অৰুণাচলৰ লোভ সামৰা নাই ৰঙা চীনে, ২০৪৯ চনৰ ভিতৰত বৃহত্তৰ চীন নিৰ্মাণৰ সপোন জিনপিঙৰ

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ২০৪৯ চনৰ ভিতৰত এখন বৃহত্তৰ চীন গঢ়ি তোলাৰ সপোন দেখিছে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় পেন্টাগনৰ এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে এই পৰিকল্পনাৰ অংশ হিচাপে চীনে এতিয়া ভাৰতৰ অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰিছে। ইয়াৰ ফলত ভাৰতত উদ্বেগৰ সৃষ্টি হৈছে।

অৰুণাচলৰ লোভ সামৰা নাই ৰঙা চীনে, ২০৪৯ চনৰ ভিতৰত বৃহত্তৰ চীন নিৰ্মাণৰ সপোন জিনপিঙৰ

বৃহত্তৰ চীন নিৰ্মাণৰ সপোন জিনপিঙৰ

Published: 

24 Dec 2025 15:31 PM

ভাৰতৰ উত্তৰ-পূবৰ ওপৰত যে কেৱল বাংলাদেশেই চকু দিছে তেনে নহয়। বিগত সময়ছোৱাত চীনেও উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ নিজৰ দখললৈ নিয়াৰ চেষ্টা চলাই আহিছে। অৰুণাচলৰ বহুকেইটা অঞ্চলৰ নাম মাণ্ডাৰিণ ভাষাত নামকৰণ কৰি মানচিত্ৰও প্ৰস্তুত কৰিছিল চীনে। ১৯৬২ ৰ চীনা যুদ্ধৰ সময়ত অসমৰ তেজপুৰ পৰ্যন্ত আগুৱাই আহিছিল ৰঙা চীন। এতিয়াও অৰুণাচল দখলৰ আশা যেন বাদ দিয়া নাই চীনে।

চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ২০৪৯ চনৰ ভিতৰত এখন বৃহত্তৰ চীন গঢ়ি তোলাৰ সপোন দেখিছে। আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰালয় পেন্টাগনৰ এক নতুন প্ৰতিবেদনত দাবী কৰা হৈছে যে এই পৰিকল্পনাৰ অংশ হিচাপে চীনে এতিয়া ভাৰতৰ অৰুণাচল প্ৰদেশক নিজৰ ভূখণ্ডৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰিছে। ইয়াৰ ফলত ভাৰতত উদ্বেগৰ সৃষ্টি হৈছে।

বেইজিঙে স্পষ্টভাৱে বিশ্বাস কৰে যে এই ভূখণ্ডসমূহৰ ওপৰত তেওঁলোকৰ দাবী চূড়ান্ত আৰু আলোচনাৰ কোনো স্থান নাই। পেন্টাগনৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চীনে নিজৰ মূল স্বাৰ্থৰ তালিকা যথেষ্ট বৃদ্ধি কৰি টাইৱান, দক্ষিণ চীন সাগৰ, জাপানৰ সৈতে ছেনকাকু দ্বীপপুঞ্জ আৰু বৰ্তমান ভাৰতৰ অৰুণাচল প্ৰদেশক অন্তৰ্ভুক্ত কৰিছে।

২০৪৯ চনৰ ভিতৰত বৃহত্তৰ চীন গঢ়ি তোলাৰ লক্ষ্য

আমেৰিকাৰ এক প্ৰতিবেদন অনুসৰি চীনে বিশ্বাস কৰে যে এই সকলোবোৰ অঞ্চল নিজৰ নিয়ন্ত্ৰণলৈ নানিলে ২০৪৯ চনৰ ভিতৰত শক্তিশালী আৰু বৃহত্তৰ চীন লাভ কৰিব নোৱাৰে। যাৰ বাবে চীনে এই ক্ষেত্ৰসমূহত অতি দৃঢ় স্থিতি গ্ৰহণ কৰিছে আৰু পিছুৱাই যাবলৈ ইচ্ছুক নহয়। পেন্টাগনে কয় যে এই কাৰণেই চীনে বাৰে বাৰে ভাৰত আৰু অন্যান্য চুবুৰীয়া দেশৰ সৈতে সীমান্ত আৰু ভূখণ্ডৰ বিবাদত জড়িত হৈ পৰে। অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ শেহতীয়া দাবী এই বৃহত্তৰ পৰিকল্পনাৰ অংশ হিচাপে বিবেচিত হৈছে।

