Tragic Incidents 2025: মৃত্যুদূতৰূপী ২০২৫! চাওক বছৰটোৰ ভয়ংকৰ, চকু সেমেকাই তোলা ঘটনাসমূহ…

Tragic Incidents 2025: ২০২৫ বৰ্ষটিত ভাৰত বহু কাৰণত চৰ্চাত থাকে। এই বছৰটিত বহু দুৰ্ভাগ্যজনক ঘটনাও সংঘটিত হয়। যিয়ে বহু লোকৰ প্ৰাণ কাঢ়ি নিয়ে। তেনে কেইটামান ঘটনা এই লেখাটোত উল্লেখ কৰা হ'ল।

Tragic Incidents 2025: মৃত্যুদূতৰূপী ২০২৫! চাওক বছৰটোৰ ভয়ংকৰ, চকু সেমেকাই তোলা ঘটনাসমূহ...

২০২৫'ৰ ভয়ংকৰ ঘটনা!

Updated On: 

31 Dec 2025 15:39 PM

মাজত মাত্ৰ কেইটামান ক্ষণ। এই সময়চোৱাত নতুন বছৰ ২০২৬ চনটোত আদৰিবলৈ প্ৰায় সকলো সাজু হৈছে। নতুন বুলিলে প্ৰায় সকলোৰে নিজা নিজা হেঁপাহ থাকে।  পিছে ২০২৫ বৰ্ষটি বহুতৰ বাবে স্মৰণীয় হব, এই বৰ্ষটিয়ে মানুহক সুখ দিছে যদিও বহু দুৰ্ভাগ্যও দেখাইছে। এই বৰ্ষটিত এনে কিছুমান ঘটনা সংঘটিত হৈছে যিয়ে বহু মানুহৰ প্ৰাণ কাঢ়িছে। ২০২৫ বৰ্ষটিৰ ভয়ংকৰ কেইটামান ঘটনা তলত উল্লেখ কৰা হল।

১/ মহাকুম্ভত পদপিষ্টৰ ঘটনাঃ ১৪৪ বছৰৰ পাছত ২০২৫ চনত প্ৰয়াগৰাজত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। য’ত কোটি কোটি লোকৰ সমাগম হৈছিল। কিন্তু তাৰ মাজতে  ২৮-২৯ জানুৱাৰী নিশা মহাকুম্ভত সংঘটিত হয় পদপিষ্টৰ ঘটনা। চৰকাৰী তথ্য অনুসৰি মহাকুম্ভত হোৱা পদপিষ্টৰ ঘটনাত ক’মেও ৩৫ জন লোকৰ মৃত্যু হয়। অনানুষ্ঠানিকভাৱে ইয়াৰ সংখ্যা প্ৰায় ৭০ জন।

২) দিল্লী ৰে’লৱে ষ্টেচনত পদপিষ্টৰ ঘটনাঃ মহাকুম্ভৰ ঘটনাৰ প্ৰায় দুসপ্তাৰ পাছত ১৫ ফেব্ৰুৱাৰীত দিল্লী ৰে’লৱে ষ্টেচনতো পদপিষ্টৰ ঘটনা সংঘটিত হয়। কুম্ভ মেলালৈ যাবলৈ দিল্লী ৰে’লৱে ষ্টেচনত তীৰ্থযাত্ৰীৰ বিপুল ভিৰ আছিল। পিছে ভুল ঘোষণাৰ বাবে পদপিষ্টৰ ঘটনা সংঘটিত হয়। য’ত ১৪গৰাকী মহিলা আৰু ৩টা শিশুকে ধৰি মুঠ ১৮জন লোকৰ মৃত্যু হয়। সেইদিনটোতে প্ৰয়াগৰাজত এখন বাছ আৰু এছ ইউ ভিৰ সংঘৰ্ষত ১০ জন লোকৰ মৃত্যু হয়। আটাইকেইজন কুম্ভ মেলালৈ গৈ আছিল।

৩)পহলগাম সন্ত্ৰাসবাদী আক্ৰমণঃ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হয় ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি হত্যালীলা চলাইছিল। য’ত ২৬ চন নিৰীহ লোকৰ মৃত্যু হৈছিল।

৪)গুজৰাট অগ্নিকাণ্ডঃ ১ এপ্ৰিলত গুজৰাটৰ এটা ফটকা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ডত ১৭ জন শ্ৰমিকৰ মৃত্যু হৈছিল।

৫)চত্তীশগড় ৰে’ল দুৰ্ঘটনাঃ চলিত বৰ্ষৰ ৪ নৱেম্বৰত ছত্তীশগড়ৰ বিলাসপুৰ ৰে’ল ষ্টেচনৰ সমীপত এখন মালবাহী ট্ৰেইনৰ সৈতে সংঘৰ্ষ হৈছিল এখন যাত্ৰীবাহী ৰে’লৰ। য’ত ক’মেও ১১জন লোকৰ মৃত্যু হৈছিল।

৬) বেংগালুৰুত পদপিষ্টৰ ঘটনাঃ আই পি এলৰ উদযাপন শোকলৈ পৰিণত হয়। আৰ চি বিয়ে এইবাৰ আই পি এলত জয়ী হৈছিল।  যোৱা ৪ জুনত বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত আৰচিবিৰ বিজয় উদযাপনৰ আয়োজন কৰা হৈছিল যদিও বিপুল জনসমাগমৰ হেঁচাত ১১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৭ জন আহত হয়।

৭) এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ চলিত বৰ্ষৰ আটাইতকৈ অভিশপ্ত দুৰ্ঘটনাটো আছিল এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা। যোৱা ১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে ৰাওনা হৈছিল এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখন। উৰণৰ কেইছেকেণ্ডমান পিছতে এই বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ফলত বিমানখনত থকা ২৪২জন যাত্ৰীৰ আটাইকেইজন যাত্ৰী নিহত হয়। বিমানখন খুন্দা মৰা হোষ্টেলৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰো মৃত্যু হয়।

৮) বিজয়ৰ ৰেলীত পদপিষ্টৰ ঘটনাঃ ২৭ ছেপ্টেম্বৰত তামিলনাডুৰ কাৰুৰত অভিনেতা তথা ৰাজনীতিবিদ বিজয়ে ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। বিজয় প্ৰায় সাত ঘণ্টা পলমকৈ আহি পাইছিল। সেই সময়ত পদপিষ্টৰ ঘটনাত ৪১ জনৰ মৃত্যু হোৱাৰ লগতে ১০০ ৰো অধিক আহত হয়।

৯)গুজৰাটৰ গম্ভীৰা দলং ভঙাঃ চলিত বৰ্ষৰ ৯ জুলাইত গুজৰাটৰ গম্ভীৰা দলং ভাঙি পৰে।  যাৰ ফলত ২২ জন লোকৰ মৃত্যু। বহু আহত হয়।

১০) গোৱা নাইট ক্লাবত অগ্নিকাণ্ডঃ ৬ ডিচেম্বৰত গোৱাৰ বাৰ্চ বাই ৰোমিঅ’ লেন নাইট ক্লাবত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জন লোক আহত হয়।

 

অন্য খবৰ পঢ়কঃ অক্ষয় খান্না নহয়! ২০২৫ চনৰ সবাতোকৈ দামী খলনায়ক কোন?

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...