Year Ender 2025: মহাকুম্ভৰ পৰা অপাৰেচন সেন্দূৰলৈকে, স্মৰণীয় হৈ ৰ’ল ২০২৫ বৰ্ষ…এবাৰ উভতি চাওঁ আহক
কেতিয়াবা যদি দেশাবাসীয়ে গৌৰৱ অনুভৱ কৰিছিল, আকৌ কেতিয়াবা চকুলো টুকিছিল। এইদৰে বছৰটোৰ পাৰ কৰিলে দেশবাসীয়ে। ২০২৬ বৰ্ষ আৰম্ভ কৰাৰ আগতে ২০২৫ চনটোক এবাৰ উভতি চাওঁ আহক।

পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া। চাওঁতে চাওঁতে ইতিহাস হ’ল ২০২৫ চনটো। নতুন আশা আৰু পৰিকল্পনাৰে ২০২৬ চনটোক আদৰিবলৈ সাজু হৈছে দেশবাসী। কিন্তু ২০২৫ চনটো দেশবাসীৰ বাবে আছিল বৰ্ণময়। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ ৰ’ল এই ২০২৫ চনটো। কেতিয়াবা যদি দেশাবাসীয়ে গৌৰৱ অনুভৱ কৰিছিল, আকৌ কেতিয়াবা চকুলো টুকিছিল। এইদৰে বছৰটোৰ পাৰ কৰিলে দেশবাসীয়ে। ২০২৬ বৰ্ষ আৰম্ভ কৰাৰ আগতে ২০২৫ চনটোক এবাৰ উভতি চাওঁ আহক।
মহাকুম্ভ-
চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰয়াগৰাজত অনুষ্ঠিত হৈছিল মহাকুম্ভ। ১৩ জানুৱাৰী পৌষ পূৰ্ণিমাৰ পৰা আৰম্ভ হোৱা এই মহাকুম্ভ মেলা ২৬ ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি পৰ্যন্ত চলিছিল। ১৪৪ বছৰৰ ব্যৱধানৰ পিছত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। এই উপলক্ষে প্ৰয়াগৰাজৰ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলী ত্ৰিবেনীত পবিত্ৰ স্নানৰ আয়োজন কৰা হয়। ভাৰত আৰু বহিঃৰাজ্যৰ পৰা প্ৰায় ৬৬ কোটি লোক আহিছিল কুম্ভ স্নান কৰিবলৈ। এই মহাকুম্ভতো পদপৃষ্টৰ দৰে ঘটনা সংঘটিত হৈছিল, কমেও ৩০-৩৫ জন লোকৰ মৃত্যু হৈছিল।
পেহেলগাম আক্ৰমণ
চলিত বৰ্ষৰ আটাইতকৈ ভয়ানক আৰু নিন্দনীয় সন্ত্ৰাসবাদী আক্ৰমণ হৈছে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ। ২২ এপ্ৰিলত পেহেলগামৰ বৈসাৰণ উপত্যকাত পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত ২৮জন পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে ২০জনতকৈ অধিক লোক আহত হয়।
অপাৰেচন সেন্দূৰ
পেহেলগাম আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে। জইছ-ই-মহম্মদৰ ঘাটিত এয়াৰ ষ্টাইক চলাই ভাৰতে । ৬-৭ মে’ৰ নিশা চলোৱা ভাৰতীয় বায়ুসেনাৰ এই অভিযানক অপাৰেচন সেন্দূৰ নামেৰে নামাকৰণ কৰা হৈছিল। পাকিস্তানক স্পষ্ট কৰি দিয়া হৈছিল যে, ভাৰতে আৰু সন্ত্ৰাসবাদ সহ্য নকৰে।
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনা
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাক এই বছৰৰ আটাইতকৈ অভিশপ্ত দুৰ্ঘটনা বুলি ক’ব পাৰি। ১২ জুনত এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল। উৰণৰ কেইছেকেণ্ডমান পিছতে মেঘানিনগৰৰ মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰে। ফলত বিমানখনত থকা ২৪২ জন যাত্ৰীৰ মৃত্যু হয়। সৌভাগ্যক্ৰমে বিশ্ব কুমাৰ ৰমেশ নামৰ এজন যাত্ৰীহে ৰক্ষা পৰে। হোষ্টেলৰ ১৯ গৰাকী শিক্ষাৰ্থীৰ মৃত্যু হয়। পিছত তদন্তত জানিব পৰা গৈছিল যে, বিমানখন উৰণৰ পিছতে ইঞ্জিনৰ ইন্ধনৰ চুইচ অফ হৈ গৈছিল, যাৰ বাবে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।
ভাৰত-আমেৰিকাৰ উত্তেজনা
এইবাৰ ভাৰত আৰু আমেৰিকাৰ কূটনৈতিক সম্পৰ্কতো এক অদ্ভুত উত্তেজনাৰ সৃষ্টি হয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰথমে ভাৰতৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ পিছত ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ সময়ত ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰে আমেৰিকাই।
বৈষ্ণো দেৱীত ভূমিস্খলন
আগষ্ট মাহত অবিৰত বৰষুণৰ ফলত বৈষ্ণো দেৱীত ভূমিস্খলন সংঘটিত হয়। এই দুৰ্যোগত কমেও ৩৪ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু আৰু বহু লোক আহত হয়। সেই সময়ত বৈষ্ণো দেৱী যাত্ৰা সাময়িকভাৱে স্থগিত ৰখা হয়।
পঞ্জাৱ-হিমাচল প্ৰদেশ-উত্তৰাখণ্ডত ভূমিস্খলন আৰু বান
এইবাৰ দেশৰ কেইবাখনো ৰাজ্য ভয়ংকৰ ভূমিস্খলন আৰু বানৰ ফলত ক্ষতিগ্ৰস্ত হয়। এফালে পঞ্জাৱৰ ২৩খন জিলাৰ ১৯০০খন গাঁও বানত ডুব যোৱাৰ ফলত ৫০ জন লোকৰ মৃত্যু হয়। হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডতো ধাৰাসাৰ বৰষুণৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয়। গাঁও আৰু ৰাস্তা-ঘাটৰ বিস্তৰ ক্ষতিসাধন হয় ।
দিল্লীৰ লালকিল্লা বিস্ফোৰণ
১০ নৱেম্বৰত দিল্লীৰ লালকিল্লাৰ সন্মুখত এক শক্তিশালী বিস্ফোৰণ সংঘটিত হয়। এই বিস্ফোৰণত ১১ জন লোকৰ মৃত্যু আৰু বহু লোক আহত হয়। তদন্তত এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰৰ কথা পোহৰলৈ আহে। উদ্ধাৰ হয় ২৯০০ কেজি বিস্ফোৰক।
ইণ্ডিগো বিমান সেৱা ব্যাঘাত
বছৰৰ শেষৰ মাহৰ আৰম্ভণিতে ইণ্ডিগোৰ বিমান সেৱা বন্ধ হৈ পৰে। ৮ দিন ধৰি চৰম বিমান সংকটৰ সৃষ্টি হৈছিল, প্ৰতিদিনে শ শ বিমান বাতিল হৈছিল। মুঠতে ৫ হাজাৰৰো অধিক বিমান বাতিল কৰা হয়।