চীনৰ তিনিটা আপোচবিহীন স্বাৰ্থ

প্ৰতিবেদন অনুসৰি চীনে তিনিটা মূল স্বাৰ্থ চিনাক্ত কৰিছে যাৰ ওপৰত আপোচ নকৰে: চীন কমিউনিষ্ট পাৰ্টিৰ নিয়ন্ত্ৰণ, অৰ্থনৈতিক বিকাশ আৰু স্থিতিশীলতা, আৰু ভূখণ্ডৰ দাবীৰ প্ৰতিৰক্ষা আৰু সম্প্ৰসাৰণ। এই স্বাৰ্থসমূহৰ প্ৰতি যিকোনো প্ৰত্যাহ্বানক চীনে নিজৰ ক্ষমতা আৰু বৈধতাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি হিচাপে লয়। পেন্টাগনৰ প্ৰতিবেদনত কোৱা হৈছে যে CCP-এ হংকং, জিনজিয়াং, তিব্বত, আৰু টাইৱানৰ বিৰোধী কণ্ঠক বিচ্ছিন্নতাবাদী আৰু বিদেশী শক্তিৰ পৰা অনুপ্ৰাণিত বুলি অভিহিত কৰিছে। চীনৰ মতে এই কণ্ঠবোৰে ইয়াৰ ক্ষমতাৰ প্ৰতি এক অগ্ৰাহ্য ভাবুকি কঢ়িয়াই আনিছে।

ভাৰত-চীন সীমান্তত ডি-এস্কেলেচন, কিন্তু বিশ্বাস অমীমাংসিত হৈ আছে

প্ৰতিবেদনত আৰু কোৱা হৈছে যে ২০২৪ চনৰ অক্টোবৰ মাহত এল এ চিৰ কাষৰীয়া ঘৰ্ষণ বিন্দুসমূহৰ পৰা ভাৰত আৰু চীনে আঁতৰি আহিবলৈ সন্মত হৈছিল। ইয়াৰ পিছত ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত মাহেকীয়া উচ্চ পৰ্যায়ৰ আলোচনা, প্ৰত্যক্ষ বিমান সেৱা, ভিছাৰ সুবিধা, শৈক্ষিক আৰু সংবাদ মাধ্যমৰ আদান-প্ৰদান আদিৰ ওপৰত আলোচনা হয়।

পেন্টাগনে বিশ্বাস কৰে যে চীনে এল এ চিৰ কাষত উত্তেজনা হ্ৰাস কৰি ভাৰত-আমেৰিকাৰ সম্পৰ্ক গভীৰ হোৱাত বাধা দিব বিচাৰিছে। চীনৰ উদ্দেশ্যৰ প্ৰতি ভাৰত সতৰ্ক হৈ আছে যদিও প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে পাৰস্পৰিক অনাস্থা আৰু দীৰ্ঘদিনীয়া বিবাদৰ বাবে ভাৰত-চীনৰ সম্পৰ্কত সীমিত উন্নতিহে সম্ভৱ।

দৈনিক ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ ওলাই নেকি?
শীতকালত চুগাৰ বৃদ্ধি কৰে এই ৫ খাদ্যই! জানক সকলো...
এই সমস্যা থকা লোকে ভুলতো খাব নালাগে অমিতা! জানক...
হঠাৎ ৰক্তচাপ বৃদ্ধি হ'লে কি কৰিব? জানক...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা