পাকিস্তানী বিষয়াৰ সৈতে আছিল সু-সম্পৰ্ক! কিদৰে ভাৰতীয় সেনাৰ গোপন তথ্য সংগ্ৰহ কৰিছিল চোৰাংচোৱা জ্যোতিয়ে?

পাকিস্তানী চোৰাংচোৱা তথা ইউটিউবাৰ জ্যোতি মালহোত্ৰাক লৈ এক ডাঙৰ তথ্য পোহৰলৈ আহিছে। জ্যোতি নিজৰ সৰল মুখ আৰু আচৰণেৰে মানুহক ফান্দত পেলাইছিল আৰু তেওঁলোকৰ পৰাই কাম আদায় কৰিছিল। কম দৰমহা থকাৰ পিছতো তেওঁৰ বিলাসী জীৱনশৈলী আৰু পাকিস্তানী বিষয়াৰ সৈতে থকা যোগাযোগে তেওঁক সন্দেহৰ আৱৰ্তত পেলাইছিল। অপাৰেশ্যন সেন্দূৰৰ ভিজিলেন্সৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল জ্যোতিক।

পাকিস্তানী বিষয়াৰ সৈতে আছিল সু-সম্পৰ্ক! কিদৰে ভাৰতীয় সেনাৰ গোপন তথ্য সংগ্ৰহ কৰিছিল চোৰাংচোৱা জ্যোতিয়ে?

জ্যোতি মালহোত্ৰা

Updated On: 

18 May 2025 14:42 PM

সততে ব্যৱহাৰ কৰা এটা প্ৰবাদ আছে- মুখৰ আঁৰত আন এখন মুখ লুকাই থাকে। পাকিস্তানী চোৰাংচোৱা ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছে। তেওঁৰ সহজ-সৰল মুখখনে যিকোনো মানুহকে মন্ত্ৰমুগ্ধ কৰিব পাৰে। তেওঁৰ কথা কোৱাৰ শৈলী আৰু অভিব্যক্তি এনেকুৱা যে যিকোনো ব্যক্তিয়েই তেওঁৰ প্ৰেমত পৰিব। পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰি থাকোঁতে ইউটিউবাৰ জ্যোতি মালহোত্ৰাই নিজৰ মুখৰ সৰলতা আৰু অভিব্যক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিছিল। যাৰ পৰা তেওঁৰ লাভ হৈছিল।

হাৰিয়ানা আৰক্ষীৰ তথ্য অনুসৰি জ্যোতি পাকিস্তানী চোৰাংচোৱাৰ সৈতে জড়িত আছিল আৰু তেওঁৰ সকলো ভ্ৰমণৰ সিদ্ধান্ত পাকিস্তানী চোৰাংচোৱা সংস্থাই কৰিছিল। জ্যোতিৰ সৈতে পোনপটীয়াকৈ মোকাবিলা কৰিছিল পাকিস্তানী চোৰাংচোৱা অপাৰেটিভ (পিআইঅ’)ৰ জ্যেষ্ঠ বিষয়া ছাকিৰ ওৰফে ৰানা শ্বাহবাজে। ছাকিৰে জ্যোতি মালহোত্ৰাক টাস্ক দিছিল।

সেই কামটো জ্যোতিয়ে ভাৰতত থকা সহকৰ্মীসকলৰ সহায়ত সম্পূৰ্ণ কৰিছিল। জ্যোতিৰ মোবাইল ফোনটোৰ তদন্তত জানিব পৰা গৈছে যে আগতে তেওঁ এটা নম্বৰত বেছিকৈ কথা পাতিছিল। এই নম্বৰটো জাট ৰন্ধাৱা নামৰ এজন ব্যক্তিৰ আছিল। আৰক্ষীয়ে এই ব্যক্তিজনৰ বিষয়ে তদন্ত কৰিলে দেখা গ’ল যে এই জাট ৰন্ধাৱা আন কোনো নহয়, পাকিস্তানী চোৰাংচোৱাৰ এজন জ্যেষ্ঠ বিষয়া ছাকিৰ। ডিএছপি হিছাৰ কমলজীতে কয় যে ছাকিৰ নামটোৰ ওপৰত সন্দেহ উপজাৰ ভয়তে জ্যোতিয়ে তেওঁৰ নামটো জাট ৰন্ধাৱা বুলি চেভ কৰি ৰাখিছিল। জ্যোতিয়ে ছাকিৰৰ লগত হোৱাটছএপত কমকৈ আৰু স্নেপচ্যাট আৰু টেলিগ্ৰামত বেছিকৈ কথা পাতিছিল। এই দুই মাধ্যমৰ যোগেদিও তেওঁ ছাকিৰলৈ তথ্য প্ৰেৰণ কৰিছিল।

