়, যাৰ বাবে শৰীৰত সমস্যা আৰম্ভ হয় (High Uric Acid Symptoms)।

আমোদজনক কথাটো হ’ল, উচ্চ ইউৰিক এচিডৰ কিছুমান বিশেষ লক্ষণে নিশা বা পুৱা সাৰ পোৱাৰ সময়ত অধিক আমনি কৰে। ৰাতি দেখা পোৱা ইয়াৰ লক্ষণবোৰক (High Uric Acid Symptoms at Night) একেবাৰে আওকাণ কৰিব নালাগে। ৰাতি ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণ দেখা দিয়ে জানো আহক…

গাঁঠিৰ তীব্ৰ বিষ

উচ্চ ইউৰিক এচিডৰ এই লক্ষণ, যিটো প্ৰায়ে ৰাতি তীব্ৰতৰ হৈ পৰে। ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰৰ গাঁঠিবোৰত, যেনে ভৰিৰ আঙুলিত (গোৰোহা, আঁঠু) স্ফটিকৰ ৰূপত জমা হয়। ইয়াৰ বাবেই হঠাতে গাঁঠিবোৰত চোকা অস্ত্ৰ , ছুৰীৰে আঘাত কৰা বিষ আৰম্ভ হয়। এই বিষ ইমানেই বেছি হ’ব পাৰে যে টোপনি ভাঙি যায় আৰু বিচনা চাদৰখন সামান্যতম স্পৰ্শ কৰিলেও অসহ্যকৰ যেন লাগে।

শুই থকাৰ সময়ত গাঁঠিবোৰ ফুলা আৰু জঠৰ হোৱা

বিষৰ লগতে গাঁঠিত ফুলা, ৰঙা পৰা আৰু গৰম হোৱা। গোটেই ৰাতি একে অৱস্থাতে পৰি থকাৰ বাবে গাঁঠিৰ তেজৰ সোঁততো প্ৰভাৱ পৰে আৰু জঠৰতা বাঢ়ি যায়। পুৱা সাৰ পোৱাৰ সময়ত ৰোগীয়ে গাঁঠিবোৰ লৰচৰ কৰাত বহুত অসুবিধা পায়। এই ফুলা আৰু জঠৰতা আঙুলি, হাতৰ গাঁঠি বা আঁঠুত স্পষ্টকৈ দেখা যায়।

সঘনাই প্ৰস্ৰাৱ কৰা

উচ্চ ইউৰিক এচিডৰ বৃক্কৰ লগত প্ৰত্যক্ষ সম্পৰ্ক আছে। যেতিয়া ইউৰিক এচিডৰ মাত্ৰা অত্যধিক বৃদ্ধি পায় তেতিয়া বৃক্কত অতিৰিক্ত চাপ পৰে। ইয়াক ফিল্টাৰ কৰি শৰীৰৰ পৰা আঁতৰাই পেলাবলৈ চেষ্টা কৰি থাকে। ইয়াৰ বাবেই ৰাতি সঘনাই প্ৰস্ৰাৱ কৰাৰ হেঁপাহৰ সৃষ্টি হয়। যদিও এই সময়ত প্ৰস্ৰাৱৰ পৰিমাণ কম হ’ব পাৰে, কিন্তু মূত্ৰাশয় সম্পূৰ্ণ খালী নহয় বুলি অনুভৱ হয়।

ৰাতি ঘাম আৰু অস্থিৰতা

শৰীৰৰ প্ৰদাহ আৰু অবিৰত বিষে শৰীৰৰ স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ বাবে বহু লোকে ৰাতি বহুত ঘাম ওলাব পাৰে বা কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ অস্থিৰতা আৰু অস্বস্তি অনুভৱ কৰিব পাৰে।

লগতে পঢ়ক: চুলি আৰু ছালৰ বাবে আশীৰ্বাদতকৈ কম নহয় এই ৫ বিধ মছলা, কিদৰে ব্যৱহাৰ কৰিব?

(অস্বীকাৰ: প্ৰবন্ধটোত উল্লেখ কৰা তথ্য আৰু পৰামৰ্শসমূহ কেৱল সাধাৰণ তথ্যৰ উদ্দেশ্যেহে আৰু ইয়াক পেছাদাৰী চিকিৎসা পৰামৰ্শ হিচাপে লোৱা উচিত নহয়। কিবা প্ৰশ্ন বা সমস্যা থাকিলে সদায় চিকিৎসকৰ পৰামৰ্শ ল’ব।)

অত্যধিক চুলি সৰিছে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা
ফ্ৰীজত কণী ৰখাৰ সময়ত নকৰিব এই ভুল! হ'ব স্বাস্থ্যৰ ক্ষতি...
গুপ্তাংগৰ খজুৱতি উঠিলে কি কৰিব? জানক সহজ ঘৰুৱা উপায়
সঘনাই মূৰৰ বিষ হৈ থাকে নেকি? তৎক্ষণাত উপশম পোৱাৰ উপায় জানক