দিল্লীৰ পৰা আম্বালালৈকে আৰু লাহোৰৰ পৰা কৰাচীলৈকে জ্যোতিয়ে বহু বন্ধু বনাইছিল। তেওঁ প্ৰায়ে বিষয়াসকলৰ লগত ছুটীত গৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি জ্যোতিয়ে নিজে পূৰ্বে পাকিস্তান দূতাবাসৰ এজন বিষয়া ডেনিছক জালত পেলাই তেওঁৰ সহায়ত ভিছা লাভ কৰিছিল। পিছলৈ তেওঁ নিজেই ডেনিছৰ ফান্দত আবদ্ধ হৈ পৰাটো বেলেগ কথা। পাকিস্তান পোৱাৰ পাছত ডেনিছৰ সহায়ত তাত থকা চোৰাংচোৱা সংস্থাৰ বহু বিষয়াৰ সংস্পৰ্শলৈ আহিল।

কোৱা হৈছে যে জ্যোতিয়ে পাকিস্তানত এনেকুৱা আচৰণ দেখুৱাইছিল যে আনকি বিষয়াসকলেও তেওঁৰ পিছে পিছে ঘূৰি ফুৰিছিল। জ্যোতিৰ পিতৃ হৰিশ মালহোত্ৰাই নিজেই জনাইছে যে ২০২০ চনৰ আগতে দিল্লীত থাকি এটা সৰু প্ৰতিষ্ঠানত কাম কৰা জ্যোতিয়ে মাত্ৰ ২০ হাজাৰ টকাৰ দৰমহা পাইছিল। ইয়াৰ পিছতো তেওঁ ১২ হাজাৰ টকাত এটা ফ্লেট ভাড়া কৰি বিলাসী জীৱন কটালে। সেই সময়ত কেৱল তেওঁৰ ফ্লেটটোৰ বিদ্যুতৰ বিল আছিল চাৰি-পাঁচ হাজাৰ টকা। ইমান কম দৰমহা পোৱাৰ পিছতো তেওঁ প্ৰায়ে ডাঙৰ ডাঙৰ হোটেললৈ গৈছিল।

অপাৰেশ্যন সেন্দূৰৰ সময়ত অতি সক্ৰিয়  হৈ পৰিছিল ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহ । সূত্ৰৰ পৰা জানিব পৰা মতে, এই সময়ছোৱাত এটা বাৰ্তা ট্ৰেপ কৰা হয়। এই বাৰ্তা হিছাৰৰ পৰা পাকিস্তানলৈ প্ৰেৰণ কৰা হৈছিল। এই বাৰ্তা ডাম্প কৰাৰ পিছতে মিলিটাৰী ইনটেলিজেন্স জ্যোতি মালহোত্ৰাৰ ঘৰত উপস্থিত হয় আৰু তাৰ পিছত স্থানীয় আৰক্ষীৰ সহায়ত তেওঁক জিম্মাত লোৱা হয়। আনকি সেই সময়তো জ্যোতিৰ নিৰীহ মুখখন দেখি স্থানীয় আৰক্ষীয়ে তেওঁক পাকিস্তানী চোৰাংচোৱা বুলি মানি ল’বলৈ সাজু নাছিল যদিও মোবাইলৰ কল ডিটেইল, তাত পোৱা ফটো আৰু ভিডিঅ’বোৰ দেখাৰ পিছত, স্নেপচ্যাট আৰু টেলিগ্ৰামৰ মেছেজ চাই স্তম্ভিত হৈ পৰিছিল আৰক্ষী।

বৰ্তমান আৰক্ষীয়ে জ্যোতিক আদালতত হাজিৰ কৰাই অধিক জেৰাৰ বাবে পাঁচ দিনৰ জিম্মাত লৈছে। জ্যোতিৰ তথ্য আৰু চিনাক্তকৰণৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ সহযোগী আৰমানক নুহ মেৱাটৰ পৰা গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে আৰমানকো আদালতত হাজিৰ কৰাই ৬ দিনৰ ৰিমাণ্ডত লয়। একে ক্ৰমতে হাৰিয়ানাৰ পানীপাটৰ নোমন ইলাহি আৰু কৈথালৰ পৰা দেৱেন্দ্ৰ সিং ধিলোনকো গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকেইজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আৰক্ষীৰ তথ্য অনুসৰি জ্যোতিয়ে দেশৰ বিভিন্ন প্ৰান্তৰ সামৰিক ঘাটিসমূহ নিৰীক্ষণ কৰাৰ লগতে তাৰ পৰা চোৰাংচোৱা তথ্য সংগ্ৰহৰ দায়িত্ব নুহ মেৱাট জিলাৰ ৰজাকা গাঁৱৰ বাসিন্দা আৰমানক দিছিল।  আৰক্ষীয়ে তেওঁৰ মোবাইলৰ পৰা বহু ফটো, ভিডিঅ’ আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে। বেছিভাগ ফটো আৰু ভিডিঅ’ গুৰুগ্ৰাম আৰু অন্যান্য স্পৰ্শকাতৰ স্থানৰ অস্ত্ৰভাণ্ডাৰ ডিপোৰ সৈতে জড়িত। আৰক্ষীয়ে আৰ্মানৰ মোবাইল আৰু লেপটপ জব্দ কৰি ফৰেনছিক তদন্তৰ বাবে প্ৰেৰণ কৰিছে।

চোৰাংচোৱা হোৱাৰ কাহিনী পোহৰলৈ আহিল

ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ পিতৃ হৰিশ মালহোত্ৰাই নিজেই আচৰিত হৈছে যে তেওঁৰ কন্যা পাকিস্তানী চোৰাংচোৱা। তেওঁ কোনবোৰ দেশ ভ্ৰমণ কৰিছে সেইটোও নাজানে পিতৃয়ে। তেওঁ কয় যে, তেওঁ মাত্ৰ জানে যে জ্যোতিয়ে ভিডিঅ’ বনাই ইউটিউবত আপলোড কৰে। ইয়াৰ পৰাই তেওঁ টকা পায়। কিন্তু, ইউটিউবৰ পৰা জ্যোতিয়ে কিমান উপাৰ্জন কৰে তাকো নাজানে পিতৃয়ে। হৰিশ মালহোত্ৰাই জনোৱা মতে, জ্যোতিৰ মাতৃ লগত তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। বিবাহ বিচ্ছেদৰ পিছত জ্যোতিয়ে দিল্লীত থাকিবলৈ আৰু কাম কৰিবলৈ আৰম্ভ কৰে। লকডাউনৰ সময়ত চাকৰি এৰি ঘৰলৈ আহি তেতিয়াৰ পৰাই ভিডিঅ’ বনাই আহিছে। তেওঁৰ কন্যা নিৰ্দোষী বুলি কয় যদিও ভিডিঅ’টো বনোৱাৰ সময়ত পাকিস্তানী বিষয়াৰ সংস্পৰ্শলৈ আহিব পাৰে বুলি ভয় প্ৰকাশ কৰিছে।

শৰীৰত ভিটামিন ডিৰ অভাৱ দূৰ কৰিবলৈ এই তিনিবিধ খাদ্য গ্ৰহণ কৰক...
পৃথিৱীৰ সবাতোকৈ বিপদজনক ৬ টা ৰোগ কি কি জানেনে? জানক...
গ্ৰীষ্মকালতো চাইনাছে আমনি কৰিব পাৰে, এই সমস্যাৰ পৰা উপশম পাবলৈ কি কৰিব ?
আই পি এলত আন এক কৃতিত্ব অৰ্জনৰ দিশে বিৰাট কোহলী, প্ৰয়োজন মাত্ৰ এটা চাৰিৰ…